অপেক্ষা
নয়নমনি কামান
ঢকুৱাখনা, সােৱণশিৰি
বিধস্ত বিশ্বৰ
বিধস্ত মানৱ
চৌপাশে হাহাকাৰময়,
দৈনিক চটপটাই
আবেলি অন্ধকাৰ।
পুৱতি নিশা আকাশখনলৈ ৰ' লাগি ।
নক্ষেত্ৰবােৰৰ চিকমিকনি,
গণি শেষ কৰিব নােৱাৰোঁ মই
উগুল-থুগুল ও হৃদয়।
কল্পনাৰ সাগৰত বিভােৰ হঁও
বাস্তৱিকৰ তাড়নাত।
অপেক্ষাৰ বাটত আছোঁ ৰৈ
তােমাক নােপােৱাৰ বেদনাত।
No comments:
Post a Comment