স্মৃতিৰ পদূলিত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

স্মৃতিৰ পদূলিত

 স্মৃতিৰ পদূলিত

                                             দীপশিখা মিলি

                                               গৌৰিসাগৰ, শিৱসাগৰ




স্মৃতিৰ পদুলিত আজিও ৰৈ আছে তোমাৰ প্রতিশ্রুতি

মোৰ আজিও মনত আছে তুমি দিয়া সেই প্রতিশ্রুতি

তুমি চাগে পাহৰিলাই

মোৰ কিন্তু আজিও মনত আছে।

তোমাৰ মনত আছেনে সেই সময়ত ৰদে বৰকৈ ধৰিছিল

আমাৰ গাত তথাপিও তোমাৰ দুচকুত চকু থৈ

মাথোঁ কৈ গৈছিলো আমাৰ সপোনৰ কথাবোৰ

আৰু এটা কথা তুমি মোক বুজাইছিলা প্রতিশ্রুতিৰ অর্থ

আৰু জীৱনৰ সংজ্ঞা কিন্তু আজি।

সেই সময়ৰ প্ৰতিশ্ৰুতিবোৰ তোমাৰ কাৰণে ছাগে মাথোঁ

কেইটামান শব্দহে আছিল কিন্তু মোৰ বাবে ..

আজিও স্মৃতিৰ পদুলিলৈ চাওঁ বাৰে বাৰে কিজানিবা

তুমি আহি কবাহি আমাৰ সেই প্রতিশ্রুতি আজি বাস্তৱ

হোৱাৰ পথত।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages