অতৃপ্তি
অলকেশ কলিতা
এনেকৈয়ে জীয়াই থাকা আৰু ঢেৰ অতৃপ্তিৰ জন্ম দিয়া।
কেৱল সময়েহে নিজকে পৰিপূৰ্ণ কৰিব পাৰে
তাৰ প্রিয় চাটনিৰে।
কি ভবা হৈছে বাৰু
বতাহ ক্ৰমাৎ অশান্ত হৈ আহোঁতে?
বিস্তৰ আকাশৰ মেঘ, মহাসাগৰ আৰু ধুমুহাৰ গৰ্জন......
সেই সিংহৰ মুখামুখি হোৱাৰ সময়ত
উঠে অপাৰ্থিৱ ভীতি-নৃত্যৰ লয়
সুন্দৰ নহয়, সুন্দৰ নহয়।
আৰু ফালি চিৰি নেফানেফ হৈ যোৱা মানুহৰ মনৰ মঙহ।
বহুবাৰ আমনিয়ে খাই পেলায় সকলো।
কিয়নো সেই জুই নুমাল, যে আমাৰ অগ্নিপৰীক্ষা হ'ব।
এতিয়া আৰু নতুনকৈ প্ৰমাণ কৰিবলৈ তোমাৰ একোকে নাই,
সেয়ে নামি দিয়া তোমাৰ অভিজ্ঞতাৰ পাওদানিৰপৰা,
মানুহ,
অৱশেষত তোমাৰ অভিজ্ঞতা
মুঠেই নিৰ্ণায়ক নহ'ল ।
আমনিবোৰৰ চুড়াত
এখন বিশাল নিচান তৰি দিয়া
আৰু মচি থৈ আহাঁ তোমাৰ খোজৰ চিন।
প্ৰাৰ্থণা কৰোঁ, এই অশান্ত বতাহ যেন
সেই পতাকা কোবাই বৰ্ণালী তুলিবৰ বাবেহে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ ২০২১


No comments:
Post a Comment