শিশুৰ ব্যক্তিত্ব গঠনত অভিভাৱকৰ দায়িত্ব
মিনু হাজৰিকা
গুৱাহাটী
শিশুৰ ব্যক্তিত্ব গঠনত আৰু নৈতিক শিক্ষাৰ দৃষ্টিকোণত অভিভাৱকৰ এক বিশাল ভূমিকা আছে ৷
আমি সকলোৱে জানো শিশুৰ শিক্ষাৰ আচল ঠাই ঘৰখন ৷ এটি শিশুৰ ভৱিষ্যত জীৱনৰ বাট সুদূৰ প্ৰসাৰি হৈ উঠে কেৱল অভিভাৱকৰ সজাগতা তথা শুদ্ধ প্ৰভাৱত ৷ আনুষ্ঠানিক শিক্ষা আহৰণ কৰিবলৈ প্ৰেৰণ কৰা অৱস্থাৰ পৰাই সন্তানৰ পৰা যথোচিত সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিজন অভিভাৱকৰ নৈতিক কৰ্তব্য হোৱা উচিত ৷
শিশুৰ ব্যক্তিত্ব গঠনত মূল আৰু পোনপ্ৰথম ভূমিকা মাতৃসকলেই বহন কৰি আহিছে ৷ মাকৰ সংস্কাৰ , আদৰ্শ , মৰম , বিশ্বাস বোধে শিশুটি ভৱিষ্যতে কেনেধৰণৰ ব্যক্তি হব সেইটো নিৰ্ধাৰণ কৰে ৷
সন্তানক সৎ পথে পৰিচালিত কৰাৰ প্ৰথম দায়িত্ব অভিভাৱকৰ ৷ সৰুতেই নৈতিকতা আৰু মিতব্যয়িতাৰ শিক্ষা দিয়া , নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা , শিষ্টাচাৰ শিকোৱা প্ৰতিগৰাকী অভিভাৱকৰ প্ৰধান কৰ্তব্য ৷ অভিভাৱক সকলে সন্তানৰ লগত মুকলিকৈ কথা পতা উচিত ৷ তেওঁলোকৰ সমস্যা সমূহ বুজিবলৈ চেষ্টা কৰা আৰু প্ৰয়োজনীয়তা সমূহ উপলব্ধি কৰিবলৈ যত্ন কৰা উচিত ৷ কাৰণ আজিৰ প্ৰজন্ম অধিক উচ্চাকাংক্ষী ৷ কম সময়তে বহুত উপাৰ্জন কৰিব বিচাৰে ৷ এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে ভাল- বেয়া বা উচিত -অনুচিত চাই সহযোগীতা আগবঢ়াব লাগে ৷ সকলো সময়তে যে ল’ৰাছোৱালীয়ে ঘৰখনত উচ্ছৃঙ্খলতাৰ সৃষ্টি কৰে এনে নহয় ৷ বহু পিতৃ-মাতৃয়ে ৰাতি ১০/১১ বজালৈ ঘৰ নোসোমায় , ল’ৰাছোৱালীৰ প্ৰতি উদাসীন ৷ অভিভাৱকৰ এনেবোৰ আচৰণ সন্তানৰ ওপৰত প্ৰভাৱ পৰে ৷ সন্তানৰ ক্ষেত্ৰত সদায় ঘৰুৱা সুস্থ পৰিবেশৰ প্ৰয়োজন ৷ তেওঁলোকে যাতে শৈশৱৰ পৰাই অন্ধ অনুকৰণত ব্ৰতী হ’ব নোৱাৰে তাৰ বাবে অভিভাৱক সকল সজাগ হোৱা অত্যন্ত প্ৰয়োজন ৷ অত্যাধিক শাসনৰ জৰিয়তে কোনো এটা কাৰ্য কৰাৰ চেষ্টা কৰাতকৈ মৰমৰ জৰিয়তে কাৰ্য সম্পাদনৰ চেষ্টা কৰিব লাগে ৷ তেতিয়াহে শিশুটি মৰমীয়াল আৰু দায়বদ্ধ হব ৷ শিশুসকল মানসিক ফূৰ্তিত যাতে থাকে তাৰ বাবে সুন্দৰ সংগীত , অৰ্থবহ চিনেমা , জীৱন প্ৰতিফলিত হোৱা কিতাপ অধ্যয়ন আদিৰ জৰিয়তে এজন সৎ আৰু শুদ্ধ নাগৰিক ৰূপে গঢ়ি তুলিবলৈ আমি অভিভাৱক সকলে যত্ন কৰিব লাগে ৷ আত্মনিৰ্ভৰশীল হ’বলৈ প্ৰত্যেক শিশুকে কৈশোৰ কালতে শিক্ষা দিয়া প্ৰয়োজন ৷ তেওঁলোকে নিজৰ ৰুচি , প্ৰতিভা , আৰু দক্ষতা অনুসৰি যি কাম কৰিব বিচাৰে অভিভাৱক সকলে সেই ক্ষেত্ৰত সহায় কৰিব লাগে ৷ সন্তানক সৎ পথে পৰিচালিত কৰাৰ প্ৰথম দায়িত্ব অভিভাৱকৰ ৷ ন্যায়, সততা , নৈতিকতা আদিৰ শিক্ষাৰে এক পূৰ্ণজ্ঞান দিলেহে তেওঁলোকে সমাজ বা দেশৰ বাবে এক আদৰ্শ হৈ পৰিব ৷
বৰ্তমান সময়ত আমাৰ কিশোৰ-কিশোৰী সকল বিপথে গৈছে ৷ এওঁলোকৰ আচাৰ ব্যৱহাৰত এক ধৰণৰ অভাৱনীয় পৰিবৰ্তন ফুটি উঠিছে ৷ মিছা কোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু আৰম্ভ হৈছে এক ধৰণৰ উচ্ছৃঙ্খল জীৱনৰ ৷ ইয়াৰ বাবে বৰ্তমান সময়ৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা আৰু ইলেক্ট্ৰনিক মিডিয়া প্ৰধান দায়ী ৷
শিশু কালতেই যি শিক্ষা প্ৰদান কৰা হয় , সিয়েই ভৱিষ্যত জীৱনৰ বাবে সফলতাৰ মাপকাঠি হৈ পৰে ৷ শিশুৰ মোহনীয় চৰিত্ৰ আৰু সৰলতাক পোহৰাই তুলিব লাগিব অভিভাৱক সকলে ৷ ধৰ্ম সংস্কৃতিৰ পৰম্পৰাবোৰো আদৰ্শবান অভিভাৱকৰ পৰাই শিশুৱে লাভ কৰে ৷ গধূলি ঘৰত ধূপ-ধূণা দিয়া , উৎসৱ পাৰ্বনত পৰম্পৰাগত ৰীতি-নীতিৰ পৰিচয় কৰাই দি সঠিক পথত লৈ যোৱাৰ প্ৰধান দায়িত্ব অভিভাৱকৰ ৷ শিশুসকল হৈছে দেশৰ ধৰণী ৷ এওঁলোক কেৱল উচ্চশিক্ষিত হ’লেই নহব ৷ প্ৰকৃততে এজন সৎ মানুহ হিচাপে গঢ় দিব পৰাটোহে প্ৰধান কথা ৷ মুঠিতে বৰ্তমান এই প্ৰতি যোগিতাৰ যুগত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ’লে প্ৰত্যেক অভিভাৱকেই নিজৰ সন্তানৰ প্ৰতিটো দিশতেই সফল হ’বলৈ উদ্গনি দি এক আহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই যাব লাগিব ৷
শিশুসকল ভাৰতৰ ভাবী কৰ্ণধাৰ অৰ্থাৎ তেওঁলোক ভাৰতৰ ভৱিষ্যতৰ নাগৰিক ৷ শিশুৰ কোমল হৃদয়ত অভিভাৱকৰ ব্যৱহাৰৰ প্ৰভাব বাৰুকৈয়ে পৰে ৷
No comments:
Post a Comment