উত্তৰপুৰুষ
হৰেকৃষ্ণ ডেকা
উদং ফেৰেঙনিৰ ক্ৰচত পূৰ্ণিমাৰ জোন। যেন এখন ছবি।
জোনাকত লাওখোলাৰ দৰে জিলিকে ঘৰৰ মূধচবোৰ।
সিহঁত যায় নে আহে? সিহঁতৰ গোৰোহাত উৰে ৰঙা পৰুৱাৰ ধূলি
শুনো হঠাৎ জয়োল্লাস। মুকলি আকাশত।
চৰাইবোৰৰ দৰে আনন্দত উৰি যায় গুলীবোৰ।
মই ভাবোঁ মই মোৰ দাস, কেৱল সিহঁতৰ সঙ্গীনে
খুচি লৈ আহে তেজত লুতুৰি সিহঁতৰ দিনবোৰ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment