Nébíngké Lupénam সম্পাদকীয়.....
মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আঃয়ে লৃগাং
তপন লাল
অসমৰ শান্তিপ্ৰিয় জনগোষ্ঠী মিচিংসকল সাংস্কৃতিকভাৱে অতি চহকী। মিচিং সকলৰ জীৱন-ধাৰণৰ পদ্ধতি আন আন জনগোষ্ঠীতকৈ কিছু পৃথক। তেওঁলোক কৃষিৰ সৈতে গভীৰভাৱে জড়িত, আৰু তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতিৰ অন্যতম মূল অংশ হ’ল কৃষি উৎসৱ। ইয়াৰ ভিতৰত বৈশিষ্ট্যপূৰ্ণ উৎসৱ হ’ল ‘আলি আঃয়ে লৃগাং’, যাক মিচিং সকলৰ প্ৰধান কৃষিভিত্তিক উৎসৱ বা জাতীয় উৎসৱ বুলি কোৱা হয়।
কৃষি কাৰ্য শুভাৰম্ভ কৰা উপলক্ষে মিচিংসকলে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আঃয়ে লৃগাং উদযাপন কৰে। বুধবাৰ দিনটোক (মিচিং ভাষাত লৃগাং লঙৗ) মিচিংসকলে পৱিত্ৰ বা মাংগলিক দিন হিচাপে বিশ্বাস কৰে। সেয়ে এই পৱিত্ৰ দিনটোতে কৃষিজীৱি মিচিং সকলে তেঁওলোকৰ কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধি আৰু পৃথিৱীক শস্য শ্যামলা কৰি তোলাৰ কামনাৰ্থে পৰমেশ্বৰক প্ৰাৰ্থনা জনাই বসন্তৰ আগমনত এই উৎসৱ পালন কৰে।
মিচিংসকলৰ আলি আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি। আলি, আঃয়ে আৰু লৃগাং। ‘আলি’ মানে মাটিৰ তলত হোৱা বীজ, ‘আঃয়ে’ মানে গছৰ ফল বা গুটি আৰু ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হ’ল শস্য সিঁচাৰ প্ৰথম দিন বা বীজ-গুটি ৰোপণ কাৰ্য আৰম্ভ কৰাৰ প্ৰথম দিন। সেয়েহে এই উৎসৱক কৃষিভিত্তিক উৎসৱ আখ্যা দিয়া হয়। আলি আঃয়ে লৃগাঙক চমুকৈ ‘লৃগাং’ বুলিও জনা যায়।
পূৰ্বে ফাগুন, চ’ত মাহৰ কোনো এটা দিনত নিজা গাঁৱৰ ৰাইজৰ সুবিধা অনুযায়ী আলি আঃয়ে লৃগাং উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনৰ পৰাহে আলি আঃয়ে লৃগাং উৎসৱটি ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবলৈ স্থিৰ কৰা হয়। এই উৎসৱ উদযাপনৰ বাবে প্ৰায় এমাহ আগৰে পৰা প্ৰস্তুতি চলোৱা দেখা যায়। আলি আঃয়ে লৃগাঙৰ দিনা মিচিংসকলে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি এক আনন্দৰ পৰিৱেশেৰে উৎসৱৰ দিনটো পালন কৰে।
লৃগাঙৰ দিনা পুৱাতে পৰম্পৰাগত ৰীতি নিয়মেৰে ঘৰৰ মূৰব্বীজনে পূব কোণত পথাৰ মাটি এডোখৰ বা বাৰীৰ মাটি এডোখৰ কোৰ মাৰি জাবৰ-জোঁথৰ আঁতৰাই মাটিবোৰ গুড়ি কৰি শস্য সিঁচাৰ বাবে উপযোগী কৰি তোলে আৰু চাৰিকোণত চাৰিজোপা পিঃৰ (মেগেলা) গছ গুজি দিয়ে।
ঘৰৰ মুৰব্বীৰ লগত ঘৰৰ গৃহিণীয়ে যতনাই অনা আপঙৰ সীহ, কপাহ ইত্যাদিবোৰ যথাস্থানত সন্তৰ্পণে দি সেই নিৰ্দিষ্ট মাটিডৰাত ধান আৰু ফলমূলৰ কঠীয়াখিনি সিঁচিবলৈ আৰম্ভ কৰে। ইয়াকে মিচিং ভাষাত ‘লৃগ্গদ’ বুলি কোৱা হয়। মিচিং সকলে প্ৰায়বিলাক মাংগলিক উৎসৱ, সকাম আদিত পিঃৰ (মেগেলা) গছপাতক মাংগলিক চিন হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকে পিঃৰ (মেগেলা) গছক পৱিত্ৰ প্ৰতীক ৰূপে বিশ্বাস কৰে।
কঠীয়া সিঁচা বা ৰোপন কৰা সময়ত গৃহস্থই ইষ্ট দেৱতা দঃঞি পঃল (সূৰ্য্য-চন্দ্ৰ) আৰু চেঃদি-মেঃল (উপৰি-পুৰুষ) ক সাক্ষী কৰি এনে ধৰণে প্ৰাৰ্থনা কৰে – ‘হে’ সূৰ্য-চন্দ্ৰ, সৃষ্টিকৰ্তা, চেঃদি-মেঃল, বসুমতী আই, লখিমী আই, বিজুলী-ঢেৰেকণি, বতাহ-বৰষুণ, পোক-পৰুৱা তোমালোক আটাইকে সাক্ষী কৰি আজি লৃগাঙৰ দিনা আমি বীজ-গুটি ৰোপণৰ কাৰ্য আৰম্ভ কৰিছোঁহক, তোমালোকে খেতি-পথাৰৰ মংগল কৰিবাহক। শস্য অনিষ্টকাৰীৰ পৰা খেতি ৰক্ষা কৰিবাহক। দুখীয়া-মাগনীয়াৰ বাবেও এভাগ পাবলৈ দিবাহক। যোৱা বছৰতকৈ এইবছৰ বেছি পাবলৈ দিবাহক।’ এইদৰে ‘লৃগ্গদ’ বা মাংগলিক কাম সম্পন্ন কৰাৰ পাছত গৃহস্থই ঘৰলৈ আহে আৰু ঘৰৰ জুহালৰ চাৰিকোণত আৰু জাকিৰ ঠেংবোৰতো লৃগাঙৰ বাবে প্ৰস্তুত কৰা উপাদানবোৰৰ আপং আৰু পুৰাং আপিনৰ কিয়দংশ উপৰিপুৰুষসকলক স্মৰণ কৰি আগবঢ়ায় আৰু ঘৰখনৰ লগতে খেতি পথাৰৰ কুশল মঙ্গলাৰ্থে আশীৰ্বাদ বিচাৰে আৰু ভোজ-ভাত আৰু আপং (পৰম্পৰাগত পানীয়) আদি খাদ্যৰে আপ্যায়ন পৰ্ব আৰম্ভ কৰে।
আলি আঃয়ে লৃগাঙৰ দিনা প্ৰতি ঘৰতে পুৰাং আপিন (কৌপাতত বৰা চাউল বান্ধি সিজোৱা ভাত), পঃৰ আপং (ছাই মদ) ৰ লগতে মাছ, মাংস আৰু নামচিং (শুকুৱা মাছৰ গুড়ি) ব্যৱহাৰ কৰা হয়। সেইবোৰ ব্যৱহাৰ কৰাৰ বিশেষ তাৎপৰ্যটো হ’ল - চলিত বছৰতকৈ আগন্তুক বছৰটো যাতে খাদ্য সামগ্ৰী প্ৰাচুৰ্য্যৰে ভৰপূৰ হৈ পৰে। সেই দিনা গৃহস্থই মৃত পূৰ্বপুৰুষ আজু ককাসকলক স্মৰণ কৰি জলপিণ্ড আগবঢ়ায় আৰু আশীৰ্বাদ কামনা কৰে। তেওঁলোকে মৃত পূৰ্বপুৰুষ সকলৰ সন্তুষ্টিতহে জীৱন্ত মানুহৰ মঙ্গল সাধন হয় বুলি বিশ্বাস কৰে।
লৃগাং আৰম্ভ হোৱাৰ দুই তিনি দিনমান আগতে লৃগাঙৰ বাবে মাছ মাংস বিচাৰি গাঁৱৰ ৰাইজে একত্ৰিতভাৱে (কিঃৰুগ ৰুগনাম) চিকাৰ কৰাটো মিচিংসকলৰ মূল প্ৰথা আছিল যদিও আজিকালি সেই প্ৰথা উঠি গৈছে। অৱশ্যে নৈপৰীয়া মিচিং সকলে আলি আঃয়ে লৃগাঙৰ বিশেষ ভোজন আয়োজনৰ বাবে কিছু কিছু গাঁৱৰ ৰাইজে দুই-তিনি মাহ পূৰ্বে গাঁৱৰ কাষৰ বিলখনত জেং পাতি মাছ মাৰি ৰাজহুৱা ভোজ-ভাত খোৱাৰ প্ৰথা আজিও পৰিলক্ষিত। লৃগাঙৰ দিনা প্ৰতি ঘৰে ঘৰে গৈ ভোজন কৰে। সেই ভোজন কৰা প্ৰথাক ‘লৃগাং খোৱা’ বুলি জনা যায়। গৰখীয়া ল’ৰা ছোৱালীবোৰে ঘৰে ঘৰে গৈ পুৰাং আপিন খাই ফুৰে। চাং ঘৰৰ পৰা নামি অহাৰ আগতে একলগে অহা ল’ৰা ছোৱালীবোৰে “লঃদৃম দপাঃ তৃঃপাঃলা, মিৰৗম ৰৗমনা দুংকাঃলাঃকা (প্ৰতিবছৰে খাব পৰাকৈ/খোৱাব পৰাকৈ সামৰ্থ্য হোৱাৰ লগতে ধনী হ’ব পৰাকৈ সামৰ্থ্য দিয়ক বুলি আশীৰ্বাদ দি যায়। কিছুমান গাঁৱত পুৰাং সংগ্ৰহ কৰি পিছদিনা প্ৰীতি ভোজন কৰে। জ্যেষ্ঠ আৰু বয়স্ক সকলেও গাঁৱৰ ঘৰে ঘৰে গৈ আপং আৰু পুৰাং খাই দিনটো অতিবাহিত কৰে। গৰখীয়া ল’ৰা ছোৱালীক কেৱল পুৰাং দিয়ে। আপং দিয়াৰ নিয়ম নাই। লৃগাঙৰ দিনা কোনোৱেই নিজৰ বাবে কোনোধৰণৰ কাম-বন নাৰাখে। নিজৰ প্ৰাণৰ উৎসৱটি উলাহেৰে পালন কৰি উপভোগ কৰে।
আলি আঃয়ে লৃগাঙৰ নিশা ডেকা-গাভৰুৱে মিলি প্ৰতি ঘৰে গুমৰাগ চঃমান (গুমৰাগ নৃত্য) বা লৃগাং চঃমান (লৃগাং নৃত্য) কৰে। লৃগাং নৃত্যত ডেকা গাভৰুৰ পৰা আদি কৰি বুঢ়া-বুঢ়ী, বিবাহিতা অবিবাহিতা সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। গুমৰাগ চঃমানৰ শেষত গৃহস্থই নৃত্য দলৰ পৰা আশিস বিচাৰে আৰু দলৰ হৈ এজনে দঃঞি পঃল (সূৰ্য্য-চন্দ্ৰ) আৰু চেঃদি-মেঃল (উপৰি-পুৰুষ) ক সাক্ষী কৰি আশীৰ্বাদ দিয়ে। আশীৰ্বাদ দিওঁতে ‘অৃৰৰই’ শব্দটো ব্যৱহাৰ কৰা দেখা যায়। এইটো লৃগাঙৰ এক পৰম্পৰাগত নীতি।
আলি আঃয়ে লৃগাঙত গীততকৈ নৃত্যৰ প্ৰাধান্য অধিক। সেইদিনা ভালেমান নৃত্যশৈলী আৰু ঢোলৰ চেও পৰিৱেশন কৰা হয়। লৃগাঙৰ প্ৰতিটো নৃত্যতেই বিশেষ তাৎপৰ্য আৰু স্বকীয় বৈশিষ্ট্য আছে। লৃগাং নৃত্যত মিচিং জনজীৱনৰ জীৱন শৈলীৰ আচল স্বৰূপটো নৃত্যৰ দ্বাৰা প্ৰকাশ কৰা হয়। ইয়াৰ দ্বাৰাই সহজে অনুমেয় যে প্ৰকৃতাৰ্থতেই মিচিংসকল কৃষিজীৱী। হয়তো নৃত্যৰ যোগেদি এটা জনগোষ্ঠীৰ জীৱনশৈলী প্ৰকাশ কৰিব পৰাটো সমগ্ৰ বিশ্বতেই বিৰল আৰু ব্যতিক্ৰম। লৃগাং নৃত্যত পুৰুষসকলৰ চিকাৰ কৰা, মাছ মৰা, ধনু কাঁড় মৰা, নাও বোৱা আৰু মহিলাসকলৰ তাঁত-বোৱা, ধান সিঁচা, খেতি ডৰাৰ জাবৰ গুচোৱা, ধান কটা আদি দৃশ্যবোৰ নৃত্যৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।
কৃষিজীৱি মিচিং সকলৰ স্বকীয় সাংস্কৃতিক ঐতিহ্যসমূহ নৃত্যৰ যোগেদি প্ৰকাশ কৰিব পৰাটো এক গৌৰৱৰ বিষয়। আলি আঃয়ে লৃগাং উৎসৱত মিচিং জনগোষ্ঠীৰ আধ্যাত্মিকতা, সংস্কৃতি, পৰম্পৰা, কৃষিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু প্ৰকৃতি প্ৰেম আৰু জীৱনশৈলীৰ এক সুন্দৰ ছবি প্ৰকাশ পায়। আলি আঃয়ে লৃগাং মিচিং সকলৰ বাবে কেৱল কৃষিভিত্তিক জাতীয় উৎসৱেই নহয় ই মিচিং জনজীৱনৰ আয়ুস ৰেখা। লৃগাঙৰ জৰিয়তে মিচিংসকলে নিজৰ হাজাৰ বছৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যক নতুন প্ৰজন্মলৈ আগবঢ়াই দিয়াৰ লগতে তেওঁলোকৰ মনত নিজৰ ইতিহাসৰ প্ৰতি গভীৰ শ্ৰদ্ধা জগাই তুলিবলৈ সক্ষম হৈছে।
এই ঐতিহ্য ৰক্ষা কৰিবলৈ হ’লে সকলোৱে হিংসা-বিদ্বেষ পৰিহাৰ কৰি একত্ৰিতভাৱে পৰম্পৰা ৰীতি নীতিৰে উদযাপন কৰাৰ লগতে সময়ৰ আহ্বানক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ডিজিটেল সংৰক্ষণৰো ব্যৱস্থা কৰিব লাগিব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
লৃগাং হওঁক সম্প্ৰীতিৰ উৎসৱ
ReplyDeleteলৃগাং হওঁক শস্য শ্যমলা খেতি দৰাৰ প্ৰতীক
লৃগাং হওঁক সংস্কৃতিৰ সাঁকো
লৃগাং হওঁক মনোবল স্বভিমানৰ বাহক।