তোমাৰ পৰশৰ অপেক্ষাত
ৰূপম মিলি
মাজুলী
ৰিণিকি ৰিণিকি বাজিব খোজে
বুকুত বাঁহীৰ সুৰ এটি ,
বাজিব খোজে মিঠা ঐনিতমৰ সুৰ এটি;
কিন্তু নাবাজে।
কিয় বাৰু এনে হয় প্ৰিয়া?
জানোচা নোপোৱাৰ বাবে তোমাৰ পৰশ!
প্ৰিয়া!দিবাহি তোমাৰ পৰশ মাথোঁ এটিবাৰ
কিজানি বাজি উঠে বুকুৰ সমষ্ট সুৰ
ঝংকাৰি ঝংকাৰি।
No comments:
Post a Comment