মনত পৰেনে
ভাস্কৰ মেদক
কেতিয়াবা মনত পৰেনে
মধুৰ স্মৃতিবোৰ ?
কি যে মধুৰ সেই ক্ষণ
সকলো দুখ, যাতনা
আঁতৰাই ৰচিছিলো
সপোনৰ নিজৰা।
সকলো থান বান হৈ গল
এজাক বলিয়া ধুমুহাত
মনত পৰেনে ?
আনন্দৰে হৃদয়ভৰা মৰমবোৰ
অতীতৰ হাঁহি ধেমালি কান্দোনৰ,
মিশ্ৰিত টুকুৰাবোৰ !
গভীৰতা আৰু সংকীৰ্ণতাৰ
মাজত যেন লুকাই গল
সেই সকলোবোৰ স্মৃতি।
No comments:
Post a Comment