বাৰিষা
যোগেশ্বৰ লাগাছু
জীয়াঢল দিহিৰি , ধেমাজি
আহোঁ আহোঁকৈ আহিল বৰ্ষা
গোটেই বুকুত বাৰিষা ।
বাৰিষাতে বান
সকলো উচন...
কনেঙই বাৰিষা আহি
বানপানী হ'ল
ঘৰ-বাৰী
গৰু-মহৰ হালো উটুৱাই লৈ গ'ল
কনেঙই তুমি আঁতৰি যোৱাৰ পৰা
বুকুখন খৰাং হ'ল
সেউজ পাতবোৰ সৰি গ'ল
শোকৰ ঠিকনা এটি হ'ল ।
এই বাৰিষাতে খৰাং পথাৰে
পিয়াসী উদৰ পূৰাই
বৰ্ষাৰ তালে তালে
কত জনৰ সপোন
ৰমক্জমক্ নাচোন ।
এই আহোঁ আহোঁকৈ আহিল বৰ্ষা
গোটেই বুকুত বাৰিষা ...
No comments:
Post a Comment