কপালৰ সেন্দুৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 13, 2021

কপালৰ সেন্দুৰ

 কপালৰ সেন্দুৰ

                                 ৰাজু কুমাৰ নৰহ




উঠনােৱা বুকুত মেঠনী মৰা

দেহত দৃষ্টি নিমগ্ন শিশুৰ

মাতৃ স্নানৰ যুঁজ

টাকুৰী ঘূৰাই ঘূৰাই

কর্মত মগ্ন মাতৃৰ

শুকুলা বাটেদি চুটি চুটি খােজ

আৱেগিক হৈ চিঞৰি উঠা

শিশুৰ কান্দোনত প্ৰাণ পাই উঠে

প্রকৃতিৰ গীতৰ লহৰ

এনে সুৰত মন্ত্রমুগ্ধ হৈ

মাতৃৰ মেঠনী খুলি

স্তনপান যুঁজৰ সমাপ্তি ঘটে।

ক্রমান্বয়ে নিৰৱতাই ধাৱমান হয়

আকাশৰ এটি কোণত

হৃদয় বিদাৰক সপােনবােৰ প্ৰৱাহিত হয়,

আৱেগিক জীৱনৰ গতিশীল ৰেখাৰ

শিৰে শিৰে

হঠাৎ মনৰ চিমকাৰ্ডত এৰি অহা

অতীতৰ চিলাই থােৱা পাতবােৰ

খােল খায় এখিলা দুখিলা….


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages