তপা তপস্বী
ঋষভ নাথ
গল জ্বলা-পোৰা কৰিলেও কৰক
তপত ওকালি পিপৰাই খাওক
মুঠতে এমুঠন মঙহৰ সঁচত
থাকিব লাগে ভৱিষ্যত
পেটৰ পুলিয়ে চুলি মেলিলে
চিলনী-মাকে নাজানিবনে
ঘাঁহৰ দৰে শীঘ্ৰে দীঘল হৈ অহা
গিলগামেছক ভোকে চকু পিন্ধাইছে
আশা অসীম সি এদিন চিকাৰ কৰিব
দেউতাকে পোহৰৰ পম নাপালেও
সি বধিবই জংঘলী আন্ধাৰ
নাম যিয়েই দিয়া নহওক
ক'লা-বগা চিন্তাৰে মেৰ খাই
প্ৰত্যেকৰে এখন পৃথিৱী
কান্ধত থকাটো সঁচা
এটা কামোৰ পিছত খজুৱতি
খজুৱতিৰ পিছত কামোৰ নেদেখি লেখি
আঙুলি-ফালত ছাল নুঠালৈকে
লালকাল পিজলিও
চুলি যাৰ ৰ'দত নপকিল বতাহত নসৰিল
তাৰ সমান সৌভাগ্যবান জন্মিবলৈ টান
আকৌ ঔ-বীজ ৰুই দিনটোৰ মূৰত
যিয়ে ফুলাব নোৱাৰে জেতুকা
আর্চি ভাগিবনে তাৰ গোৰত
তপা সুখ-বিমুখ ভিক্ষু যিয়ে
চেহেৰা হেৰুওৱাৰ পিছত
শেষৰ শাৰীত মাগিও
দুনাই নাপায় ঠাই
বিঢ়াৰ দুনিয়াত
তপাসকল পিছে ধনী অমনোযোগেৰে
তেওঁলোকে সঠিক কৈ দিব পাৰে
এখন ফণিৰ দাঁতেৰে অকাতৰে
সৰকি পৰা ধানৰ পৰিমান
বিধাতাই অপত্যৰ চুলি দাই নিলে
তেওঁলোকে তেজ নোটোকে
তপা তপস্বীসকলৰ চুলি বিজুলী
এবাৰ মৰুভূমিৰ অধিকাৰী হ'লেও
তেওঁলোকে জীৱনত ৰুব পাৰে হাত
তেওঁলোকৰ ভৰিৰ তলত পৰে পাত
No comments:
Post a Comment