অইনিঃতমৰ দেশ
প্ৰবীণ কুমাৰ মিলি
খণ্ড - ৭
মাৰকালিয়ে বহুত দিনৰ মূৰত ঐপুলিক দেখি একপ্ৰকাৰ আৱেগ-বিহ্বল হৈ পৰিছে। তেওঁ কি কৰোঁ নকৰোঁ কৰি ধোঁৱা চাঙৰ চালনিত দি শুকাই থোৱা লম্বা দিনচান এটুকুৰা উলিয়াই চোকা মিতদাটোৰ গাদিটো পিঠিফালে কৰি ওপৰফালৰ চোকা ধাৰটোত ৰেপি ৰেপি সমান জোখত কাটি উলিয়াই খৰিকাত সী জুহালৰ জলন্ত জুইত তাপ দি পুৰিব ধৰিলে। ইফালে, বেৰৰ চুক আৰু ওপৰৰ বাংকুঙত ওলমাই বন্ধা শংকু আকৃতিৰ তাঃচুকৰ পৰা যেন কুলু কুলুককৈ ছাইৰঙী পঃৰ আপঙৰ নিজৰা ব'বলৈ ধৰিছে। ইয়াৰ সাতসৰী সুৰৰ ছন্দে ছন্দে কাম্পতি আৰু ঐপুলিয়ে কথাৰ মহলা পাতি অতীতৰ ৰমনীয় অথচ কঠিন প্ৰদেশত প্ৰৱেশ কৰিছে। একপ্ৰকাৰ এইপৰ্যন্ত মাৰকালিয়ে দুয়ো বান্ধৱীৰ ওচৰত অস্তিত্বহীন পদাৰ্থৰ দৰেই অৱহেলিত হৈ আছে। তাৰ সুখ-শান্তিৰ কথা এতিয়া তেনেই তলসৰা পাত। কেৱল কথা আৰু কথা, লগত যেনিবা গাভৰু দিনৰ হাঁহিৰ জোৱাৰ।
‘আজন, আমাৰ দিনত এখন চিঠিৰ বাবে
অপেক্ষা এটা মধুৰ ক্ষণ নাছিলনে?’
‘মধুৰ ক্ষণেই নহয় অ' আজন তাতোকৈয়ো যদি
আৰু বেছি উপমা লগাব পাৰে, তেনেকুৱাই
আছিল বুলিয়েই মই ভাবোঁ।’ পুনৰ দুয়োৰে প্ৰচণ্ড হাঁহি। হাঁহিত যেন স্বৰ্গীয় জ্যোতি নিগৰিছে।
ক্ষণিকে ক্ষণিকে বিষয়-বস্তুৰ সাল-সলনি কৰি দুয়োগৰাকীয়ে বেলেগ বেলেগ বিষয়-বস্তু নিৰ্বাচন কৰি বৰ বৰ ৰহন লগাই, কথা কোৱাত তামাম পাকৈত। ঐপুলিয়ে কৈ উঠিল-
‘আজন, জাৰানদৈ বাইৰ মৰা কিমান দিন হ’ল?
একদম, ঘুণাক্ষৰেও মৰাৰ খবৰ নাপালোঁহে ! কি
যেঘৰ। খবৰ এটাওটৌ দিব পায়? আচ্ছা,
ৰুককুমৰ কি খবৰ?’ কাম্পতিৰ সহজ উত্তৰ-
‘বুঢ়ী মৰাৰ সময়ত আহিছিলগৈ, মিপাগ ছোৱালী
বিয়া পাতি, দক্ষিণফালৰ কোনোবা গাঁৱত
ঘৰজোঁৱাই হৈ আছে বুলি শুনিছো।’
‘ৰুককুমৰ কথা মনত পৰিলেই,
জাৰানদৈ বাইৰ কথা এষাৰ মোৰ খুউব মনত
পৰি হাঁহি উঠে।’
‘কি কথা?’
‘তয়ো ৰুককুমৰ দৰেই, নিজৰ ভাষাত কথা
ক’ব নজনাৰ দৰে কথা নক'বিচোন।’ কথাটো শুনাৰ লগে লগেই কাম্পতি ঢেকঢেকাই হাঁহি উঠিল। হাঁহি হাঁহি কাম্পতিয়ে ক’লে-
‘এই যে মাকে তামোল-পান কিনি দে
বোলোতে, নিজৰ ভাষাটো নাজানি’ ইয়েচ,
আই এম কিনিং তামোল পান কথাটো।’ পুনৰ দুয়োজনী হাঁহিত বাগৰি পৰিল। মাৰকালিয়ে গোটেই পৰিৱেশটোত এতিয়ালৈকে নিৰৱ দৰ্শ হৈয়েই আছিল যদিও, জাৰানদৈ বায়ে (জাৰানদৈ বাইক সকলোৱে ‘বাই’ বুলিয়েই মাতে) পিছদিনাখন ৰাতিপুৱাতে পেমেল মাগ্বৰ লগত ৰুককুমে কোৱা কথাখিনিকে পুনৰ দোহাৰি কোৱা কায়দাটোৱে মোকো হাঁহিৰ খোৰাক যোগালে। ময়ো বহুদিনৰ মূৰত প্ৰাণখুলি হাঁহিলো। জাৰানদৈ বাইৰ কথাটো আছিল-
‘অ’ য়িগ।’
‘অ’ মাঃম, কি হ’ল?
‘সাংঘাতিক কথা এটা হ’ল নহয়।’
‘কি সাংঘাতিক কথা। ৰুককুমে আদী
ছোৱালী পলাই আনিলে নেকি? ভালেই
হ’ল দে, ন-বোৱাৰী পালি।’
‘য়িগটো আৰু দেই, তেনেকুৱা কথা নহয়
দেচোন।’
‘তেন্তে কিনো?’
‘আমাৰ ৰুককুমে অৰুণাচলৈ গৈ নিজৰ
কথা ক’ব নজনা হ’ল।’
‘তেতিয়া হ’লে কি কথা কয়?’
‘ইংলিছ নে ইংৰাজী বুলি কয় নহয়
তেনেকুৱা কথা।’
‘কি ?’
‘অ’ য়িগ, কালি ৰাতি মই তামোল-পান
কিনি দিবলৈ ক'লো। তেওঁকি কৈছে, কি
কৈছে বুলি কয়। তামোল-পান, তামোল-পান
বুলি কওঁ, কি ক’লে, কি ক’লে বুলি দুনাই
দুনাই সোধে। য়িগ ঐ, মই তেনেকুৱাৰ লগত
কথা পাতিব নাজানো দেই ! ‘তামোল-পান
কিনিং, তামোল-পান কিনিং’ বুলি কয়। য়িগ
এইটো কি বস্তু ?’ পঢ়া-শুনা নাই যদিও পেমেল মাগ্বই কথাটো বুজি পালে। ৰুককুমে যোৱা দুবছৰে একৰীয়া গাঁৱৰ পৰা গৰু এহাল ভেৰণত আনো বুলি কৈ লগৰ মাক্কুৰামৰ পৰা নতুন লংপেণ্ট-ছাৰ্ট এযোৰ হস্তগত কৰি অৰুণাচললৈ পলাই যায়। ল’ৰাটো বৰ অঘাইতং। ‘ক’ বুলি লিখিব নজনাজনে কি ইংলিছ ক’ব। গতিকে, আঁকৰী জাৰনদৈ বাইক পেমেল মাগ্বই ক’লে-
‘মাঃম, মোৰ লগত ইংলিছ টিউচন
কৰিবি, মই মেটেকা পাচ।’
‘হয় নেকি য়িগ, মেটেকা পাচে ইংলিছ
টিউচন ল’ব পাৰে ন?
‘ফাৰুচ কালাচ।’ তেনেকৈ কৈ পেমেল মাগ্বই কোনোধৰণে নাহাঁহি, গহীনকৈ আঁতৰি যোৱা কাৰ্যটো এতিয়াও গাঁৱত হাঁহিৰ খোৰাক দিয়ে। পেমেল মাগ্ব অদ্ভুতৰকমৰ হাঁহিৰ ৰহঘৰা আছিল।
ইতিমধ্যে, পঃৰ আপং হৈছেগৈ, তাপত দিয়া দিনচানো হ’লগৈ। গতিকে, দুয়ো বান্ধৱীৰ জীৱনৰ অতীত ৰোমন্থনৰ বজাৰ সামৰিবলৈ মাৰকালিয়ে অনুৰোধ জনালে। এইমুহূৰ্তত দুয়োজনীয়ে সচকিত হৈ বাস্তৱ কথাত ঘূৰি আহিল। লগে লগে মাৰকালিক লক্ষ্য কৰি ঐপুলিয়ে ক’লে-
‘কাই, হ’ল আৰু। বহুদিনৰ মুৰত মনৰ কথা
মুকলিকৈ পাতিলো। এতিয়া খোৱাবোৱাৰে
কথা। ক’তা, সৰুটো ল’ৰা-বোৱাৰী
আহিছেগৈ হেনো দেখাদেখি নাই যে?
নাতিটো কিমান ডাঙৰ হ’ল?’
কাম্পতিয়ে লগে লগে বোৱাৰীয়েকক চিঞৰি মাতিলে। বোৱাৰীয়েকে চাংঘৰলৈ উঠি আহিল। টাউনত থাকে যদিও বোৱাৰী গাঁৱলীয়া স্বভাৱৰে ছোৱালী। বিশেষ ভেম-চেম নাই। সাধাৰণ বোৱাৰীৰ দৰেই। নাইটি-চাইটি নিপিন্ধে। খাজ মিচিং সাজত থাকে। ঐপুলিয়ে সময়-সুযোগ নিমিলাৰ কাৰণে ইমান দিনে চিনাকি হোৱা নাছিল। গতিকে, প্ৰথম দেখিয়েই ক'লে-
‘এৰা’ বৰ চৌখিন বোৱাৰী। এনেকৈ মিচিং
সাজত টাউনতো থাকানে?’
‘থাকোঁ।’
‘মোক চিনি পাইছানে?’
‘পাইছো, আপুনি ঐপুলি নাঃঞি নহয়নে?
আমাৰ নাঃঞিৰ আজন।’
‘হয় আকৌ, তুমি কেনেকৈ জানিলা?’
‘নাঃঞি-কাঃকৃৱে আপোনাৰ কথা কৈয়েই
থাকে। আপোনাৰ কথাৰ সুৰ আৰু
চেহেৰাতে আপোনাক ধৰিব পাৰিছো।’
‘এৰা, তাকেই কয়, আপুনি আপোনাৰ
পৰিচয়।’
ঐপুলিয়ে কথাটি ঢেকঢেকাই হাঁহি ক’লেও, তাইৰ চকুৰ পৰা এধাৰি লোতক বৈ আহিল। খন্তেকৰ বাবে যেন নীলাভ সময়খিনি গধুৰ হৈ উঠিল। সকলোৰে চকুত যেন গোমমৰা আন্ধাৰৰ নিশাময় সোঁতৰ ঢল নামি আহিল। কিন্তু, সিয়ান ঐপুলিয়ে তৎক্ষণাত হাঁহি হাঁহি পৰিস্থিতি চম্ভালি কৈ উঠিল-
‘বোৱাৰী, আমি হাঁহি-ধেমালিয়ে কৰিলোঁ’
পোৰা মঙহ পোৰাতে থাকিল, পঃৰ আপং
টেকেলীতে থাকিল। বাকা, বাকা, খাঁও।
জিভাৰ পানী পৰিছে আৰু….
কথা শেষ হ’ব নিদি বোৱাৰীয়েকে সকলোবোৰ বাতি-ঘটি সাঁজু কৰি সাষ্টাংগে তেওঁলোক আলপৈচান ধৰিলে। তেওঁলোকে হাঁহি-ফূৰ্তি কৰি, অমৃতৰ দৰে পঃৰ আপং, বাঃনাম আদিন, কেঃক আদি খাই এক মিঠা আৰু স্বাদাকূল পৃথিৱীত ডুবি গ’ল।
ঐপুলিৰ চকুপানীখিনি সকলোৱে এনেই এৰি দিলেও মাৰকালিয়ে সহজে এৰি দিব নোৱাৰিলে। তেওঁৰ ভাৱ আকলুৱা মনত যেন হেজাৰ ভাৱৰ ধুমুহাই খেল খেলি গ'ল। ঐপুলিক যিমান সুখী যেন লাগে সিমান সুখী তাই নহয়। ল'ৰাটো উচ্চ পদস্থ অসামৰিক চৰকাৰী বিষয়া, ছোৱালী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। ঐপুলিৰ পতি অৱসৰ প্ৰাপ্ত এজন ইনকাম টেক্স বিষয়া। দেখাত, এক সুখৰ সংসাৰ। কিন্তু, সুখৰ সংজ্ঞা ইয়াতে নিৰূপিত হয়নে? নিভাঁজ গাঁৱৰ ধূলি-বালি খেলি, ৰুকুনি চঃমান কৰি, নৈ-পুখুৰীত সাঁতুৰি-নাদুৰি, মাছ-মগৰ ধৰি,গাঁৱত মৃমবৃৰ-য়াঃমেৰ দাগলেক কৰি, লৃগাঙত গুমৰাগ নাচি, বিহুত উনচৰি গাই ডাঙৰ হোৱা ছোৱালীজনীক টকা-পইচা আৰু অপৰিসীম চৰকাৰী ক্ষমতাও সুখৰ সঁফুৰা আনি দিছেনে? কিছুমান উত্তৰহীন আৰু প্ৰহেলিকাময় প্ৰশ্নৰ উত্তৰ বিচাৰি মাৰিকালিৰ বাধা নমনা মনে দূৰ দিগন্তলৈ উৰা মাৰিলে…
শব্দাৰ্থঃ
বাঙকুং- চতি, তাঃচুক- শংকু আকৃতিৰ এবিধ ছাইমদ চকা সঁজুলি, নাঃঞি- পেহী, মামী, নাঃঞি-কাঃকৃ- মামী-মামা (মিচিঙত শহুৰ-শাহুকো এই সমধ (সম্বন্ধ) ধৰে), আজন- বন্ধু-বান্ধৱী, বাঃনাম আদিন- পোৰা মাংস, কেঃক- চাটনি, ৰুকুনি চঃমান- বাঁহৰ এঁচহীয়া কাঠিৰ টুকুৰাৰে সজাই-পৰাই খেলা সৰু ল’ৰা-ছোৱালীৰ দৰা-কইনাৰ খেল, উনচৰি- হুচৰি, দাগলেক- সাৰিয়া।
ক্ৰমশঃ……
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment