অসমীয়া চলচ্চিত্ৰ আৰু জাহ্নু বৰুৱা- এটি চমু আলোচনা
পূৰৱী মৰাং
চিনেমা, কথাছবি, বোলছবি, মোচন পিক্চাৰ, চলচ্চিত্ৰ, মুভি, ফিল্ম ইত্যাদি বিভিন্ন শব্দৰে বুজোৱা দৃশ্য-শ্ৰব্য মাধ্যমটি বিশ্বৰ সৰ্বকনিষ্ঠ কলা মাধ্যম৷ এই কলা মাধ্যম চলচ্চিত্ৰক বিষয় অনুসৰি মূলতঃ দুটা ভাগত ভগাব পাৰিঃ
ক) কাহিনী চিত্ৰ( Feature Film ) আৰু
খ) তথ্যচিত্ৰ( Documentary Film)৷
কাহিনীচিত্ৰত এটা কাহিনী কোৱা হয় আৰু তথ্যচিত্ৰত কোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধধৰ্মী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়৷
দৃশ্য-শ্ৰব্য তথা কলা-মাধ্যম হিচাপে একো-একোখন চলচ্চিত্ৰই সমাজৰ ভিন ভিন দিশসমূহক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে৷ চলচ্চিত্ৰ বা কাহিনীচিত্ৰক সেয়েহে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক তথা এটা গুৰুত্বপূৰ্ণ কলা বুলি অভিহিত কৰিব পাৰি৷ অসমৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক, গল্পলিখক নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়াই, চলচ্চিত্ৰ সম্পৰ্কে সংজ্ঞা দিবলৈ গৈ কৈছে - “ মানৱতা আৰু প্ৰকৃতিৰ কথা কোৱা, সৌন্দৰ্য আৰু সৃজনশীলতাৰে পূৰ্ণ কেমেৰাৰে পৰ্দাত লেখা এটা গল্প- এয়া মোৰ চিনেমাৰ সংজ্ঞা”৷
কাহিনী বা মূল বক্তব্যক ছবিৰ যোগেৰে বৰ্ণনা কৰাটো চলচ্চিত্ৰৰ মুল চৰিত্ৰ৷ অন্যহাতেদি ছবিখনৰ মাজেৰে কি কথা কোৱা হৈছে, সমাজ এখনৰ প্ৰেক্ষাপটত সেই বক্তব্য কিমানদূৰ গ্ৰহণযোগ্য, সেই বক্তব্যৰ মানৱীয় আবেদনৰ গভীৰতা কিমান, বাস্তৱৰ লগত ছবিখনৰ মিল কিমান আদি প্ৰসংগবোৰ ছবিখনৰ গুৰুত্ব বিচাৰৰ ক্ষেত্ৰত আলোচিত হয়৷ তদুপৰি চলচ্চিত্ৰ এবিধ শিল্পকৰ্ম৷ সেই শিল্পৰ স্ৰষ্টাজনেই পৰিচালক৷ একো একোজন নিপুন পৰিচালকৰ হাতত সমাজৰ ভিন্ন দিশৰ ছবিয়ে চলচ্চিত্ৰত ঠাই পায় আৰু ই চিন্তাশীল, গভীৰ আৰু প্ৰেৰণাদায়ক শিল্পকৰ্মলৈ ৰূপান্তৰিত হয়৷
অসমীয়া চলচ্চিত্ৰই জন্মলগ্নৰে পৰা সমাজৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, সংস্কৃতি, ঐতিহ্য-পৰম্পৰা, অৰ্থনীতি, ৰাজনীতি ইত্যাদিৰ স্বৰূপ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে বুলি ক’ব পাৰি৷ তদুপৰি বহুতো অসমীয়া চলচ্চিত্ৰই স্থান-কালৰ পৰিধি ভাঙি বিশ্বব্যাপি অসমীয়া সমাজ-জীৱনক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱাৰ পথত৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনা আৰু প্ৰযোজনাত ১৯৩৫ চনত বুৰঞ্জী আশ্ৰিত কাহিনীৰ আধাৰত “জয়মতী” চলচ্চিত্ৰ নিৰ্মাণেৰে অসমত চলচ্চিত্ৰ নিৰ্মাণৰ বাট সূচনা হয়৷ উক্ত চলচ্চিত্ৰখনত সমসাময়িক ব্ৰিটিছ ৰাজত্বৰ কালছোৱাত অসমীয়া জাতীয় জীৱনৰ ঐতিহাসিক চৰিত্ৰ জয়মতী কুঁৱৰীৰ চলচ্চিত্ৰায়ণত ৰজাঘৰৰ অন্যায় আৰু নিষ্ঠুৰ নিগ্ৰহৰ বিৰোধে জয়মতীৰ ত্যাগ আৰু আত্মোৎসৰ্গ এক নিৰৱ প্ৰতিবাদ আৰু সোভবোধ আদৰ্শৰ ইংগিতসূচক আছিল৷ জয়মতী চলচ্চিত্ৰ মুক্তিৰ পাছৰে পৰা এক সুদীৰ্ঘ ইতিহাসৰ সাক্ষী হৈ উত্থান আৰু পতনৰ মাজেদি আহি অসমীয়া চলচ্চিত্ৰই বৰ্তমানৰ অৱস্থা পাইছেহি৷ ইতিহাসৰ পৰা বুটলি লোৱা কাহিনী, সমাজৰ বিভিন্ন ঘটনা- পৰিঘটনা, আৰ্থসামাজিক দিশ, ৰাজনৈতিক দিশ, বাস্তৱ চৰিত্ৰৰ চিত্ৰায়ণ, সামাজিক সমস্যা, পৰিবৰ্তন ইত্যাদি বিভিন্ন দিশ পৰিস্ফুট হোৱা তথা পৰিচালকৰ জীৱনবোধ দৰ্শনেৰে চিত্ৰিত হোৱা অসমীয়া চলচ্চিত্ৰই অসমৰ সমাজ জীৱনৰ ছবি সুন্দৰভাৱে প্ৰতিফলিত কৰি আহিছে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, মঞ্জু বৰা, ভাস্কৰ হাজৰিকা , ৰীমা বৰা, ৰীমা দাস, সান্তনা বৰদলৈ, ৰতনশীল শৰ্মা, উৎপল বৰপূজাৰী, জয়চেং জয় দহোতীয়া, সঞ্জীৱ সভাপণ্ডিত ইত্যাদি অন্যতম পৰিচালক৷
এখন চলচ্চিত্ৰৰ সাফল্য নিৰ্ভৰ কৰে পৰিচালকৰ দক্ষতাৰ ওপৰত৷ কাৰণ চলচ্চিত্ৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দায়িত্ব একমাত্ৰ পৰিচালকৰহে৷
জাহ্নু বৰুৱা এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এক পৰিচিত নাম৷ বৰুৱাৰ চলচ্চিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাটো আমাৰ সন্মান আৰু গৌৰৱৰ বিষয়৷ ১৯৫২ চনত শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰা বৰুৱা, বাস্তৱ জীৱনৰ ছবি প্ৰতিফলিত তথা সামাজিক গুৰুত্ব থকা চলচ্চিত্ৰ নিৰ্মাণ কৰা এগৰাকী চিনাকি পৰিচালক৷ বৰুৱাই ২০০৩ চনত পদ্মশ্ৰী, ২০০৪ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ২০১২ চনত ভূপেন হাজৰিকা বঁটা৷ ২০১৫ চনত পদ্মভূষণ বঁটাৰে সন্মানিত হয়৷ ইয়াৰোপৰি তেওঁ “Indian Film Directors' Association”( ১৯৯৩ )-ৰ অধ্যক্ষৰ পদো অলংকৃত কৰিছিল৷
জাহ্নু বৰুৱাৰ ছবিবোৰ ব্যৱসায়কেন্দ্ৰিক জাক-জমকতাৰে পৰিপূৰ্ণ নহয়৷ বৰং নিজৰ চিন্তা- বক্তব্য প্ৰকাশৰ বাবে অতি পৰিচ্ছন্ন৷ ছবিৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আৰু দায়বদ্ধতা প্ৰতিখন ছবিতেই প্ৰতিফলিত হোৱা দেখা যায়৷ সেয়েহে বৰুৱাৰ ছবিবোৰ তেখেতৰ আন্তৰিক প্ৰচেষ্টাৰ ফচল বুলি ক’ব পাৰি৷ বৰুৱাৰ পৰিচালিত কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ’ল “অপৰূপা”, “হালধীয়া চৰায়ে বাওধান খায়”(১৯৮৭), “সাগৰলৈ বহু দূৰ”(১৯৯৫), “ফিৰিঙতি”(১৯৯২), “মেইনে গান্ধী কো নেহী মাৰা”(২০০৫), “কণিকাৰ ৰামধেনু”(২০০৩), “বান্ধোন”( ২০১২) , “অজেয়”(২০১৪), “পাখী”, “তৰা”, “ভগা খিৰিকী” ইত্যাদি৷
“হালধীয়া চৰায়ে বাওধান খায়” - ছবিখনৰ প্লটটি লোৱা হৈছে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ একে নামৰ প্ৰখ্যাত উপন্যাসৰ ভেটিত৷ ৰসেশ্বৰ বৰা, এগৰাকী গ্ৰাম্য লোক৷ তেওঁৰ পৰিয়াল, কৰ্ম, সপোন আদিৰে এটা চহা জীৱনৰ ছবি অংকন কৰি তোলা এই চলচ্চিত্ৰখন এখন যাউতিযুগীয়া চলচ্চিত্ৰ৷ সমাজখনৰ আশাৰ মাজত জীয়াই থকা মানুহবোৰৰ মুখৰ ভোকৰ ভাতমুঠি কাঢ়ি নিয়া মানুহবোৰ যেন হালধীয়া চৰাই৷ কাৰণ পথাৰত পকি উঠা হালধীয়া ধানবোৰ আৰু হালধীয়া চৰাইবোৰ দুৰৰ পৰা একেই দেখি৷ সেয়ে ধান খাই থকা হালধীয়া চৰাইবোৰ চকুৰে মণিব নোৱাৰি, ধৰিবও নোৱাৰি৷ তেওঁলোকে ঠিক যিদৰে হালধীয়া চৰাইৰূপী মানুহে কৰা শোষণবোৰ ধৰিব নোৱাৰে৷ ফলস্বৰূপে, সমাজৰ চহা আৰু সাধাৰণ মানুহবিলাক সদায়েই আশাত জীয়াই থাকিব লগা হয়৷
জাহ্নু বৰুৱাৰ এই চলচ্চিত্ৰখনত অসমীয়া সমাজজীৱনৰ সহজ-সৰল চৰিত্ৰ প্ৰকাশ পাইছে৷ বিচক্ষণ পৰিচালনাত, দুৰ্নীতিপৰায়ণা শাসক আৰু ইয়াৰ মেৰুত সুমোৱা শোষিত শ্ৰেণীৰ প্ৰতিচ্ছবি ফুটি উঠিছে৷
উক্ত ছবিখনে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছে৷
সেইদৰে অসম আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ক পটভূমি হিচাপে লৈ, সমসাময়িক সমস্যাৰ সংৰোপণেৰে “পাপৰি” চলচ্চিত্ৰখনত বৰুৱাৰ মৌলিক চিন্তাৰ প্ৰতিফলন ঘটিছে৷ আন এখন “বনানি” ছবিখনৰ কাহিনী অতি সংবেদনশীল৷
“ফিৰিঙতি” এখন নিতুল ছবি৷ সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত চলচ্চিত্ৰখনত গাৱঁৰ এখন স্কুলত জইন কৰিবলৈ গৈ অস্তিত্বহীন স্কুলৰ প্ৰতিষ্ঠাত অহোপুৰুষাৰ্থ কৰা এগৰাকী শিক্ষয়িত্ৰীৰ কাহিনী পোৱা যায়৷ আনহাতে “সাগৰলৈ বহুদুৰ” এখন সফল আৰু নিখুঁত চলচ্চিত্ৰ বুলি ক’ব পাৰি৷ চলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াক লৈ৷ নদীখনকলৈ জীৱন নিৰ্বাহ কৰা আৰু পৰৱৰ্তী দলং নিৰ্মাণৰ সময়ত হোৱা নাৱৰীয়াৰ মানসিক পৰিবৰ্তন দেখা পোৱা গৈছে৷ ইয়াত চহৰৰ মানসিকতাই গাৱঁৰ মানুহক কিদৰে ব্যৱহাৰ কৰে সেই ৰূপ ফুটাই তোলা হৈছে৷ কেইবাটাও চলচ্চিত্ৰ বঁটা বুটলিবলৈ সক্ষম হোৱা চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অনবদ্য অবদান৷
বৰুৱাৰ দ্বাৰা পৰিচালিত আন এখন চলচ্চিত্ৰ “কণিকাৰ ৰামধেনু” -ৰ কাহিনী আৰম্ভ হৈছে ১১ বছৰীয়া ল’ৰা কুকৈক কেন্দ্ৰ কৰি৷ কুকৈয়ে গাঁৱৰ ঘৰৰ পৰা পলাই গৈ এটা মটৰ গেৰেজত কাম কৰিবলৈ আৰম্ভ কৰে৷ মালিকৰ অত্যাচাৰত অতিষ্ঠ হৈ সি এদিন মালিকক লোহাৰে প্ৰহাৰ কৰে৷ ফলত মালিকৰ থিতাতে মৃত্যু হয়৷ কুকৈৰ বিচাৰ হয় আৰু অপৰাধী কিশোৰ থকা ঘৰ( Juvenile home ) লৈ পঠোৱা হয়৷ মনৰ আঘাতত হোৱা ল’ৰাটোক তাৰেই এজন অধীক্ষকে প্ৰকৃতিস্থ কৰাত সহায় কৰে৷ পৰৱৰ্তী এই অধীক্ষক বিশ্ব বড়োৱে কুকৈক তুলি লোৱাৰ দায়িত্ব লয়৷
কণিকাৰ ৰামধেনু ছবিখন মূলতঃ শিশুৰ মনস্তাত্বিক অৱস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে৷ এটা স্বাভাৱিক অৱস্থা নাপালে এটা শিশুৰ মানসিক অৱস্থাৰ কেনে ভয়াবহ পৰিণতি হ’ব পাৰে তাৰে প্ৰতিফলন আমি ছবিখনৰ জৰিয়তে দেখা পাওঁ৷সেইদৰে তেখেতৰ সাম্প্ৰতিক এখন ছবি “ভগা খিৰিকীৰ” মাজেদি এগৰাকী নাৰীৰ এক মৰ্মস্পৰ্শী জীৱনগাথাৰ চিত্ৰণ দেখা যায়৷
জাহ্নু বৰুৱাই কেৱল মাত্ৰ অসমীয়া চলচ্চিত্ৰই নিৰ্মাণ কৰিছে এনে নহয়৷ তেখেতৰ “মেইনে গান্ধী কো নেহী মাৰা” শীৰ্ষক ছবিখনৰ মাজেদি এগৰাকী আলজেইমাৰ ৰোগীৰ চৰিত্ৰ চিত্ৰণৰ জৰিয়তে সমসাময়িক কালছোৱাৰ আৰ্থ - সামাজিক দিশ প্ৰতিফলন কৰিবলৈ সক্ষম হৈছে৷
এইদৰে জাহ্নু বৰুৱাৰ ছবিসমূহত সমাজৰ বিভিন্ন দিশৰ চিত্ৰণ, নাৰী, শিশু, চহা জীৱনৰ মনস্তত্ত্ব প্ৰতিফলিত হোৱা দেখা যায়৷ কেইবাখনো মনোৰম বাস্তৱজীৱনৰ ছবি থকা বৰুৱাৰ চলচ্চিত্ৰসমূহ অসমীয়া আৰু ভাৰতীয় চলচ্চিত্ৰ জগতলৈ এক অন্যতম অৱদান৷ দুই এটা খুটি-নাটি থাকিলেও চলচ্চিত্ৰৰ পৰিচালনাত বৰুৱা সফল হৈছে৷ কিয়নো অসমীয়া চলচ্চিত্ৰ জগতত আঙুলিমূৰত গণিব পৰা কিছুসংখ্যক সামাজিক বাস্তৱবাদী চলচ্চিত্ৰৰ বাহিৰে বেছিভাগেই ব্যৱসায়কেন্দ্ৰিক আৰু মনোৰঞ্জনধৰ্মী৷ সেয়েহে প্ৰচলিত চলচ্চিত্ৰৰ বিপৰীতে কলাসন্মত চলচ্চিত্ৰ নিৰ্মাণত তেওঁ যথেষ্ট সফল পৰিচালক বুলি ক’লে বঢ়াই কোৱা নহ’ব৷ আশা কৰিছো অদুৰ ভৱিষ্যতে জাহ্নু বৰুৱাৰ চলচ্চিত্ৰই সাংস্কৃতিক, ৰাজনৈতিক, আৰ্থ-সামাজিক আদি দিশ উন্মোচনেৰে অসমীয়া বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটোক সমৃদ্ধ কৰি যাব৷
No comments:
Post a Comment