মিচিং সকলৰ সমাজ সংস্কৃতি আৰু অৰ্থনৈতিক দিশত মহিলাৰ ভূমিকা আৰু স্থান
মন্টুৰাম টাইদ
হাতীয়েমৰা গাওঁ
বৰলুইত, সোৱনশিৰি , দিহিং , দিচাং আদি অসমৰ নদী সমূহৰ পাৰে পাৰে মিচিং লোকৰ বাসস্হান । মূলতঃ মিচিং সমাজ আজিও কৃষিজীৱী তথা নদীপাৰৰ বাসিন্দা হিচাবেই পৰিচিতব। শিক্ষা দীক্ষাৰে শিক্ষিত হৈ চৰকাৰী কৰ্মজীৱনেৰে নগৰে চহৰে বাস কৰা লোকৰ সংখ্যা আনুমানিক হিচাপত দহ শতাংশমানহে হ'ব । কৃষি প্ৰধান এই সমাজত খেতি বাতিয়ে আৰ্থিক দিশৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । ধান খেতি মিচিং সকলে প্ৰকাৰে উৎপাদন কৰে । আহু আৰু শালি খেতি হিচাবে । ধান খেতিৰ উৎপাদন হোৱাৰ পিছত ভঁৰালত সঞ্চিত হোৱা ধানবোৰ তিনি ধৰণে ব্যৱহৃত কৰে। প্ৰথমতে দৈনন্দিন পৰিয়ালৰ আহাৰৰ বাবে বিক্ৰী কৰি অত্যাৱশ্যকীয় ঘৰুৱা খা- খৰচৰ বাবে । তৃতীয়তে আপং প্ৰস্তত কৰিবৰ বাবে । কৃষি কৰ্মৰ লগত মহিলাসকল ওতঃপ্ৰোত ভাৱেই জড়িত হৈ থাকে । মিচিং মহিলাৰ দৈনন্দিত কাৰ্যসূচী আৰম্ভ হয় কুকুৰাই প্ৰথম ডাক দিয়া সময়ৰ পৰা । পথাৰলৈ যাওঁতে মিচিং তিৰোতাই খালী হাতে নায়ায় । হাতত থাকিব টাকুৰী সূতা কাটিবৰ বাবে ঘৰুৱা কৃষি কৰ্মত তেওঁলোকে সকলো দিশত সম পৰিমানত শাৰীৰিক পৰিশ্ৰম আগবঢ়ায় ।
ইয়াৰ বাহিৰেও আজৰি সময়ত বিশেকৈ মিচিং গাভৰু ছোৱালীয়ে নিজৰ ব্যক্তিগত আয়ৰ বাবে এবিধ খেতি কৰে । ইয়াক ৰিকচেং বুলি কোৱা হয় । পথাৰত অব্যৱহৃত মাটি এটুকুৰাত তেওঁলোকে নিজে বা আন দুই এজন মানুহ নিয়োগ কৰি হাল কোৰ বাই মাহ , ধান , সৰিহ আদি সিঁচে । সময়ত সেইবোৰ চপাই বিক্ৰি কৰি ব্যক্তিগত খৰচ কৰি আৰু লগতে ঘৰখনকো আৰ্থিক ভাবে সকাহ দিয়ে । ইয়াৰ বাহিৰেও মিচিং তিৰোতাই গাহৰি, ছাগলী , হাঁহ , কুকুৰা পুহি ঘৰত খোৱাৰ উপৰিও সেইবোৰ বিক্ৰি কৰিও আৰ্থিক ভাৱে স্বাৱলম্বী হ'ব পাৰে । আৰু পঢ়া শুনা কৰা ছোৱালীয়ে নিজৰ প্ৰয়োজনীয়তা কিতাপ , কাগজ আদি কিনি লয় । কিয়নো অশিক্ষিত কৃষিজীৱী মিচিং সমাজত স্ত্ৰী- শিক্ষাৰ মূলায়ন এতিয়াও সঠিক ভাৱে হোৱা নাই । বহু পিতৃ- মাতৃয়ে ছোৱালী শিক্ষাক এক বোজা তথা গৌন হিচাবে বিবেচনা কৰে । ফলত মিচিং ছোৱালীয়ে এনেদৰে ব্যক্তিত উপাৰ্জনেৰে পঢ়া শুনা কৰে । লগতে পৰিয়ালৰ বোজা হৈ থাকিব নিবিচাৰে ।
বৰ্তমান প্ৰকৃতাৰ্থত মিচিং সমাজত নাৰীৰ স্হান সন্মানজনক । কিন্তু সমাজখন পিতৃ প্ৰধান হোৱা গতিকে পুৰুষসকলে কোনো সময়ত নাৰীৰ মৰ্যদা হানি কৰা দেখা যায় । তাৰ উদাহৰণ অতীতত "দলুং কৌবাং " আদি ৰাজহুৱা অনুষ্ঠানত তিৰোতাক সক্ৰিয় অংশ গ্ৰহণ কৰিবলৈ দিয়া নাছিল কিন্তু কৃষি কৰ্মৰ লগত জড়িত আৰৃগ দবুৰ পূজাত গিৰিয়েক - ঘৈণীয়েক লগ লাগিহে সমাধা কৰিছিল । আৰু আজিও কৰে ।
মিচিং সমাজত আৰু কিছু ক্ষেত্ৰত নাৰীৰ স্হান অবনমিত হোৱা যেন দেখা য়ায় । মিচিং চাংঘৰৰ শিতানত ৰৃঃছৃং আৰু ভৰি পথানৰ ফালটো কক্ তক্ বোলা হয় । সচৰাচৰ ৰৃঃছৃংত পুৰুষ সকল বহে আৰু কক্ তক্ ৰ ফালে নাৰীয়ে বহি ৰন্ধা- বঢ়া ইত্যাদি কাম কৰে । এই বিভাজনে নাৰীৰ মৰ্যদা হানিক বুলি বহুতে ক'ব বিচাৰে । কিন্তু পুৰুষৰ বাবে নিদ্ধাৰিত বুলি কোৱা যদিও সন্মানীয় আৰু বৃদ্ধা মহিলাক ৰৃঃছৃঙত বহিবলৈ দিয়া হয় । পিতৃ মাতৃ সন্মানীয় ব্যক্তি বহি থাকোতে জীয়ৰী বোৱাৰীয়ে ৰৃঃছৃঙৰ পিনে অহা যোৱা কৰা নীতি বৰ্হিভূত কাম । কিন্তু পুৰুষ হ'লেও সমাজত ঠাই নোহোৱা কম বয়সিয়া লোকক ৰৃঃছৃঙত বহিবলৈ দিয়া নহয় । এনে নীতি নিয়ম কৰাৰ কাৰণে অৱশ্য মিচিং সকলৰ সংস্কৃতিক পৰিচয় হেৰাই যোৱা নাই ।
প্ৰচলিত প্ৰবাত মতে " তিৰি নোহোৱা ঘৰ নিমখ নোহোৱা আঞ্জাৰ দৰে ।" গতিকে দেখা যায় যিকোনো সমাজেই পুৰুষ আৰু নাৰীৰ সহযোগত হে উন্নতি শিখৰলৈ আগবাঢ়ি যাব পাৰে । শেষত , ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ভাষাত " এখন দেশৰ সাংস্কৃতিক বা আধ্যাত্মিক দিশৰ প্ৰতিফলন নাৰীয়েহে কৰিব পাৰে ।
No comments:
Post a Comment