চকুত যেতিয়া কমলা জোন নাচে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

চকুত যেতিয়া কমলা জোন নাচে

 

চকুত যেতিয়া কমলা জোন নাচে


ববী দত্ত


আপোনাৰ দুচকুত যেতিয়া প্ৰণয়ৰ

কমলা জোন নাচে 

তেতিয়া

প্ৰাণৱন্ত সপোনৰ এটা সৰলীকৃত প্ৰতিসৰণ হৈ

উকা হৈ পৰে মোৰ ওঁঠ

স্তিমিত হৈ পৰে দুই হাত

ওজন বাঢ়ে মোৰ

বুকুৰ পালিত শূন্যৰ।


মাথোঁ দুচকু মূৰ্তিমান সত্বালৈ ৰূপান্তৰিত 

হোৱাৰ 

গভীৰ কুচকাৱাজ।


সেই দুচকুত মই জী উঠিম 

পৃথিৱীৰ সমস্ত ভাগৰ বুকুত সাবটি

আৰু আঁকিম এখন 

ছাঁ ছবিৰে আবেলিৰ আকাশ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages