তোমালৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

তোমালৈ

 তোমালৈ

                                           ৰাজ তিলক মেদক

                                       অকাজন, চিলাপথাৰ, ধেমাজি




প্রকৃতিয়ে আজি মোৰ সাক্ষী,

জেঠৰ মেঘাচন্ন আকাশ

শাৰী-শাৰীকৈ এজাৰ ফুলৰ পথ

এটি সুবাস আহে....

আমাৰ সানিধ্যৰ স্মৃতিবোৰ।

কেতিয়াবা আকৌ সপ্তৰঙী আকাশ

বিভোৰ হঁও মই অভিশপ্ত ক্ষণত

পুনৰাবৃত্তি ভয়ার্তত.....

তুমি জানা?

মই নিকা আছিলোঁ।

আজি মই এক নিজান দ্বীপত

বছৰৰ ছয় ঋতু মোৰ সংগী,

নিদ্ৰাহৰণ গভীৰ নিশাত

পতংগৰ বিননিত সাৰে থাকো

তোমাৰ আলিংগনৰ তাড়নাত.....।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages