একত্ৰিছ ডিচেম্বৰ
চন্দনা ভাগৱতী
ভাৱনাৰ ঢৌ লাগি কঁপি থকা বুকুৰ পৰা শব্দবোৰ কেতিয়াবা নিঃশব্দ হয়, ভাবনাবোৰ অগতানুগতিক দুৰ্ভাবনা হৈ চিন্তাৰ আঁতডাল হেৰাই যায়।
বছৰটোৰ শেষ দিন। প্ৰেম, শান্তি, সুখ-দুখ অভিমান অভিযোগৰ অনুৰণন ঘটিছে দেৱৰাজৰ সৰু কোঠালীটোত। আন্দোলিত হৃদয়ৰ চাকনৈয়াত জীৱনৰ স্বৰলিপিৰ ৰোমন্থন। দিপুৰ মতে, বেদনাই ভাৰাক্ৰান্ত কৰা এনেকুৱা এটা অৱস্থাত মধুময় ছন্দ যেন বিবৰ্ণ, অৰ্থহীন-!
অৰ্ণৱে তিনিটা গিলাচ আৰু এটা সুৰাৰ বটল কোঠাটোত থকা সৰু টেবুলখনতে থলে আৰু ক’লে--চা, ভাইহ’ত আজি বছৰটোৰ শেষ দিন।প্ৰথমতে এপেগ এপেগ দি ল। তাৰ পিছত কথাৰ বৰষুণ নমাবি। তহতৰ কথাৰ বৰষুণ নামিলে হুৰহুৰকৈ নামে। বৰষুণৰ মাত্ৰা নকমেহে নকমে। হয়, পেগ লোৱাটো সিঁহতৰ এটা অযুহাতহে। কথাৰ মহলা মাৰিব পৰাটোৱেই আচলতে সিঁহতৰ প্ৰধান নিচা।অৰ্ণৱে ৰাজনীতি, সমাজনীতি আদিৰ কথাত ইমানকৈ ভাগ লৈ ভাল নাপায়। সি কলা বিভাগৰ ছাত্ৰ। তাৰ মতে, আজিৰ পৃথিৱীখন তাৰ পৰা বহুত দূৰত। নিজৰ ইচ্ছামতে তাক সলাব নোৱাৰে। সমসাময়িক পাৰিপাৰ্শ্বিক অৱস্থাই তাক যেনেদৰে পৰিবেশ সৃষ্টি কৰি দিব সি সেইমতেই চলিব লাগিব বুলি ভাবে। পৰিস্থিতিকে জগৰীয়া কৰি সি এইবাৰ পুনৰ A.P.S.C. পৰীক্ষা দিবলৈ সাজু হৈছে। তাৰ মতে যেন নিজস্ব ৰুচি অভিৰুচিৰে জীৱনটো যাপন কৰিবলৈ আজিৰ পৰিবেশত সি অসমৰ্থ। তথাপি, যিমান দূৰলৈ পাৰে সি যত্নৰ ক্ৰুটি নকৰে। কোনোমতে দিন হাজিৰা কৰি চলি থকা মাক-দেউতাকে তাক চাকৰি কিনিবলৈ পইছা দিব নোৱাৰাতো তাৰ বাবে দুৰ্ভাগ্য বুলিও সি নাভাবে। তাৰ বাবে চৰকাৰী ব্যৱস্থাটোকে সি জগৰীয়া কৰিব বিচাৰে। প্ৰশাসন বিভাগত কেনেবাকৈ সোমাব পাৰিলে সি ভাবে এই গোটেই ব্যৱস্থাটোকে সি সলনি কৰি দিব।
চিয়েৰ্চ...চিয়েৰ্চ... চিয়েৰ্চ...
সৰু কোঠাটোত হাঁহিৰ ঢৌ এটা বাগৰি গ’ল। দিপুৱে অৰ্থাৎ দিপাংকৰে এঢোক মাৰি ক’লে— জীৱনৰ অধিকাংশ সময় চাগে মানুহে পাৰ হৈ যোৱা সময়ক লৈয়ে ব্যস্ত থাকে। আগলৈ যি সকলে চাব জানে সেই সকলৰ কাৰণে পৃথিৱীখন এটা ধুনীয়া...কবিতা।’
তাৰ এনেকুৱা দাৰ্শনিক যেন লগা কথাবোৰ শুনাৰ লগে লগে অৰ্ণৱ, দেৱৰাজহঁতে হাঁহে।সি আজি ব্যৰ্থ প্ৰেমৰ কথা পাতিব। লক্ষ্যহীন জীৱনৰ কথা ক’ব।
লাহে লাহে কেওটাকে সুৰাৰ গোলাপী নিচাই আচ্ছন্ন কৰিব ধৰিলে।
: ঐ দিপু, তোৰ নিহাৰিকাজনী ক’ত হেৰাল পিছে-? দেৱৰাজে সুধিলে--
: ধুৰ,জ্বলা জুইত ঘি ঢালিবলৈ আহিছ।
: তই নাজন নেকি-?এই ব’হাগতে তাইৰ বিয়া।
: অ’ সেইবাবেই আজি তোক অলপ বেলেগ লাগিছে।
: পিছে, ভালেই হৈছে দে। মোৰ লগত তাইৰ জীৱনটো ধ্বংসহে হ’লহেতেন...-! এতিয়া সকলো ঠিক হৈ যাব।
এটা দীঘলীয়া হুমুনিয়াহ এৰিলে দিপুৱে।ভাল পাইছিলোঁ তাইক। বাৰু সেই চব বাদ দে....
বহুত হৈ গ’ল। এতিয়াৰ পৰা এইবোৰ ছেপ্টাৰ খতম। তলা মাৰি তাৰ চাবিপাত পেলাই দিছোঁ বুলি সি হাতদুখন ওপৰলৈ দি এপাক ঘূৰাই দিয়ে।
: হুম...ঠিকেই। এইচবৰ লগত টাইম বৰবাদ কৰি লাভ নাই। আমি আমাৰ লাইনত লাগিব লাগে বে—। অৰ্ণৱে চিগাৰেট এটা জ্বলাই দিপুক দি ক’লে।
: নহয় অ’- ফটকে কিবাকিবি হৈ যায়। ধৰিবই নোৱাৰোঁ। দোকানলৈ অহা ছোৱালীবোৰ দেখিলে মই অলপ পাতল হও। মোৰেই দোষ। পাছত অৱশ্যেই পস্তাও। মোৰ নিচিনা বেকাৰটোলৈ আচলতে কোননো আহিব-? এখন সাধাৰণ কিতাপ কাগজৰ দোকানেৰে মানুহৰ সম্পূৰ্ণ অভাৱ মাৰিব নোৱাৰি। ছেঃ পঢ়া-শুনাবোৰ এনেই কৰিলোঁ।
দিপাংকৰে আৰু অন্য কিবা কোৱাৰ আগতেই অৰ্ণৱে গিলাচ কেইটাত অকন অকন সুৰা বাকি দিলে। এতিয়াৰ পৰা কামৰ ধাণ্ডা কৰিব লাগে ঐ...। তোৰ এইখন দোকানেৰে এনেদৰে চলিব নোৱাৰিবি। অন্য এটা ভাল কামৰ বাবে মাথা মাৰ বুলি ইমানপৰে মৌন হৈ বহি থকা দেৱজিতে বিচনাখনৰ পৰা উঠি আহি সিঁহতক যেন নতুনকৈ কৰিব লগা কামৰ প্ৰতি সজাগ কৰি দিলে।
: মাথাটো ক’ত মাৰিবি-? য’তেই যাৱ ত’তেই এসোপামান দুৰ্নীতিৰ জাৱৰ। এই নগৰৰ অলিয়ে পদূলিয়ে জমা হৈ থকা জাৱৰ-জোঁথৰবোৰৰ দৰেই কদৰ্য হৈ পৰা মানুহৰ মনবোৰোতো এসোপা জাৱৰ।
জীৱন ধাৰণৰ সীমিত সুবিধাৰ মাজতো জাক জাক মানুহ জীয়াই থাকে বুলি এনেই কয়, আচলতে তেওঁলোক জীয়াই নাথাকে, জীয়াই থকাৰ অভিনয় কৰে এই নগৰত! গাঁওবোৰত কামৰো আকাল, ভাতৰো আকাল। এই অভাব-অনাটনৰ বাবেইটো মানুহ নগৰমুখী হয়, কিন্তু অহাৰ পাছত নগৰত কি পায় ? যান্ত্ৰিকতা, সংকীৰ্ণতা, জোৰা-টাপলি মৰা সংসাৰত সুখী হোৱাৰ অভিনয় কৰা মানুহবোৰে হেৰুৱাই পেলায় গাঁৱলীয়া জীৱনৰ সৰলতা আৰু উদাৰতা। আৰু তই যে অনবৰতে কৈ থাক প্ৰশাসনিক বিষয়া হ’ব পাৰিলে অমুকটো কৰিম তমুকটো কৰিম। এইখন দেশত সেইচব নেচেল।
: অৱশ্যে তই কোৱা কথাখিনি নহোৱা নহয়।
: মই ঠিকেই কৈছোঁ। ফালিবি...ফালিবি। ব্যংগাত্মক সুৰ দিপাংকৰৰ মুখত।
: হয়। তই হ’ক কথাকেই কৈছ। অতীতত অপৰাধ আৰু সমাজবিৰোধী শক্তিসমূহ সীমিত আছিল বাবে সেইবোৰ সহজেই প্ৰতিৰোধ কৰিব পৰা গৈছিল।
: এতিয়া নোৱাৰ...। একোডাল কৰিব নোৱাৰ। দুনিয়া কোনোবাদিনাই সলনি হৈ গৈছে। তই, মই এনেকৈ আদ্দা দিয়াৰ বাহিৰে একোৱেই কৰিব নোৱাৰিম চাগে-! আজিৰ দুনিয়াত কোনো মানুহৰ জীৱনৰেই নিৰাপত্তা নাই। আৰু ইয়াৰ মুখ্য কাৰণ কি জান-? অপৰাধমূলক কাৰ্য আৰু ৰাজনীতিৰ মাজত গঢ়ি উঠা যোগসূত্ৰ। সেইবাবেই প্ৰশাসন আৰু আইনৰ সু-ব্যৱস্থাৰে শৃংখলিত সমাজ এখনত বাস কৰা আমিবোৰে নিৰাপত্তাহীনতাত ভূগিব লগা হৈছে। মৃত্যুদণ্ডৰ লেখীয়া শাস্তি প্ৰৱৰ্ত্তন কৰি অথবা আৰক্ষীৰ ক্ষমতা বৃদ্ধি আদিৰ জৰিয়তে সমাজ এখনৰ শান্তি শৃংখলা বজাই ৰাখিব নোৱাৰি। এটা কথা কি জান, অপৰাধীসকলে প্ৰভাৱশালী ৰাজনীতিকৰ ছত্ৰছায়াত থাকি কিমান যে অপৰাধমূলক কাম কৰি আছে। এফালৰ পৰা গাব লাগিলে মোৰ আজিৰ ৰাতিটোত শেষেই নহ’ব। এটা কথা ঠিক ইয়াত কেৱল ৰাজনীতিকসকলেহে যে দুৰ্নীতি কৰিছে এনে নহয়, সকলো পৰ্যায়ৰ প্ৰশাসনিক বিষয়াও দুৰ্নীতিত নিমজ্জিত হৈ আছে। তথাপি ক’চোন,-পাৰিবি জানো এম.পি., এম.এল.এ. ফাণ্ডৰ দুৰ্নীতি বোৰ দেখিও তই সাহসেৰে প্ৰতিবাদ কৰিবলৈ--? পাৰিবি জানো, আঁছনিবোৰৰ নামত চলি থকা দুৰ্নীতিবোৰ ৰোধ কৰিবলৈ-?
মাৰ্কেট ৰেটৰ লগত কোনো সামনজস্য নথকাকৈ কিমান ঠিকাদাৰে যে কন্ষ্ট্ৰাকচনৰ কাম কৰি অগাধ সম্পত্তিৰ মালিক হৈছ। সু-উচ্চ অট্টালিকা গঢ়ি চকুৰ পচাৰতে ধনী হৈছে। অথচ, আমিবোৰে এই সকলোবোৰ দেখিও নেদেখাৰ ভাও জুৰিব লগা হৈছে। ক, তই অকলে এইবোৰৰ বিৰূদ্ধে সাহসেৰে যুঁজ দিবলৈ পাৰিবি-? হুস-! সময়ত গৈ তয়ো একেই হ’বি। আৰু এয়াই আজিৰ সময়ৰ নিয়ম। একেলগে বহুত কথাই কৈ গ’ল দিপাংকৰে। এটা দীঘলকৈ হুমুনিয়াহ এৰি দি অৰ্ণৱে হাতত লৈ থকা পেকেটটোৰ পৰা এটা চিগাৰেট উলিয়াই তাত অগ্নি সংযোগ কৰিলে।
দিপুৱে পুনৰ কৈ যায়-’ আচলতে পৃথিৱীত মোৰ চৌপাশে অনবৰতে দেখি থকা এনে ঘটনাবোৰে মোক তৰোৱাল এখনেৰে আঘাট কৰাৰ দৰে মোৰ কলিজা যেন নেফানেফ কৰে। অথচ মই একো কৰিব নোৱাৰোঁ। চৌদিশৰ অন্ধকাৰ আৰু যন্ত্ৰণাৰ হাহাকাৰৰ মাজত মই কেনেকৈ স্ফুৰ্টি কৰিব পাৰোঁ-! ক’চোন-?
কি কাৰণত আমি এই পৃথিৱীত আছোঁ-? হিংসাৰ পৃথিৱীখনত কাকো কোনেও আঘাট নকৰাকৈ, শত্ৰুতা নকৰাকৈ এই পৃথিৱীত কিয় সুখৰ সম্ভৱ নহয়-?’ তাৰ ইতিমধ্যে দুটামান পেগ লোৱা হ’ল।
: ঐ অৰ্ণব তাক আৰু নিদিবি।পেগৰ আৰম্ভণি হোৱাৰ লগে লগেই তাৰো আৰম্ভ হৈ গ’ল। বছৰৰ শেষ দিনটোত অকনমান আনন্দ-স্ফুৰ্টি কৰিব এৰি তাৰ এই আঁঠুৰ মাজত কপাল গুজি আত্মৰতি কৰি থকা বাৰেবিংকৰা ট্ৰেজেদি কথাবোৰ শুনিব নোখোজো দেই বুলি কৈ দুৱাৰখন বন্ধ কৰি থৈ আহিল দেৱৰাজে।
বিগত বছৰটোৰ টুকুৰা টুকুৰা ঘটনা কিছুমানে দেৱৰাজৰ মন দাপোনতো অহৰহ নিজৰ উপস্থিতি জাহিৰ কৰিবলৈ প্ৰচেষ্টা চলাইছে।
: সঁচাই বিচিত্ৰ এই হৃদয় বোলা বস্তুটো। পেকেটৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল'লে দেৱৰাজে।
: সময় স্থবিৰ হৈ যাওক, দেৱৰাজে ভাবে–
যেতিয়া তাই তাৰ চকুলৈ চায়।
: তাইৰ আয়তাকাৰ মোহনীয় চকুহালত কি এক গভীৰ আবেদন আছে নাজানো। কিন্তু সেই চকুহালেই মোৰ হৃদয়ত প্ৰতি ৰাতি, প্ৰতি দিনে দোলা দি যায় সংগোপনে।
– বাস্তৱ আৰু কল্পনাক একাকাৰ কৰি সি কেৱল ঘোল পকাই থাকে। মাজে মাজে সি লিখে। প্ৰেমৰ কবিতা লিখে। তাৰ সৃষ্টিৰ প্ৰেৰণাই যে অঞ্জনাৰ চকুযুৰি। অঞ্জন লগোৱা অঞ্জনাৰ চকুত চকু থোৱা দৃষ্টিয়ে তাক বহুত কিবা কিবি দিয়ে।উৎসাহিত কৰে। শব্দৰ উৎসই প্ৰেম নহয় জানোঁ-? সি তাইৰ বাবেই লিখে। বহুত কবিতা লিখিলে। অথচ, আজি অতদিনে তাইক এষাৰি মাত দিবলৈ সাহস কৰিব নোৱাৰিলে। সি কেৱল শব্দৰ সতেই কথা পাতিছে।
সিও কিবা এটা চৰকাৰী সংস্থানৰ কথা ভাবি আছে। কিন্তু, বাতৰিকাকতবোৰ পঢ়িলেই তাৰ গাৰ নোমবোৰ শিয়ৰি উঠে। একালৰ শান্তিপূৰ্ণ অসম আজি বোধহয় আটাইতকৈ অশান্তিপূৰ্ণ। ঘোষ-ঘাষ নিদিয়াকৈ ক’তো এটা সুবিধা কৰিব নোৱাৰে যে সি খাতাং। কিন্তু ঘোষ দিবই বা কেনেকৈ-? জীৱনটোক জীয়াই ৰাখিছে যে কেনেবাকৈ।
মাকে কয় তাক, বাপেৰৰ আৰু কিমান খাবি-?নিজাকৈ কিবা এটা কৰ। – মগজুটো তাৰ গৰম উঠি আহে। মানসিক ভাবে সি ভাগি পৰিছে।সি উপলব্ধি কৰিছে, শব্দবোৰেও যেন আজি কিছুদিনৰ পৰা তাৰ লগ নিদিয়া হৈছে।
: শব্দৰ নিংসগতাই নিৰ্বাক কৰিব পাৰেনে-? কিয় নাজানো সপোনেও যেন মোক বিশ্বাসঘাটকতা কৰিব লৈছে। অঞ্জনা আমাৰ ঘৰৰ সন্মুখেৰে কেবাদিনো অহা নাই অ’--
: আৰে বাবা চন্দ্ৰলৈ হাত মেলিছ কিয়-?তাই কৌৰপতিৰ ছোৱালী। আৰু তই----?
: কি দেখে সি জানো-? দিপুৱে কোৱা কথাখিনিৰ মাজত তীব্ৰ শ্লেষ মিশ্ৰিত হৈ আছিল। ঐ-তেনে ধুনীয়া ছোৱালী বহুত পাবি। দীঘলকৈ এটা উশাহ টানি মনৰ পৰা জোকাৰি নমায় দে তোৰ এই বোজা।
– অলপ সময় কোঠাটোত নীৰৱতা।
দিপাংকৰে কোঠাটোৰ চিলিঙত ঘূৰি থকা ফেনখনলৈ চাই ক’লে– মোৰ জীৱনটো এই ফেনখনৰ দৰেই হৈছে। এইফেনখনৰো ৰেগুলেটৰটোৱে কাম নিদিয়া বাবে সি একত দিলে যিমান লাহে লাহে ঘূৰে পাঁচত দিলেও তেনেকৈয়ে ঘূৰে। ফেনখনে যেনেদৰে মাজে এটা শব্দ কৰি নিজৰ অস্তিত্ব জাহিৰ কৰে, মোৰ জীৱনতো তেনেদৰে মোৰ সাময়িক অৱস্থিতিয়ে মোৰ অস্তিত্ব জাহিৰ কৰে। জীয়াই থাকিবলৈ চলিব লাগে বাবেই চলি আছোঁ।
দিপাংকৰ, অৰ্ণৱ আৰু দেৱৰাজ তিনিও বন্ধু আজি বছৰটোৰ শেষদিনটো উদযাপন কৰো বুলিয়ে লগ লাগিছে।
ক্ৰমান্বয়ে নিশা গভীৰ হৈ আহিল। সুৰাত মগন ভয়াল ৰাতি, পাখি মেলি আহে বতাহ এচাটি— অৰ্ণৱৰ মুখত এইবাৰ বেসুৰা সংগীত।
এন্ধাৰে আহি গোটেই পৃথিৱীখনকে সাবটি ধৰিলে। হঠাৎ শেষ নিশা জাৰ জাৰ অনুভৱ কৰিলে সিঁহতে। কাপোৰ এখন বিচাৰি ল'বলৈও মন নগ'ল সিঁহতৰ। তিনিওটাই কুঁচি-মুচি একেখন বিচনাতে টোপনীৰ আবেশত ঢলি পৰিল। হঠাতে দিপাংকৰৰ মুখত কবিতাৰ দৰে কিবাকিবি সংলাপ--ঐ দেবু, ঐ অংকু চাচোন, আকাশখন দেখোন নাই। তললৈও চাইছোঁ– আমি থিয় দি আছো কেৱল শূন্যতাত। পৃথিৱীখন নাই। সকলো যেন এক ৰহস্যৰ আৱৰ্ত্তত। দেৱৰাজে চকামকাকৈ সাৰ পাই উঠি বহিল। অৰ্ণৱ আৰু দিপংকৰৰ গাত তেতিয়া তত নাই। দেৱৰাজে টুথ ব্ৰাছডালত পেষ্ট লগাই বাহিৰলৈ ওলাই আহিল। সি লক্ষ্য কৰিলে–
অন্যদিনত কাউৰীৰ কোৰ্হালতে পাটি এৰি পৰুৱাৰ দৰে লানি নিচিগাকৈ ইপিনৰ পৰা সিপিনলৈ দৌৰি ফুৰা মানুহ জাক আজি নাই। গোটেই চহৰখন ৰাতিপুৱাতে ক্ৰমাৎ ৰহস্যৰ আচ্ছাদনত ঢাক খাইছে। বাটে-পথে কোনো মানুহৰ দেখা দেখিয়েই নাই, আনকি নাই দেখা চিটিবাছবোৰো। অন্তহীন ব্যস্ততা বুকুত লৈ তৃতীয় প্ৰহৰতে সাৰ পোৱা এই চহৰ আজি আচৰ্যকৰভাৱে নিৰৱ! দেৱৰাজে মুখখন বাহিৰত থকা টিউবেলৰ পানীৰে ধুই ভিতৰলৈ আহিল আৰু মোবাইল চেলটোৰ পৰ্দাখনত চকু দিলে, সময় তেতিয়া ৰাতিপুৱাৰ দহ বাজিছিল। অথচ, এই চহৰত যেন মৃত্যুৰ নিৰৱ শোকসভাহে বহিছিল।
দৰাচলতে, এন্ধাৰৰ কঠিন পৰিধিয়ে আৱৰা এটি প্ৰাচীন নিশাৰ মৃত্যু হ’ল। কঢ়িয়াই আনিছে অপাৰ্থিৱ আনন্দৰ ঐকতান সংগীত, আৰম্ভণি এটি নতুন পুৱা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment