মানৱ সভ্যতাৰ বিকাশত প্ৰযুক্তিবিদ্যাৰ বৰঙনি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 14, 2021

মানৱ সভ্যতাৰ বিকাশত প্ৰযুক্তিবিদ্যাৰ বৰঙনি

 মানৱ-সভ্যতাৰ বিকাশত প্ৰযুক্তিবিদ্যাৰ বৰঙনি

 পূৰৱী মৰাং




       বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ(Technology) যুগ৷ কাৰণ বৰ্তমান সময়ত আমি শুই উঠাৰ পৰা পুনৰ ৰাতি শুৱালৈকে বিজ্ঞানৰ অৱদানখিনিৰ ওপৰতে নিৰ্ভৰ কৰো৷ প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত প্ৰাচীনকালতকৈ বৰ্তমানৰ জীৱন বেছি সহজসাধ্য হৈ উঠিছে৷ প্ৰাকৃতিক সম্পদক সাধাৰণ সজুঁলিলৈ ৰূপান্তৰ কৰি লোৱাৰে পৰা বৰ্তমানলৈকে মানৱ প্ৰজাতিয়ে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সভ্যতাক আগুৱাই লৈ আহিছে৷ বিশেষকৈ আধুনিক কালত ইয়াৰ প্ৰসাৰ হৈছে দ্ৰুতগতিত ৷ এক কথাত ক’বলৈ গ’লে বিশ্বৰ মানৱ সভ্যতাৰ বিকাশত যি বিকাশ হৈছে তাৰ মূলতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদানৰাজিয়েই প্ৰধান বুলি ক’ব লাগিব৷ কিয়নো প্ৰাচীনকালত জুইৰ আৱিষ্কাৰ, চকাৰ আৱিষ্কাৰ আদি হোৱা সময় অতিক্ৰম কৰি বৰ্তমান সময়ত ছপাশাল, টেলিফোন, ইণ্টাৰনেটৰ আৱিষ্কাৰে পৃথিৱীখনক যেন এখন গাৱলৈ সংকুচিত কৰি, মানৱ সভ্যতাক বিকশিত কৰিছে৷


     আমাৰ জীৱন-শৈলী উন্নত কৰিবলৈ প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনী নীতিয়ে বহুতো অৱদান আগবঢ়াই আহিছে৷ যাৰ ফলত গৱেষণা আৰু উদ্ভাৱনাই ন ন প্ৰচেষ্টাৰে নতুন নতুন পথ দেখুৱাই আহিছে৷ বিশ্বৰ দেশসমূহত অৰ্থনীতিৰ উচ্চ বিকাশ তথা আৰ্থসামাজিক উন্নয়নৰ দ্বাৰা মানৱ সভ্যতাক ক্ৰমে ক্ৰমে বিজ্ঞানভিত্তিকভাৱে উৎকৰ্ষ সাধন কৰিবলৈ যোগাই আহিছে অৰিহণা, কেৱল মাত্ৰ প্ৰযুক্তিবিদ্যাই৷

    মানুহৰ মাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে সমাজত থকা অন্ধবিশ্বাস, কু-সংস্কাৰ আদি আঁতৰ কৰাত প্ৰযুক্তিবিদ্যাই বৰঙনি যোগাই আহিছে৷ তদুপৰি মানৱ-সমাজ আৰু জীৱ-জন্তু আৰু চৌপাশৰ পৰিৱেশক নিয়ন্ত্ৰণ কৰাত প্ৰযুক্তিয়ে বহু সহায় কৰিছে৷ 

     প্ৰাচীনকালৰ অভাৱ অনাটন, যাতায়তৰ অসুবিধা আদিৰ পৰিধি ভাঙি সপ্তদশ শতিকাৰ মাজভাগত ইউৰোপৰ কেইগৰাকীমান বিজ্ঞানীৰ চিন্তা-গৱেষণা আৰু প্ৰয়োগ-কৌশলৰ উদ্ভাৱনে সমাজত খলকনি তুলিছিল৷ তাৰ পৰৱৰ্তী কালত যন্ত্ৰপাতিৰ আৱিষ্কাৰে যাতায়ত, শিল্প-উদ্যোগ আদিত বিপ্লৱ সূচনা কৰিলে৷ নিউটনৰ পদাৰ্থবিজ্ঞানে, গেলিলিঅৰ জ্যোতিৰ্বিজ্ঞানে আৰু ডাৰউইনৰ জীৱ বিজ্ঞানে মানুহক নতুন ধৰণে ভাবিবলৈ শিকালে৷ মানৱ সভ্যতা ক্ৰমে ধৰ্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ এখন সুস্থ গতিশীল সমাজৰ দিশে গতি কৰিবলৈ ল’লে৷ ফলত আমেৰিকা, জাপান, আৰু ইউৰোপৰ উন্নত দেশবোৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভেটিতে গঢ় লৈ উঠিল৷ বিশ্ব-ব্ৰহ্মাণ্ডৰ বিষয়ে বুজিবলৈ, পৰ্যবেক্ষণ কৰিবলৈ তথা অধ্যয়ন আৰু গৱেষণা কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানৱসমাজক সহায় কৰিছে৷তদুপৰি মানুহৰ বিভিন্ন ৰোগৰ উন্নত চিকিৎসা, কৃষিকৰ্মৰ উন্নত পদ্ধতি, বসবাসৰ উন্নত ব্যৱস্থা আদিৰ আৱিষ্কাৰৰ মূলতেই হৈছে প্ৰযুক্তিবিদ্যা৷

    বৰ্তমান সময়ত আমি ব্যৱহাৰ কৰা ম’বাইলটোৰ কথাকে যদি কওঁ তেতিয়া ইয়াৰ সুদুৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে আমি গম পাওঁ৷ শিক্ষাৰ্থী সকলৰ অনলাইন শিক্ষাৰ উপৰিও সমাজখনৰ ভিন্ন মানুহৰ সৈতে ই আমাক ঘৰতে থাকি লগপোৱাৰ সুবিধা কৰি দিয়ে৷ ঘৰতেই হওক বা বাহিৰতেই হওক প্ৰযুক্তিবিদ্যাই মানুহৰ প্ৰগতি আৰু জীৱন ধাৰণৰ মান উন্নত কৰি মানৱ সভ্যতাক দোপতদোপে আগুৱাই নিছে৷ 

আনহাতে প্ৰযুক্তি আৰু বিজ্ঞানে বহু বিজ্ঞানী তথা প্ৰযুক্তিবিদৰ জন্ম দিছে৷ যি আমাৰ দেশ তথা সমাজৰ উন্নয়নৰ কাৰণে গোটেই জীৱনজোৰা অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা আমাক উপকাৰ কৰি থৈ গৈছে আৰু কৰি আছে৷ আইনষ্টাইন, চি. ভি. ৰমণ, এ.পি.জে. আব্দুুল কালাম, ড° মনমোহন সিং আদিৰ দৰে বৰেণ্য ব্যক্তিৰ নাম আমি সকলোৱে শুনিছোঁ৷ যি সকলৰ সমস্ত জীৱন মানৱ সভ্যতা বিকাশৰ বাবে উৎসৰ্গিত৷ 


   আকৌ প্ৰযুক্তিবিদ্যাৰ যিদৰে ভাল গুণ আছে ঠিক সেইদৰে সমাজক বিপথে পৰিচালিত কৰাৰো বহু দিশ আছে৷ সেয়েহে আমি ইয়াৰ সঠিক ব্যৱহাৰেৰে, প্ৰকৃতিৰ সম্পদ তথা দেশৰ সম্পদৰাজিৰ সু- ব্যৱহাৰৰ বাবে উন্নত ব্যৱস্থা গ্ৰহণ কৰি, উদ্যোগীকৰণ আৰু উন্নয়নৰ দিশত খোজ দিব লাগিব৷ তাৰ বাবে বিশ্বৰ সকলো দেশৰে সকলো মানুহৰে মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত সমাজৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰাটো সময়ৰ তাগিদা৷ সেই লক্ষ্যত উপনীত হ’বলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঠিক প্ৰয়োগ কৰিলেহে মানৱ সভ্যতাক বহুদূৰ আগুৱাই নিব পৰা যাব৷ নহ’লে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিৰূপ প্ৰভাৱে মানৱ জীৱনৰ যে ধ্বংস মাতি আনিব সেই ধাৰণাও বহু চিন্তাবিদে সময়ে6 সময়ে প্ৰকাশ কৰা দেখা যায়৷



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages