ব’হাগ এপাঁহি ধুনীয়া বনৰীয়া ফুল যাৰ পাঁহিত জিলিকে নতুন চেতনাৰ বোল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

ব’হাগ এপাঁহি ধুনীয়া বনৰীয়া ফুল যাৰ পাঁহিত জিলিকে নতুন চেতনাৰ বোল


 

ব’হাগ এপাঁহি ধুনীয়া বনৰীয়া ফুল যাৰ পাঁহিত জিলিকে নতুন চেতনাৰ বোল


অংকুৰণ আৰ্ফ


   অংকুৰণ আৰ্ফ পদুলিৰ তগৰ জোপাই কলি মেলিছে। দুপাঁহ এপাঁহ ফুলিছেও। বতাহত সুগন্ধি বিয়পি পৰিছে। কিবা এটা ভাল লাগি গ’ল মনটো। ভাল লাগিবই দিয়কচোন। এই সুগন্ধি কেবল তগৰ ফুল পাঁহৰে নহয়। এই সুগন্ধিত বিলীন হৈ আছে আমাৰ আবেগ-অনুৰাগ। এই সুগন্ধি নতুনক আদৰি অনাৰ অনাবিল প্ৰশান্তিৰ। এই সুগন্ধি আমাৰ আপোন ব’হাগৰ। ব’হাগ-সঁচাকে এক শুনিলেই শুনি থাকিব মনযোৱা আলফুলীয়া অনুৰাগ থকা নতুন চেতনাৰ নাম। ব’হাগ বুলি ক’লেই বুকুখনত ঢোলৰ চাপৰে হেন্দোলনি তোলে। ব’হাগ বুলি ক’লেই ব্ৰহ্মপুত্ৰ নৈখনে সাতটা জাপ মাৰে। ব’হাগ বুলি ক’লেই অসমৰ গছ-বন-চৰাই-চিৰিকটি-মাটি-পানী মুঠতে সমগ্ৰ প্ৰকৃতিয়ে এক অবুজ শিহৰণত গা সাতখন আঠখন কৰে। সঁচাকৈ কি যে মিঠা এক অনুভূতি আৰু আকৰ্ষণ সনা আছে এই বিনন্দীয়া ব’হাগৰ মাজত। ব’হাগ যেন এটি শব্দ নহয়। ব’হাগ এক চেতনা। ব’হাগ এক  সৌন্দৰ্য। ব’হাগ এক শক্তি। ব’হাগ এক নতুনত্ব। ব’হাগ এক প্ৰজ্ঞা। ব’হাগ এক নৱজীৱন। ব’হাগ লুইতপৰীয়া জাতিৰ জীৱনৰেখা। ব’হাগ বুলিলেই সকলো যেন অন্তনিৰ্হিত হৈ থাকে। সঁচাকৈ ব’হাগ ৰ বন্দনা কৰি কৰি অন্ত কৰিব নোৱাৰি। ব’হাগ বুলি কোৱাৰ লগে লগে প্ৰেমৰ নৈ খন উচ্ছল হৈ পৰে। হ’বইতো ব’হাগ নিজেই এক প্ৰেমৰ কোঁৱৰ। ঋতুৰাজ বসন্তৰ হাত ধৰিয়ে প্ৰেম কোঁৱৰ ব’হাগৰ আগমণ হয় সেউজীয়া কুঁহিপাতৰ ঘোঁৰাত উঠি। এই যেন মণিকোঁৱৰ নে ফুলকোঁৱৰ হে আকাশীঘোঁৰাত উঠি আহিছে। ব’হাগৰ আগমণৰ লগে লগে অযুত নিযুত ফুল ৰাশি পাঁহিমেলি ফুলি উঠে। ইমান আলসুৱা আৱেশ সনা সুৱাসিত অনন্ত সৌন্দৰ্যৰে ব’হাগ নিজেই নিজৰ ৰূপ-যৌৱনত মোহ যায়। ব’হাগৰ যৌৱনদীপ্ত বুকুৰে পাহাৰীয়া জুৰিৰ দৰে নিজানে নিটালে নিজৰি নিজৰি নিগৰি আহে প্ৰেম প্ৰপাত। এই প্ৰেম প্ৰপাতৰ শক্তিৰে বাধাৰ শিল ভাঙি বৈ নিজেই উলিয়াই নিজৰ বাট। ব’হাগৰ বৰ্ণময় বুকুত বৈ থকা এই প্ৰেমপ্ৰপাতৰ সুৰ সকলোতে শুনা যায়। হয়তো এই প্ৰেমপ্ৰপাতৰ সুৰ কেতিয়াবা গৰু চালৰ মাত, হয়তো কেতিয়াবা ম'হৰ শিঙৰ মাতত, হয়তো কেতিয়াবা আগলি বাঁহৰ গগণাৰ মাতত, কেতিয়াবা কুলি-কেতেকীৰ মধুৰ মাতত, কেতিয়াবা নৈ-নিজৰাৰ মাতত, কেতিয়াবা বিহুগীত হৈ বিহুতলীত প্ৰেমৰ সুৰ শুনা যায়। ব’হাগৰ বতৰত প্ৰকৃতিয়েও প্ৰেম-প্ৰণয়ৰ সুৰ তুলে। আচলতে ব’হাগ প্ৰেমৰ পানচৈ। যিখনি পানচৈ মানুহৰ হৃদয়ে হৃদয়ে প্ৰেমৰ লহৰ তুলি গতি কৰি থাকে। তাহানি দিনৰে পৰা অলেখ বিহুগীতত প্ৰেম-প্ৰকৃতি আৰু হৃদয়ে এক অনন্য মাত্ৰা গ্ৰহণ কৰি আহিছে। সেয়ে বিহুৱা ডেকা-গাভৰুৰ মুখেৰে সাহসেৰে বিহুগীতত কোৱা হৈছে - ‘তোৰে মনে গ’লেমোৰে মনে গ’লে কি কৰিব জাতি-কূলে’। বাচকবনীয়া বিহুগীতত প্ৰেমে পূৰ্ণতা লাভ কৰিছে। যি প্ৰেমৰ পবিত্ৰতা আৰু স্নিগ্ধতাত জীৱনে এক অভিনৱ মাত্ৰা লাভ কৰে। সেয়ে ব’হাগ এক প্ৰেমৰ কোঁৱৰ হৈ সদায় জিলিকি ৰ’ব প্ৰকৃতিৰ বুকুত। মানৱৰ হৃদয়ত। ব’হাগ কেবল প্ৰেম নিবেদনতে ব্যস্ত নাথাকে। ব’হাগে অমাক এক নতুন চিন্তা-চেতনাৰ দুৱাৰো মুকলি কৰি দিয়ে। যেনেদৰে সৰাপাতবোৰ আঁতৰাই চাৰিওপিনে নতুন কুঁহিপাতৰ সেউজীয়া ৰং এই ব’হাগে সানে প্ৰকৃতিৰ বুকুত। আমি এই ব’হাগৰ পৰাই এই নতুন চেতনাৰ পাঠ শিকিব লাগে আৰু জীৱনটো সজাই তুলিব লাগে নিৰাশাৰ বিপৰীতে আশা আবিৰৰ ৰঙেৰে ৰঙীণ কৰি প্ৰেম আৰু বিশ্বাসৰ বৰ্ণময় বৈভৱে সমৃদ্ধ কৰি। তেতিয়াহে ব’হাগ আমাৰ মাজলৈ বাৰে বাৰে অহাৰ অৰ্থ সাৰ্থক হ’ব।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages