উষামণি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, September 4, 2021

উষামণি

 উষামণি

 টংকেশ্বৰ পাঠৰী       




অহৰহ্ আশাৰ ভৰপুৰ বিদ্যালয় এখন

মোৰ চকুৰ আগত ভাঁহি থাকে

বুকুত বাজি থাকে এটা প্ৰজন্মৰ 

অনাগত দিনৰ জীৱনৰ কুঁহিপাঠ


মই এজন শিক্ষক হ'ব বিচাৰো

জাতে-পাতে শিক্ষক

তেজে তেজে মোৰ শিক্ষকতাৰ কাতৰতা


মই নিজে এসাজ নোখোৱাকৈ থাকি

ভোকাতুৰ অথবা সেই অমায়িক শিশুবোৰক

গাঁৱে গাঁৱে নগৰৰ আলিয়ে-গলিয়ে 

সিহঁতক বিচাৰি আনিব বিচাৰো

কোমলিয়া মনে সংসাৰলৈ বাট বুলি

যি আমাৰ বাবে জন্ম

যি আমাৰ ভৱিষ্যত


এতিয়া আঙুলিৰ মূৰত গণো

মই মোৰ ভৱিষ্যত

আৰু প্ৰতিদিনাই সিহঁতৰ কপাহ লাহি যেন

বৈ অহা আঙুলিবোৰ 

মই লিৰিকি বিদাৰি চাওঁ

মোৰ সপোনক মই তাতেই

বিচাৰি পাওঁ

তাতেই দেখো মোৰ ভৱিষ্যত

আৰু ভৱিষ্যতৰ পৃথিৱী খন


মই এজন শিক্ষক

এদিন মোৰ বুকুৰ উমেৰে মোৰ হাততেই

গজি উঠিব সিহঁত

অঁ ! মোৰ হাততেই…

একলা একলা কৈ ডাঙৰ হৈ আহিব

আৰু এদিন মোৰ হাতৰ মুঠিৰ পৰা ওলাই আহিব

একো একোটি জোনাকী পৰুৱা

মই সিহঁতক মুক্ত কৰি দিম

কনমানি পাখি মেলি অকণ নিজৰ পোহৰেৰে

সিহঁত আকাশত উৰিব

বাঃ মই ক'ম- সেইয়া উষামণি !


শিক্ষাদানত ব্ৰতী

এজন শিক্ষক মই

সেইদিনা মই চিঞৰি চিঞৰি ক'ম-

সেয়া আমাৰ ভৱিষ্যতৰ উষামণি

আমাৰ ভৱিষ্যত সিহঁতকেই গটালো

ভৱিষ্যতৰ পৃথিৱী খন

সিহঁতলৈয়ে থলো

আমাৰ উত্তৰাধিকাৰী

সিহঁত !



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages