জৈৱ বৈচিত্ৰ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 14, 2021

জৈৱ বৈচিত্ৰ্য

 জৈৱ বৈচিত্ৰ্য

                   প্ৰগ্ৰেছ মেদক

              প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী সংৰক্ষক


    


     পৃথিৱীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱৰ পৰা আৰম্ভ কৰি নানা প্ৰজাতিৰ পোক - পতংগ, পশু-পক্ষী, গছ-গছনি আদি বিভিন্ন ধৰণৰ জীৱবোৰে একোটা ভৌগোলিক অঞ্চলত মানৱ জাতিৰ সৈতে একেলগে বসবাস কৰে। এখন ঠাইৰ উদ্ভিদ, প্ৰাণী, অনুজীৱ আদিৰ সকলো জাতি আৰু প্ৰজাতি সংখ্যাৰ প্ৰাচুৰ্য্য আৰু সিহঁতৰ মাজৰ ভিন্নতাই সেই ঠাইৰ জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়।

       পৃথিৱীৰ প্ৰতিবিধ প্ৰাণী আৰু উদ্ভিদেই নিজস্ব অস্তিত্ব ৰক্ষাৰ বাবে পৰস্পৰ নিৰ্ভৰশীলতাক প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। বিভিন্ন খাদ্য শৃংখলৰ যোগেদি জীৱ জগতৰ পৰস্পৰ নিৰ্ভৰশীলতা আমি দেখিবলৈ পোৱা যায়। যেনে - পোক-পতংগ, ফৰিং আদিয়ে গছৰ পাত খায়। জেঠী জাতীয় সৰীসৃপ প্ৰাণীয়ে পোক-পতংগ, ফৰিং আদি খাই সংখ্যা নিয়ন্ত্ৰণ কৰে। সাপে আকৌ জেঠী ভক্ষণ কৰে। সেইদৰে নেউলৰ খাদ্য হল সাপ। ইফালে নেউলক আকৌ শেন চৰায়ে খায়। আকৌ শেন চৰাই বা নেউলৰ মৃত্যুৰ পিছত মাটিত থকা অনুজীৱবোৰে শৱ দেহৰ বিয়োজন ঘটাই মাটিত বিলীন হৈ মাটিৰ পুষ্টি বঢ়ায়। এই পুষ্টি উদ্ভিদ বৃদ্ধিত সহায় কৰে। তেন্তে দেখা যায় যে উদ্ভিদ, পতংগ, জেঠী, সাপ, নেউল, শেন চৰাই, অনুজীৱ আদিৰ অস্তিত্বৰ বাবে এটাৰ ওপৰত আনটো নিৰ্ভৰশীল। তেনেদৰে জলবাসী জীৱবোৰৰো খাদ্য শৃংখলৰ কথা আমি জানিব পাৰো। সেইদৰে পানীত থকা মাছ মানুহৰ প্ৰিয় খাদ্য। পোক-পতংগ খাই ভেকুলীয়ে, আকৌ সাপে ভেকুলী খাই ভেকুলীৰ বংশ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। এইদৰে প্ৰতিবিধ জীৱৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰে খাদ্য শৃংখলৰ দ্বাৰা।

        জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰাকৃতিক ভাৰসাম্য সুৰক্ষাৰ অভিহনে মানৱ জাতিৰ সভ্যতা অধিক দিন বৰ্তি থকা সম্ভৱ নহয়। জৈৱ বৈচিত্ৰ্যৰ এনে এক প্ৰাকৃতিক উৎস যাক মানুহৰ মৌলিক প্ৰয়োজন সমূহৰ ভিতৰত ধৰিব পাৰি। মানুহো এই জৈৱ বৈচিত্ৰ্যতাৰে এক অংগ হোৱাৰ বাবে এই বৈচিত্ৰ্যতাৰ সঠিক সংৰক্ষণ অবিহনে মানৱ জাতিৰ অস্তিত্ব অদূৰ ভৱিষ্যতে বিপন্ন হৈ পৰিব। মানুহৰ জীৱন যাপনৰ প্ৰতিটো প্ৰক্ৰিয়া যেনে - খাদ্য, গৃহ নিৰ্মাণ, উদ্যোগীকৰণ ইত্যাদি প্ৰাকৃতিক সম্পদৰ ওপৰতে নিৰ্ভৰশীল। সেয়েহে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰোঁতে যাতে কোনো এবিধ জীৱৰ অস্তিত্ব বিপন্ন নহয় সেই কথা চিন্তা কৰা উচিত।

       অসমৰ জৈৱ বৈচিত্ৰ্য বৰ্তমান অতি বিপন্ন। অসমৰ ১১৯ টা প্ৰজাতি উদ্ভিদৰ তালিকা বৰ্তমান ভাবুকি গ্ৰস্ত বুলি জনা যায়। এনে কেতবোৰ উদ্ভিদ হল বেঁতি বাঁহ, সাচি, ৰুদ্ৰাক্ষ, টকৌ আৰু অৰ্কিড সমূহ। লেডীজ শ্লীপাৰ, ব্লুভেন্দা আদি অর্কিডড আৰু দৰৱৰ গুণ থকা অসংখ্য উদ্ভিদৰ লগতে সৰ্পগন্ধা ইত্যাদি।

       অসমৰ বিভিন্ন বনাঞ্চলৰ লগতে অসংখ্য আৰ্দ্ৰভূমি আৰু জলাশয় ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, বৰাক নৈ আৰু উপনৈ সমূহক আশ্ৰয় কৰি অসমৰ বন্যপ্ৰাণী বৈচিত্ৰ্যতা গঢ় লৈ উঠিছে। অসমৰ বৃহৎ সংখ্যক স্তন্যপায়ী প্ৰাণী বানৰ গোত্ৰৰ ১৪ টা প্ৰজাতি আছে। ইয়াৰ ভিতৰত লাজুকী বান্দৰ, হলৌ বান্দৰ, আচামিচ মেকেক, গাহৰি নেজীয়া বান্দৰ, সোণালী বান্দৰ, হনুমান বান্দৰ, চচমাচকুৱা বান্দৰ, টুপীমূৰীয়া বান্দৰ, ৰিবাচ বান্দৰ অন্যতম। এইবোৰৰ শেষৰ দুটাৰ বাহিৰে বাকীবোৰ বিপন্ন।

        তৃণভোজী জন্তুৰ ভিতৰত এশিঙীয়া গঁড়, নল গাহৰি, শহাপহু, বনৰীয়া ম'হ, হৰিণা আদি জন্তুবোৰ বৰ্তমান বিপন্ন। হাতী বিপন্ন শাৰীত নপৰিলেও অৰণ্য ভূমিৰ সংকোচনৰ ফলত সিহঁতৰ বাসস্থানৰ অভাৱত হাতী আৰু মানুহৰ সংঘাত সংঘটিত হৈ আছে।

       ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ এসময়ৰ প্ৰচুৰভাৱে পোৱা শিহু বৰ্তমান বিলুপ্তিৰ পথত। অসমৰ নদী আৰু জলাশয়বোৰত এসময়ত উদ, ঘৰিয়াল, বিভিন্ন জাতৰ কাছ, নদীবাসী বৃহত্তম মাছ গৰুৱা, খৰস্ৰোতাৰ মাছ শিলঘৰীয়া, পিঠিয়া আদিৰ উপৰিও অজস্ৰ প্ৰজাতিৰ মাছৰ বিপন্ন পথত।

       অসমৰ প্ৰায় ৯৫০ টা প্ৰজাতি চৰাইৰ ভিতৰত দেওঁহাহঁ, হাড়গিলা, উলুমৰা, ভেলা, বৰটোকোলা, শগুন, শেন, ঈগল আদি চৰাই বিপন্ন।

       পতংগ শ্ৰেণীৰ অসংখ্য প্ৰাণীৰ ভিতৰত পাট, মুগা আৰু এড়ি চকৰী অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এই পতংগবোৰৰ ভিতৰত মুগা কেৱল অসমতহে পোৱা যায়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ একক জৈৱ বৈচিত্ৰ্যতা আৰু এই বৈচিত্ৰ্যতাই সন্মুখীন হোৱা ভাবুকিলৈ চাই বিশ্বৰ ১৮ টা "হটস্পট" ( Biological Hotspot ) ভিতৰত ধৰা হৈছে ।

      বৰ্তমান সমগ্ৰ বিশ্বতে পৰিৱেশ আৰু প্ৰকৃতি সম্বন্ধে ব্যাপক সচেতনতাৰ সৃষ্টি হৈছে। বিভিন্ন জাতি প্ৰজাতিৰে সমৃদ্ধ জৈৱ বৈচিত্ৰ্য, প্ৰাকৃতিক পৰিৱেশৰ অবিচ্ছেদ্য অংগ। গতিকে পৰিৱেশ সংৰক্ষণৰ কাৰ্য্যসূচী প্ৰস্তুতি আৰু ৰূপায়নত জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণে সদায় অগ্ৰাধিকাৰ পোৱা উচিত।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages