এটি টোকাৰে যুৱ সমাজলৈ ড° কালামৰ প্ৰেৰণাৰ পত্ৰ
দিলীপ কুমাৰ কমান
গোগামুখ কঠালগুৰি
জ্ঞানেই তোমাক মহত্ব প্ৰদান কৰিব – মই তোমালোকৰ লগত যেতিয়া থাকো, মই ঞ্জানৰ কথা ক’বলৈ ভাল পাওঁ। জ্ঞানৰ চাৰিটা অংশ আছে— সৃষ্টিশীলতা, সততা, সাহক আৰু অদম্য স্পৃহা। এই চাৰিটা গুনৰ সমাৱেশ হ’লে সৃষ্টি হ’ব জ্ঞানী নাগৰিকৰ। আমি প্ৰথমে সৃষ্টিশীলতাৰ কথাটো চাও–-- অধ্যয়নে সৃষ্টিশীলতা দিয়ে, সৃষ্টিশীলতাই চিন্তা কৰিবলৈ শিকায়, চিন্তাৰ পৰা জ্ঞানৰ সঞ্চাৰ হয়, জ্ঞানেই তোমাক মহত্ব কৰিব পাৰে। ইয়াৰ পিছৰ অংশটো হ’ল সততা। সততাৰ যি শক্তি সেইটো এই বিখ্যাত শ্লোকত পোৱা যায়। যিটো এনেদৰে কব পাৰি – অন্তৰত যেতিয়া সজ চিন্তা থাকে তেতিয়াই চৰিত্ৰ সুন্দৰ হয়, চৰিত্ৰ সুন্দৰ হ’লে ঘৰবোৰত মৰম--চেনেহ বিৰাজ কৰে, শান্তিময় ঘৰবোৰৰ কাৰণে দেশ এখনত শান্তি আহে, দেশবোৰৰ শান্তি য়ে জগত খনক শান্তিময় কৰিব পাৰে।
তৃতীয় কথাটো হ’ল সাহক, যাৰ সংঞ্জা এনেদৰে দিব পাৰি –- ব্যতিক্ৰমী চিন্তা কৰাৰ সাহক সাহক নতুন কথা আৱিষ্কাৰ কৰাৰ কোনেও গৈ নোপোৱা পথেৰে আগবাঢ়ি যোৱাৰ বাহক। অসম্ভৱ বুলি ভৱা কথাবোৰ বিচাৰি উলিওৱাৰ সাহক বিভিন্ন সমস্যা সমাধানৰ বাবে লগা সাহক।
এইবোৰ বিশেষ গুনৰ অধিকাৰী হ’লে যুৱ সমাজ কৃতকাৰ্যতা হয়। মোৰ দেশৰ যুৱ সম্প্ৰদায়ৰ সদস্য হিচাপে, মই কাম কৰিম আৰু সাহসেৰে কাম কৰি সকলো লক্ষ্য ত উপনীত হ’ম।
অদম্য স্পৃহা হ’ব চতুৰ্থটো অংশ – অদম্য স্পৃহাৰ কথা ক’বলৈ ৮২ বছৰ বয়সত ছাৰ চি ভি ৰ মনে দিয়া এটা আহ্বানৰ কথা মহ উল্লেখ কৰিম। এই বাণী মোৰ আজিও কাণত বাজি থাকে। মই ডেকা যুৱক যুৱতী সকলক ক’বলৈ ভাল পাম যে তেওঁ লোকে যেন আশা আৰু সাহক নেহেৰুৱায়। আপোনালোকৰ/তোমালোকৰ কৃতকাৰ্যতা আহিব সাহসেৰে সম্মুখৰ কামবোৰত আত্মনিয়োগ কৰাৰ জৰিয়তে। মই দৃঢ়তাৰে আৰু শংকাহীনভাৱে ক’ব পাৰোঁ যে ভাৰতীয় মন পৃথিৱীৰ অন্য সভ্য জাতিৰ মনৰ তূলনাত কোনোগুনে পৃথক নহয়। আমাৰ অভাৱ আছে যদি সাহসৰে অভাৱ, আমাৰ অভাৱ হয়তো চালিকা শক্তিৰ – যি শক্তিয়ে আমাক আগলৈ যোৱাত সহায় কৰে। মই ভাবো আমাৰ এটা হীনমণ্যতাবোধ আহি পৰিছে। ভাৰতত আজি মূল প্ৰয়োজন হৈছে এই হীনমণ্যতাৰ মানসিকতা নোহোৱা কৰা। আমাক জয়ী হোৱাৰ মানসিকতা লাগে, এনে এক মানসিকতা — যি বিশ্বব্ৰহ্মাণ্ডত আমি আমাৰ যথাযোগ্য সম্মান আৰু স্থান পোৱাত সহায় কৰিব। অতীজৰ এক উন্নত সভ্যতাৰ উত্তৰাধিকাৰী হিচাপে এই গ্ৰ্হটোত আমাৰ নিজস্ব স্থান পোৱাত সহায় হ’ব। অদম্য স্পৃহা যদি আমাৰ মাজত জাগ্ৰত হয় তেতিয়া হ’লে কোনো শক্তিয়ে আমাৰ ভাগ্য আমি নিজে নিৰ্নয় কৰাত বাধা দিব নোৱাৰে। সেয়ে বন্ধু সকল, তোমালোকে নিশ্চয় বুজিব পাৰিছা যে ঞ্জানৰ সমীকৰণটো হ’ব –
জ্ঞান=সৃষ্টিশীলতা+সততা+সাহস+অদম্য স্পৃহা। ড° কালামৰ এনে বহু মহামূলৱান বাৰ্তা আমাৰ যুৱ সমাজৰ বাবে মূল্য বোধৰ বিষয় বুলি ধৰি ল’ব লাগে। ভাৰত বৰ্ষৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতি হৈ থাকোঁতে এজন ছাত্ৰক কৰা সহায়-সহযোগীতা সঁচাকৈয়ে এক সুখৰ বাৰ্তা হ’ব। ড° কালাম লৈ এজন যুৱকে দিয়া এখন পত্ৰ উল্লেখ কৰিলোঁ।পত্ৰখন তেজস্বী মন (অসমীয়া অনুবাদ সুৰেশ শৰ্মা) নামৰ গ্ৰন্থখনৰ ১২৪পৃষ্ঠাত পাব।
পত্ৰখন এনেধৰনৰ -
প্ৰিয় মহাশয়,
এজোপা বটগছৰ শক্তি আৰু সেই গছজোপাৰ বীজ বা গুটিবোৰৰ শক্তি একে সমান। এক ধৰনে আপুনি আৰু ম ই -আমি দুয়ো একে সমান। কিন্তু আমি দুয়ো ভিন ভিন,ঠাচত আমাৰ প্ৰতিভা, প্ৰদৰ্শন কৰোঁ। বীজ সমুহৰ মাত্ৰ কেইটামানৰ পৰাহে বটগছ একো জোপা গজি বাঢ়ি আহে, বাকী বোৰ বীজ মৰি যায়। কেতিয়াবা আকৌ কিছুমান পৰিস্থিতি আৰু বতৰৰ ফলত নষ্ট হৈ মাটিৰ লগত মিলি গৈ সাৰ হয়। এই সাৰৰ গুন পিছৰ জম্মটো আৰু বেছি শক্তিশালী আৰু প্ৰাণৱন্ত হৈ উঠে।এই দৰেই বহু উচ্চতালৈ উধাই যোৱাৰ লক্ষকে প্ৰকট কৰি দেখুৱায়। আপুনি দেশৰ বাবে কাম কৰি গৈছে আৰু অসংখ্য বিজ্ঞানী অভিযন্তা আৰু কুশলী কৰ্মকৰ্তাক সহায় কৰিছে। তেওঁ লোকৰ সামৰ্থ্যখিনিৰ অপচয় হোৱা নাই বা গুটি বোৰৰ নিচিনাকৈ তেওঁ লোকৰো বাঢ়ন শক্তি অকালতে ব্যাহত হোৱা নাই বুলি আপুনি মোক নিশ্চিত কৈ পতিয়ন নিয়াব পাৰিবনে? আপোনাৰ কাম কাজৰ ক্ষেত্ৰত শতকৰা কিমান খিনি সফলতা আপুনি দাবী কৰিব পাৰে?
-টি, শ্ৰৱন
ল'ৰা জন চেন্নাইৰ প্ৰেচেডেঞ্চি মহাবিদ্যালয়ৰ প্ৰাণী বিঞ্জান বিযয়ত এম,ফিল,কৰি থকা ছাত্ৰ। নিজকে কালামৰ সৈতে সমান ঞ্জান কৰি লিখা পত্ৰখন দেখি ড° কালাম উল্লাসিত হৈছিল, আৰু একেদিনাই উত্তৰ দিছিল।
উত্তৰটো আছিল এনেধৰণৰ –
প্ৰিয় শ্ৰৱণন,
মই তোমাৰ শক্তিশালী পত্ৰখন আৰু প্ৰশ্নটো কেইবাবাৰো পঢ়ি চাইছো। মই ইছৰো (ISRO) আৰু ডি,আৰ,ডি,অ (DRDO) প্ৰত্যেকতে কুৰি বছৰতকৈ ক্ষেপনাস্ত্ৰ (ৰকেট) প্ৰক্ষেপ যান আৰু ক্ষেপনাস্ত্ৰ (মিছাইল) নিৰ্মাণৰ কাম কৰি কটাইছো। জীৱনত বহু, সাফল্য লাভ কৰিছোঁ। বিফলতাৰ সোৱাদো নোপোৱা নহয়। খুব কম সময়ৰ ভিতৰতেই লক্ষ্য সাধন কৰাৰ বাবে মই বহু বিঞ্জানী অভিযন্তা আৰু যন্ত্ৰ কুশলীৰ সৈতে একেলগে কাম কৰিছোঁ। দলটোৰ যৌথ শক্তি য়েই সেই সফলতাৰ মুখ দেখিছে আৰু বিফলতাৰ পৰাও শিকনি লৈছে। মোৰ দলটোৰ কিছু সংখ্যক সদস্য ই ঞ্জান আৰু কৰ্মত মোৰ ক্ষমতাকো চেৰ পেলাই গৈছে। এইটো কথাই মোক অনাবিল আনন্দ প্ৰদান কৰিছে।এই উত্তৰ টোৰ মাজতে কালামৰ সফলতা বিফলতা যে, ব্যক্তিগত হৈ থকা নাই বুজি পোৱা যায়। তেওঁ নিজৰ লগতে এজাক কৰ্ম শক্তি থকা উদ্যমী লোকক আগবঢ়ায় লৈ যাব খোজে। লগতে দেশৰ নেতা বিলাকক সংকল্প বদ্ধ হ'বলৈ কৈছে, যাতে আমাৰ যুৱ প্ৰজন্ম টো তেওঁ লোকতকৈ সুস্থ পৰিবেশত থাকিবলৈ পায়, আৰু কোনো কাৰনতে,যাতে তেওঁলোকৰ স্বাভাৱিক বিকাশ ব্যাহত নহয়। সৰ্বোপৰি বৈজ্ঞানিক বিকাশৰ ক্ষেত্ৰত আহিব পৰা বিফলতাৰ পৰা যুৱ প্ৰজন্মক বচাব লাগিব আৰু বিজ্ঞানী প্ৰয়োগবিদ আৰু আন আন ক্ষেত্ৰত কৰ্মৰত লোকৰ যাতে সৰ্বাংগীন বিকাশ হয় আৰু তেওঁ লোকে যাতে দেশৰ হকে কাম কৰি যাব তাৰ বাবে অহৰ্ণিশে তেওঁ লোকক, উৎসাহ উদ্দীপনা যোগাব লাগিব যে, ব্যক্তিত কৈ দেশ বহু বেছি উৰ্ধত। যুৱ মনবোৰ কেনেকৈ উদ্ধীপ্ত কৰিব পৰা যায়, ইয়াৰ কাৰনে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশিষ্ট পৰমাণু বিঞ্জানী ড° এ, পি,জে, আব্দুল কালামে ভাৰত বৰ্ষৰ সফলতা, দূৰ্বলতা খিনিৰ ওপৰত গভীৰ অধ্যয়ন কৰি কেনেকৈ প্ৰথম চাৰিখন দেশৰ ভিতৰত স্থান পাব পাৰিব তাৰ এটা পৰিকল্পনা কৰিছিল। যুৱ সমাজক কোৱা প্ৰয়োজন যে, নিজৰ ইচ্ছানুযায়ী জীৱন যাপন কৰাৰ অধিকাৰ দিয়া সংবিধানৰ প্ৰতি থকা দায়িত্ব বোধ প্ৰদৰ্শন নকৰাকৈ, অধিকাৰ আৰু স্বাধীনতাৰ আশা কৰা অনুচিত। নিজৰ আশা আকাংক্ষা বোৰ শুদ্ধ হৈছেনে, ভুল হৈছে, থাকো নাজানে আজিৰ যুৱ সমাজে। স্বাধীনতাৰ নামটো নিজৰ জীৱন লৈ খেলা কৰে অনেক যুৱক যুৱতী য়ে।আগ গুৰি চিন্তা কৰিব নজনা,নিজক ভাল পাব নজনা কিছু যুৱ সমাজতে ঘটে অনেক অঘটন। তেওঁ লোকৰ নিজৰ প্ৰতি দায়িত্ব নাই।পিতৃ মাতৃৰ প্ৰতিও নাই, সমাজৰ প্ৰতিও নাই। বিশ্ববিদ্যালয়, মহাবিদ্যালয় ত পঢ়িবলৈ সৌভাগ্য হোৱা শতকৰা ৪০ভাগ ল’ৰা ছোৱালীয়ে, যেতিয়া দায়বদ্ধতা দেখুৱাব নাজানে, তেনে ৬০শতাংশ ই কি কৰিব? এনেবোৰ মানুহৰ বাবে আজি যুৱ সমাজৰ অপবাদ আহিছে। ইয়াৰ বাবে অকল বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাই যথেষ্ট নহয়। তাৰ বাবে লাগিব কিছু যোগাত্মক চিন্তা চৰ্চা আৰু যোগাত্মক কাম কাজ। এই ধৰণৰ যোগাত্মক চিন্তা আৰু নিজক সংশোধন কৰিব পৰা বাৰ্তা আমি আব্দুল কালামৰ আন আন এক গ্ৰন্থ পঞ্জীৰ দ্বাৰা পাওঁ। সেইটো হৈছে – পঢ়ক– সংশোধন কৰক–আনকো জনাওক আৰু আজিৰ যুৱ প্ৰজন্মই অনুধাৱন কৰাটো জৰুৰী।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment