তোমাৰ সুৰৰ পানচৈ
যতীন মিলি
(জুবিন গাৰ্গ সমীপেষু)
আকাশ-বতাহ মুখৰিত কৰি
সূৰ্য উঠা দেশত
নিৰন্তৰ বাজিছে এটি প্ৰাৰ্থনা
জাত-পাতৰ পৰিধি ভাঙি
সমস্বৰে জুৰিছে
“মায়াবিনী ৰাতিৰ বুকুত”
হিলদ’ল ভাঙি মানুহ আহিছে
সাত সাগৰ তেৰ নদী পাৰ হৈ মানুহ আহিছে
ঈশ্বৰ পুত্ৰক চাবলৈ উবুৰি ঠাঁহ খাই পৰিছে সোণাপুৰ।
শোকৰ দোকোল-টকা বানত
উঠিছে ভাঁহিছে
দুখৰ চকুলো মচি মচি অদৃশ্যজনৰ প্ৰতি প্ৰশ্নমুখৰ–
ইমান নিষ্ঠুৰ সময় কিয় মাতিলা !
কিয় মা-তি-লা ইমান নিষ্ঠুৰ সময়
যি সময়ে কাঢ়ি নিয়ে–
প্ৰিয়জনৰ জীৱন ডিঙা
যি সময়ে উটুৱাই লৈ যায়
প্ৰিয়জনৰ সুৰৰ পানচৈ
অ’ মোৰ নিজৰ মানুহ!
তোমাৰ অবৰ্তমানত তৰাৰ দুনয়নত বিষণ্নতাৰ হিল্লোল লেখিছোঁ
নদীৰ ওঁঠত কাবানৰ সুৰ শুনিছোঁ
ঘন অৰণ্যৰ বুকুত দেখিছোঁ চাৰি মুঠি জীৱৰ দুৰ্বিসহ সংবাদ
যন্ত্ৰণাৰ জ্বৰত দাপোন ভঙাদি ভাঙিছে
মানুহৰ মন প্ৰাণ হৃদয়
ভঙা কাঁচৰ টুকুৰাবোৰৰ ঝনঝননিতো তোমাৰেই আকুল সুৰ এটি বাজি উঠিছে-
“ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন”…
অ’ মোৰ বুকুৰ মানুহ!
তোমাৰ আধৰুৱা সপোনবোৰ পূৰ্ণ কৰাৰ প্ৰতিপালত
ৰৈ ৰৈ বিনাইছে
ৰৈ ৰৈ বিনাইছে
তোমাৰ দুখৰ দিনৰ সাদৰী লখিমী !
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment