যান্ত্ৰিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 13, 2021

যান্ত্ৰিক

 যান্ত্রিক

         হেমন্ত দলে 

         পুৰনা পাৰঘাট (গোগামুখ) 




মানুহ তুমি যান্ত্রিক যুগৰ

ব্যস্ত তুমি নিজৰ মাজত

মৰমৰ সহাঁৰি দিবলৈ নাই

তোমাৰ হাতত অকনো সময় ।


চাৰিও দিশে যান্ত্রিকতাৰ জোঁৱাৰ

যিটো জোৱাৰে কৰে ভাগৰ

য'ত মানুহ নামৰ জীৱৰ 

আত্মাক সলাই কৰিছে যন্ত্র ।


নাই কাৰো সময় ধৰণীত

দুখ-যন্ত্রণাত ভুগা মানুহৰ

সহাঁৰি জনোৱা

আছে মাথো প্ৰৱঞ্জনা । 


যান্ত্রিকতাৰ মাজত আমি 

সবে কৰিছো কি ? 

হে জীৱশ্ৰেষ্ট মানুহ 

নালাগে আমাক যান্ত্রিকতাৰ জীৱন।


আহা আমি সবে মিলি

গঢ়ো এখন নতুন পৃথিৱী

য'ত থাকিব মাথো মানুহৰ 

মাজত মৰম -চেনেহ শ্ৰদ্বা- ভত্ত্বি ॥ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages