কথোপকথন
গভীৰ
বেনজিন চুলতানা
বাইহাটা চাৰিআলি, কামৰূপ
তাই: ঐ চলি, কি ভাৱি আছা?
সি: দেশৰ কথা, প্ৰকৃতিৰ কথা, সমাজৰ কথা, তোমাৰ কথা।
তাই: মোৰ কথা মানে একেবাৰে শেষত ভাবিছা?
সি: চোৱা, মই নিজৰ কথাই ভৱা নাই এবাৰো। কিয় জানা?
তাই: কিয় কিয়?
সি: কাৰণ মোৰ কথা ভাবিবলৈ তুমি আছাই।
তাই: উম্ হয় অসুৰ । ভাল পাওঁ যে তোমাক বহুত।
সি: হয় নেকি?
তাই: ই যেন নাজানে হে । আ, বঙহৰদেউ চোৱাচোন মোৰ গালত কি হ'ল..
সি: অহ । মোৰ যি হয় তোমাৰো হয় ।
তাই: উম্ আত্মাৰ সংযোগ যে আমাৰ। সেইবাবে আমি একে ঠাইতে দুখ পাওঁ।
সি: উম হয়। আজি কিবা মনটো ভাল লগা নাই । একো কাৰণো নাই । এনেই কিবা বেয়া লাগি আছে ।
তাই: ও চলি, মই এইটো কথা ক’বলৈ সুধিছিলোয়েই তোমাক। মোৰ আজি মনটো বেয়া লাগি থকা বুলি।
সি: অহ্ এতিয়া বুজিলোঁ সেইবাবে মোৰ মনটো বেয়া লাগি আছে । কাৰণটো তুমিয়েই। তোমাৰ বেয়া বাবে মোৰো বেয়া লাগি আছিল ।
তাই : ই চলি, হ’ব।
সি: কোৱাচোন চলি, কিয় মন বেয়া?
তাই: একো নাই। বেয়া লাগে কেতিয়াবা মই Sensitive মানুহ যে..
সি: উম্ তোমাক Sensodine ত ভিজাই থ'ব লাগিব। ঠিক হৈ যাব।
তাই: ই....এক ঘোচা খাবা ।
সি: উম মাৰা ।
তাই: কি হ’ল হঠাৎ শান্ত হৈ গ’লা যে ?
সি: আমাৰ হাতত সময় বহুত কম । এদিন হঠাৎ এই ধুনীয়া সময়বোৰ শেষ হ’ব ।
তাই: কিয় মনত কৰি দিয়া তুমি?
সি: যাতে তুমি মানসিকভাৱে প্ৰস্তুত হ'ব পাৰা ।
তাই: আৰু তুমি?
সি: মোৰ কথা চিন্তা নকৰিবা। তুমি ভালে থাকিলে মইও থাকিম । তুমি সুখী হ’লে মইও সুখী ।
তাই: মই কেনেকৈ থাকিম তোমাৰ অবিহনে?
সি: তুমি সদায় মোৰ হৃদয়ত থাকিবা । মই সদায় তোমাক ভাল পাই থাকিম। আৰু কান্দিলে চাবা কিন্তু চলি । তুমি জানা ন’ তুমি কান্দিলে মই নোকোৱাকৈ গম পাওঁ বুলি।
তাই: প্ৰেম ধৰ্মৰ উৰ্দ্ধত ন’ চলি । তথাপিও সমাজে....
সি: এই জনমত নোৱাৰিলোঁ আমি যুঁজিব । বাকী ছটা জনমত মই তোমাৰ হ'ম আৰু তুমি মোৰ । আৰু তুমি দেখোন জানাই দেখোন, মই তোমাৰ ক্ষেত্ৰত যিটো কওঁ হয়েই বুলি।
তাই: ইছলামত পুনৰ জনম নাই চলি।
সি: মই কৈছোঁ নহয় হ’ব বুলি।
তাই: উম । পিছে ছটা নহয় মোক প্ৰতিটো জনমতে তোমাক লাগিব ।
সি: উম্ । মই সদায় তোমাৰেই হৈ থাকিম । মোৰ হৃদয়ত সদায় থাকিবা তুমি। ধেৎ, কিয় কান্দিছা? চাওঁ।
তাই: নাই কান্দা ।
সি: তেন্তে কি হৈছে? চকুত ভেকুলী সোমাইছে নেকি?
তাই: নলাত দলিয়াই দিম তোমাক।
সি: তোমাকো টানি লৈ যাম লগত ।
তাই: নাযাওঁ মই ।
হ
সি: নহ’ব লৈ যাম ।
তাই: কি হ'ল এতিয়া তোমাৰ চকুত ভেকুলী সোমাল নেকি?
সি: নাই ।
তাই: I love you.
সি: I love you too.
(নিৰৱতাৰ মাজত উচুপনিৰ শব্দেৰে সজ্জিত হৈ পৰিল চকুলোবোৰ।)

No comments:
Post a Comment