নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

নীলা খামৰ চিঠি

 

এখন নীলা খামৰ চিঠি


মিন্টু (অভিজ্ঞান) বৈশ্য


        তোমালৈ বুলি,


              ওমঃ শ্ৰী কৃষ্ণায়েই নমঃ

   পোনতে তোমালৈ অজস্ৰ মৰম পঠিয়ালোঁ জোনাক। আজি লিখিবলৈ লৈছোঁ এখনি নীলা খামৰ চিঠি,বৰ আকুলতাৰে। জোনাক ভালে আছা! তোমাৰ অʼফিচৰ কাম-কাজ ঠিকেই চলি আছেনে? নিতৌ দুপৰীয়াৰ বাবে টিফিন লৈ গৈছানে? 

     আজি মোৰ সেই সপোনৰ পৃথিৱীখনৰ  পৰা ওলাই কিছুপৰ বহি লৈছোঁ দাপোনৰ সমুখত। মনলৈ আহিছে বহুতো কথা ,যেন এটি এটি কথা কবিতা হৈ। 

     সচাকৈয়েই জানা বিশেষ হবলৈ  বিশেষত্বৰ প্ৰয়োজন। মোৰো মন যায় কাৰোবাৰ ওচৰত বিশেষ হবলৈ। কিন্তু মোৰ বিশেষত্বই তোমাক চুৱে কি নুচুৱে! কেতিয়াবা মই কি ভাৱো জানা , এই যে চিনেমাবোৰত নায়িকাজনী কিহবাত খুন্দা খালে নায়কজনে থাপ্ মাৰি ধৰে। ওঁঠৰ ফাঁকেৰে সৰি পৰে টোপাল মৰম । ঠিক তেনেদৰে বাস্তৱতো হোৱা হ'লে!

    তুমি কৈছিলা মই বহুত সাহসী। আচলতে কি জানা ,কেতিয়াবা শক্তিশালী পাহাৰখনেও কঁপি উঠে, অকস্মাতে হোৱা সেই ভুইকঁপৰ আঘাতত। 

     প্ৰাপ্তিৰ আশা সকলোৰেই থাকে যদিওবা বাস্তৱে সকলোকে আঁচুৰি যায়। এবাৰলে হ'লেও। কিন্তু সময়ৰ ৰূপহে সলনি হয় অস্তিত্ব একেই থাকে।

    ফাগুন আহেই… তুমি কৈছিলা মোৰ কবিতা ভাললাগে। মোৰো ভাল লাগে, যেতিয়া তুমি কোৱা সদায় কবিতা লিখিবাদে।

     এই যে তুমি মোক শব্দবোৰ উপহাৰ দিয়া, ইমান ব্যস্ততাৰ পিছতো মোৰ কবিতা পঢ়া, মই তাতেই ধন্য হও জোনাক। এনে লাগে যেন মূহুৰ্তৰ পিছত মূহুৰ্ত ধৰি মই কবিতা লিখি যাম। মোৰ ভাগৰেই নালাগে। কিন্তু… জোনাক মই তোমাক কিবা দিব পাৰিছোনে কোৱা । মোৰ সমস্ত ক্লান্তি দূৰ কৰি তোমাক কবিতা দিব বিচাৰোঁ জোনাক । কবিতাৰে সজাব বিচাৰোঁ তোমাৰ মৰমৰ পৃথিৱীখন।

    মোৰ স্বপ্নকাননত অহৰহ বাজি থকা এটা সুৰ তুমি। এই সুৰ চিৰনিনাদিত হৈ ৰওক। জোনাক দূৰ হৈ নাযাবাদেই। তোমাৰ বিশ্বাসৰ হাতখনত ধৰি  মই যেন পাৰ হ'ব পাৰো জীৱনৰ সাগৰ একেলগে।

                তুমি সুখী হৈ ৰোৱাৰ কামনাৰে....

                                          ইতি 

                               তোমাৰ মৰমৰ পত্নী 

                                        আশা


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages