বিশেষ বুলিবলৈ একো নাই
তিলেশ্বৰ কামান
বিশেষ বুলিবলৈ একো নাই।
সেই তৃষ্ণাও নাই
ব্যাকুল ভাৱনাবোৰ কবৰ দি থৈ আহিছো
বৰফলৈ ৰূপান্তৰ হৈছে যৌৱনৰ তৰংগ...
ইয়াত খৰাং বতৰ
চিৰালফটা সময়
চকুৰ পৰা সেউজীয়াখিনি হালধীয়া হৈ হৈ সৰি আছে
ক্ৰমশঃ
আপুনি ভবাৰ দৰে এতিয়া তেনে কোনো উসৎৱ নাই হৃদয়ত আবিৰ সানিবলে
মাজ ৰাতি অজানিতে অবাধ্য লতাৰ দৰে বাঢ়ি অহা আঙুলিবোৰ কাটি পেলাওঁ
জানোছা টোপনি ভাঙে
শুই থকা স্মৃতিৰ...
No comments:
Post a Comment