আইৰ বিনন্দীয়া কোলাত সৰগতকৈও অধিক সুখ
বুলমণি বৰি
বুকুৰ সোঁমাজত যদিও মাতৃৰ মমতা
মোক পথালি কোলাত লৈ বহিবলৈ
মোৰ আইৰ সময় নাই
মোৰ আইয়ে গায়
জীৱন আৰু জীৱিকাৰ গান ।
মোৰ আইয়ে নাজানে ঘড়ীৰ সময়
ঘৰমুৱা পক্ষীৰ কিৰীলিত বেলিতো সামৰে
সন্ধ্যালগা গৰখীয়াই খেদিঅনা গৰুজাকৰ
ধূলিৰ চিনাকি গোন্ধটোৰ সতে ঘৰলৈ উভতে ।
মোক পথালি কোলাতেই লৱক বা
বোকোচা কোলাতেই লৱক
এইয়া আইৰ হৃদয়ৰ স্বাধীনতা
সমাজ গঢ়াৰ স্বাধীনতা আৰু
আইৰ দেহৰ ঘামৰ গোন্ধতো মোৰ
নিৰাপত্তাৰ স্বাধীনতা ।
বুভুক্ষু হবলৈ ভাগ্যই নিদিয়ে
বুভুক্ষাৰ বাবে সময় আৰু কৰ্মই
জীৱনৰ চিনাকি দিয়ে
এটাই মাথো শান্তনা
পেটে-ভাতে খাই থকা
মোৰ আইয়ে নাজানে
আৱশ্যকতাৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ কথা ।
মোৰ আইয়ে নুবুজে সস্তীয়া সভ্যতা
আঁকিব নাজানে
শৃংখলিত নক্সাৰ বিশৃংখলিত আঁক
মোৰ আইয়ে নুবুজে চকুত কাজল লগাই
চকুৰ যতন লোৱাৰ কথা
নখত নেইলপলিছ লগাই
নখৰ যতন লোৱাৰ কথা
প্ৰসাধন অবিহনেই থিয় দিয়ে আইনাৰ সন্মুখত
প্ৰতিদিনে কুৰুৱা বতাহত উৰুৱাই দিয়ে
বিলাসী সপোন ।
ফটা আঁঠুৱাৰ তলত
সপোনৰ শুকুলা ঘোঁৰাত উঠি দৌৰে
মহবোৰে শ্লগান দিয়ে
মাতৃত্বৰ মৰম আৰু দায়িত্বৰে গঢ়ে
অনেক আত্মনিৰ্ভৰশীল জীৱন ।
মোৰ আইয়ে মোক পথালি কোলাত নললেও
মোৰ আক্ষেপ নাই
বোকোচা কোলাতে ডাঙৰ হম
মোৰ ওঁঠত হাঁহিৰ লহৰ তুলিবলৈ
মোৰ আইৰ যে বৰ কষ্টৰ জীৱন ।
No comments:
Post a Comment