মিচিং ভাষা শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

মিচিং ভাষা শিক্ষা

 মিচিং ভাষা-শিক্ষা

                                   খগেন পেগু


             মি ইতিমধ্যে আগৰ পঠন পদ্ধতিৰে Abíg Kangkin, অৰ্থাৎ মিচিং বৰ্ণ পৰিচয় পাঠকৰ আগত দাঙি ধৰিলোঁ৷ এতিয়া নতুন বা সংশোধিত পঠন পদ্ধতিৰে আকৌ এবাৰ Abíg Kangkin, অৰ্থাৎ মিচিং বৰ্ণ পৰিচয় দিবলৈ চেষ্টা কৰিম৷ কিন্তু তাৰ আগতে বৰ্ণ-পৰিচয়ত ব্যৱহৃত কিছুমান নতুন শব্দৰ ৰূপতত্ত্বৰ বিষয়ে আমি কিছু ব্যাখ্যা আগবঢ়াও আহক৷ আমি অাশা কৰিছোঁ, ইয়াৰ দ্বাৰা সকলোৰে উপকাৰ সাধন হ'ব৷ কাৰণ, এইবোৰ হ'ল Linguistical(ভাষা-বিষয়ক) কথা৷

           (এক) Abíg+atta(বা botta)> Bíg+ta=Bígta নহৈ Bíkta(অৰ্থ. বৰফলা) হ'ল কেনেকৈ?—সেইবোৰ কথা বহুতেই চিধাকৈ বুজিব নোৱাৰি বিভিন্ন সময়ত প্ৰশ্ন কৰা দেখা যায়৷ ইয়াত Bíg+ta=Bíkta, অৰ্থাৎ gৰ ঠাইত k হ'ল কিয়?

          তাৰ উত্তৰটো হ'ল, ইয়াত সমীভৱন(Assimilation)ৰ কথা আছে যিটোৰ কাৰণে Abíg+atta> Bíg+ta=Bíkta হৈছে৷ অৰ্থাৎ ইয়াত ওচৰা ওচৰিকৈ থকা দুটা ধ্বনি g আৰু t-ৰ মাজত পশ্চাৎমুখী সমীভৱন বা পৰাগত সমীভৱন ঘটিছে৷ তাতকৈও অলপ স্পষ্টকৈ ক'বলৈ হ'লে, ইয়াত পিছৰ ধ্বনিয়ে আগৰ ধ্বনিক প্ৰভাৱিত কৰি সলনি কৰি দিছে৷ অৰ্থাৎ পাছৰ ধ্বনি t-ই আগৰ ধ্বনি g-ক প্ৰভাৱিত কৰি k-লৈ ৰূপান্তৰ কৰি দিলে৷ সেয়ে Bíg+ta=Bíkta হৈছে৷

              ইয়াতে এটা কথা উল্লেখ নকৰিলে আলোচনা অসম্পূৰ্ণ হ'ব৷ সেয়া হ'ল, প্ৰয়াত টাবুৰাম টাইদৰ দ্বাৰা লিখিত 'মিচিং ভাষাৰ বানান-পদ্ধতি' কিতাপখনত এইবোৰক কোৱা হৈছে p,t,k,sৰ আগত b,d,g নহৈ p,t,k,s হ'ব৷ অৰ্থাৎ অঘোষ(Voiceless) p,t, k, sৰ আগত সঘোষ(Voiced) b,d,g নহৈ p,t,k,s হ'ব৷

              (দুই) Gomug+í:téng/luténg> Mug+téng=Mukténgৰ ক্ষেত্ৰতো উপৰিউক্ত বৈয়াকৰণিক ৰীতিয়ে প্ৰযোজ্য হৈছে৷ এই প্ৰক্ৰিয়াৰে অৱশ্যে সকলো মিচিং শব্দৰ সন্ধি সাধিত হ'ব বুলি ক'ব নোৱাৰি৷ কাৰণ, বিভিন্ন মিচিং শব্দৰ সন্ধি বা সংযোজন প্ৰক্ৰিয়া বিভিন্ন ধৰণে সাধিত হ'ব পাৰে৷ তাৰ বাবে দ্ৰষ্টব্য এই লেখকৰ মিচিং ভাষাতাত্ত্বিক গৱেষণা গ্ৰন্থ 'মিচিং ভাষা আৰু সাহিত্য'ত সন্নিৱিষ্ট নিবন্ধ 'মিচিং ভাষাৰ সন্ধি অথবা শব্দ-সংযোজন প্ৰক্ৰিয়া৷

             (তিনি) উল্লেখযোগ্যযে অসমীয়া ভাষাৰ বৰ্ণমালাত থকা খ,ঘ,ছ,ঝ,...আদি মহাপ্ৰাণ বৰ্ণৰ মিচিং ভাষাত ব্যৱহাৰ নাই৷ কাৰণ, মিচিং ভাষাৰ অন্যতম এটা বৈশিষ্ট হ'ল, ইয়াত মহাপ্ৰাণ ধ্বনিৰ অভাৱ৷ কিন্তু বিশেষভাৱে ব্যক্তিবাচক বিশেষ্যপদ(Proper noun) লিখিবৰ কাৰণে h(হ) ধ্বনিটো মিচিং বৰ্ণমালাত অন্তৰ্ভূক্ত কৰা হৈছে৷

        (চাৰি) Mukténg, অৰ্থাৎ ব্যঞ্জনবৰ্ণবোৰ পঢ়োঁতে অসমীয়া দৰে ক গ ঙ...বুলি পঢ়িবলৈ কোৱা হৈছে যদিও লিখোঁতে সেইবোৰ অক্ষৰবিহীন(Non-syllabic) হ'ব৷ কিয়নো স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ ব্যঞ্জনবৰ্ণৰ উচ্চাৰণ নহয়৷ অৱশ্যে এতিয়া মিচিং বৰ্ণমালাৰ পঠন পদ্ধতি সলনি বা সংশোধন কৰা হৈছে বুলি আমি জানিব পাৰি৷



          মিচিং লিপিৰ সংশোধিত পঠন পদ্ধতি


              সেই সময়ত টোপনি ক্ষতিৰ ভয়ত আমি নিজেই অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিলোঁ যদিও 2019 চনত মাজুলীৰ নয়া বজাৰত অনুষ্ঠিত মিচিং আগম কৌবাঙৰ সাধাৰণ অধিবেশনৰ প্ৰতিনিধি সভাত মিচিং বৰ্ণমালাৰ পঠন পদ্ধতি সম্পৰ্কে পৰ্যালোচনা কৰা হয় বুলি আমি জানিব পাৰিছোঁ৷ তাত আগৰ পানিনিয়ান পঠন পদ্ধতিৰ সলনি সংশোধিত ৰোমান লিপিৰ বাবে ইংৰাজী পঠন পদ্ধতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা বুলি জনা গৈছে৷ সেইমতে মিচিং বৰ্ণমালাৰ সংশোধিত বৰ্ণক্ৰম ইয়াত লিখি দেখুওৱা হ'লঃ


A B D E G H I J K L M N O P R S T U W Y NG(ঙ) NY(ঞ) É(অৌ) Í(অৃ) :(দীৰ্ঘস্বৰ চিহ্ন)=25 টা৷

             এইবোৰ ইংৰাজী বৰ্ণমালা পঢ়াৰ দৰেই পঢ়িব লাগিব৷ সৰু ল'ৰা-ছোৱালীৰ পাঠৰ সুবিধাৰ বাবে মিচিং বৰ্ণমালাৰ বৰ্ণক্ৰম এনেকৈ সজোৱা হৈছেঃ


A B D E G

H I J K L

M N O P R

S T U W Y

NG(Ngo) NY(Nyo)

É Í :(Mugyar agod) 

        

           মিচিং ভাষাৰ বৰ্ণমালাত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ একেলগে পঢ়িব জনাৰ পিছত আমি এনেকৈ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণবোৰ পৃথক কৰি পঢ়াব পাৰোঁহকঃ


 (I) Mukténg(ব্যঞ্জনবৰ্ণ)—


B D G H J K L M N P R S T W Y NG(Ngo) NY(Nyo)=17 টা


(ii)Gomug(স্বৰবৰ্ণ)—


A E I O U É Í :(দীৰ্ঘস্বৰ চিহ্ন)=8 টা


Mugdéng(হ্ৰস্বস্বৰ)—


A E I O U É Í=7

         উল্লেখযোগ্যযে প্ৰতিটো হ্ৰস্বস্বৰৰ লগত দীৰ্ঘস্বৰ চিহ্ন(:) যোগ দিলে আমি মিচিং বৰ্ণমালাৰ দীৰ্ঘস্বৰবিলাক পাই যাম৷ যথা—


(iii) Mugyar(দীৰ্ঘস্বৰ)—


             A+:=A:

             E+:=E:

             I+:=I:

             O+:=O:

             U+:=U:

             É+:=É:

             Í+:=Í:


            এনেকৈ মুঠতে হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ মিলি 14 টা স্বৰবৰ্ণ৷ সেইবোৰ হ'বঃ


A A: E E: I I: O O: U U: É É: Í Í:


           মিচিঙত এইবিলাকৰ উচ্চাৰণ এনেকুৱা হ'বঃ

Aটো Apin শব্দত থকাৰ দৰে আ উচ্চাৰণ হ'ব৷

A:টো A:mত থকাৰ দৰে আঃ হ'ব৷

Eটো Engeত থকাৰ দৰে এ উচ্চাৰণ হ'ব৷

E:টো E:néত থকাৰ দৰে এঃ হ'ব৷

Iটো Inamত থকাৰ দৰে ই হ'ব৷

I:টো I:namত থকাৰ দৰে ইঃ হ'ব৷

Oটো Onamত থকাৰ দৰে অ হ'ব৷

O:টো O:namত থকাৰ দৰে অঃ হ'ব৷

Uটো Unamত থকাৰ দৰে উ হ'ব৷

U:টো U:namত থকাৰ দৰে উঃ হ'ব৷

Éটো Ésangত থকাৰ দৰে অৌ হ'ব৷ অৌৰ পৰা েকাৰ কাটি পঢ়িব৷

É:টো É:sangত থকাৰ দৰে অৌঃ হ'ব৷ েকাৰ কাটি পঢ়িব৷

Íটো Ísíngত থকাৰ দৰে অৃ হ'ব৷

Í:টো Í:ngত থকাৰ দৰে অৃঃ হ'ব৷

         শব্দৰ বানান কৰোঁতে আখৰবিলাকৰ নাম ইংৰাজী বৰ্ণ বা ধ্বনিপ্ৰতীকৰ দৰে উচ্চাৰণ কৰি মাতিব লাগিব৷ যেনে—


MIGOM=বানান=Em+Ai+Ji+O+Em=উচ্চাৰণ=Migom


APIN=বানান=E:+Pi+Ai+En=উচ্চাৰণ=Apin


PURANG=বানান=Pi+Iyu+Ar+E:+En+Ji=উচ্চাৰণ=Purang


A:YÉ=বানান=E:+:+Uai+É=উচ্চাৰণ=A:yé 


ÍSÍNG=বানান=Í+Es+Í+En+Ji=উচ্চাৰণ=Ísíng ইত্যাদি৷

              পঢ়োতে ইংৰাজী বৰ্ণমালাৰ দৰে পঢ়িলেও আগতে কৈ অহাৰ দৰে প্ৰতিটো মিচিং স্বৰবৰ্ণৰ উচ্চাৰণ এটা এটাহে হ'ব আৰু তেনেকৈ লিখোঁতে ব্যঞ্জন বৰ্ণবিলাক অক্ষৰবিহীন হ'ব৷ স্বৰবৰ্ণৰ উচা্চাৰণ, যেনে— Aৰ উচ্চাৰণ Apinত থকাৰ দৰে আ, Eৰ উচ্চাৰণ Engeত থকাৰ দৰে এ হ'ব ইত্যাদি৷

           দ্বিতীয়তে, আগত কৈ অহাৰ দৰে লিখোঁতে ব্যঞ্জনবৰ্ণ বিলাক অক্ষৰবিহীন হ'ব৷ তৃতীয়তে, Ng(ঙ) আৰু Ny(ঞ) মিচিং ভাষাৰ দুটা কূটযুক্ত ব্যঞ্জন ধ্বনিপ্ৰতীক বা বৰ্ণ৷ সেয়ে এই দুটাক ব্যঞ্জন বৰ্ণমালাত অন্তৰ্ভূক্ত কৰা হৈছে৷ সেইমতে মিচিং বৰ্ণমালা এনেকৈ হ'বঃ


Bíkta(বৰফলা)

A B D E G

H I J K L

M N O P R

S T U W Y 

NG(Ngo) NY(Nyo)

 É Í :(Mugyar agod= দীৰ্ঘস্বৰ চিহ্ন)


Bígme:(সৰুফলা)

a b d e g

h i j k l

m n o p r

s t u w y

ng(Ngo) ny(Nyo)

é í :(Mugyar agod=দীৰ্ঘস্বৰ চিহ্ন)


          এতিয়া আমি পালোঁ, মিচিং ভাষাত Gomug abíg(স্বৰবৰ্ণ) 8 টা৷ যথা—


     A E I O U É Í : 


         অৱশ্যে Gomug abíg(স্বৰবৰ্ণ) দুবিধ৷ এবিধ Mugdéng(হ্ৰস্বস্বৰ), আনবিধ Mugyar(দীৰ্ঘস্বৰ)৷ Mugdéng (হ্ৰস্বস্বৰ)ৰ লগত :(Mugyar agod), অৰ্থাৎ দীৰ্ঘস্বৰ চিহ্ন লিখিলে Mugyar, অৰ্থাৎ দীৰ্ঘস্বৰবোৰ পোৱা যাব৷ যথা—


A: E: I: O: U: É: Í:


           এনেকৈ আমি মুঠতে 15 টা স্বৰবৰ্ণ পাম; আৰু অৱশিষ্ট Abíg, অৰ্থাৎ বৰ্ণবিলাক হ'ব Mukténg abíg, অৰ্থাৎ ব্যঞ্জন বৰ্ণ৷ যথা—


B D G H J

K L M N P

R S T W Y

NG(Ngo) NY(Nyo)


        এনেকৈ মুঠতে 17 টা Mukténg, অৰ্থাৎ ব্যঞ্জনবৰ্ণ পোৱা যাব৷ গতিকে সৰ্বমুঠ মিচিং Abíg, অৰ্থাৎ বৰ্ণ হ'ব 15+17=32 টা৷      ( আগলৈ.......)



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages