"বগ্ ৰাং "পদ্ম টাইদৰ মিচিং সামাজিক উপন্যাস এক চমু আলোকপাত: - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 1, 2021

"বগ্ ৰাং "পদ্ম টাইদৰ মিচিং সামাজিক উপন্যাস এক চমু আলোকপাত:

 "বগ্ ৰাং "পদ্ম টাইদৰ মিচিং সামাজিক উপন্যাস এক চমু আলোকপাত:

       নিৰ্মল নৰহ 

গ্ৰন্থাগাৰিক ,

মিচিংআগমকৌবাং,

গোগামুখ,ধেমাজি। 



         এসময়ৰ চৰকাৰী প্ৰশাসনিক বিষয়া সকলোৰে পৰিচিত পদ্মনাথ টাইদ এগৰাকী মিচিং ভাষাৰ কবি,অভিনেতা, আৰু সমাজ কৰ্মী। উপন্যাসকাৰ পদ্মনাথ টাইদৰ জন্ম হৈছিল 1935 চনত সোৱণশিৰি নদীৰ পৰাৰ বেদ:লং নামৰ মিচিং গাঁৱত। তেখেতৰ পিতৃৰ নাম সূৰ্য কান্ত টাইদ আৰু মাতৃৰ নাম হাৰমতী টাইদ আছিল। জন্মস্থান বেদ:লং গাঁও খনতে তেখেত প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। 1952 চনত ঘুনাসূঁতিৰ এম,ই,স্কুলৰ পৰা এম,ই,পাছ পাছ কৰি 1957 চনত উত্তৰ লখিমপুৰ চৰকাৰী হাই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। 1962 চনত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা বি,এ,পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেখেত প্ৰতিষ্ঠাপক সহকাৰী প্ৰধান শিক্ষক হিচাপেও শিক্ষকতা কৰি আহিছে। 1961চনত লখিমপুৰ একাডেমী স্কুলৰ সহকাৰী প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰি থকাৰ সময়তে ই 1968 চনত এ,চি,এচ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি লাভ কৰে। এ,চি,এচ অফিচাৰ হিচাপে তেখেত অসমৰ বিভিন্ন জিলাত বি,ডি,অ ,এচ,ডি,চি ,ই,এ,চি , আই, টি, ডি, পি ৰ প্ৰজেক্ট ডাৰেক্টৰ ,ডি,আৰ,ডি ৰ প্ৰজেক্ট ডাৰেক্টৰ , এচ,ডি,চি আৰু এম,এ,চি ৰ প্ৰিন্সিপাল চেক্রেটাৰী আদিৰ কৰ্তব্যত ন্যস্ত থাকি দক্ষতাৰে তেখেতৰ কাৰ্যভাৰ সুচাৰুৰূপে পালন কৰি আহিছে। তাৰোপৰি,2000চনত অনুষ্ঠিত হোৱা মিচিং বা:নৌ কৌবাঙৰ গোগামুখ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। 1960চনত সদৌ অসম ট্ৰাইবেল সংঘৰো সভাপতি আছিল। তেখেতে চৰকাৰী বিভিন্ন কৰ্তব্যত থকাৰ উপৰিও সমাজসেৱা আগবঢ়াই আহিছে। 

       চৰকাৰী কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেখেতে এখন সম্পূৰ্ণ কলেৱৰ মিচিং সমাজিক উপন্যাস ৰচনা কৰি উলিয়াইছে। মিচিং জনজীৱনৰ পটভূমিত ৰচিত উপন্যাস খনৰ নামাকৰণটো হৈছে "বগ্ ৰাং " যাৰ অসমীয়া প্ৰতিশব্দ" চাপৰি " । উপন্যাস খনত সোৱণশিৰি নদীৰ ঘুনাসূঁতি অঞ্চলৰ কেইবাখনো মিচিং গাঁও- টাকু,দৰ্গে,কলি গাঁও ,হাতীয়েমৰা বালিচাপৰী আদি গাঁৱৰ নাম উল্লেখ কৰি মিচিং সমাজ জীৱনৰ কথা বৰ্ণনা কৰিছে। 1950চনৰ বৰ ভূমিকম্পৰ পাছৰ সময়ছোৱাৰ পৰা সোৱণশিৰি নদীখনে ঘুনাসূঁতি অঞ্চলৰ কেইবাখনো মিচিং গাঁও পলয়ংকাৰী বানপানী আৰু গঢ়াখহনীয়াই ৰাইজক গৃহহাৰা কৰি তোলে। সোৱণশিৰি নদীখনে এনে বিধংসীৰ কাৰনে বেদ:লং গাঁও খনৰ মানুহবোৰ নিজৰ জন্ম স্হান আপোন গাঁও খন এৰি তাৰ পৰা উঠি আহি লখিমপুৰ জিলাৰ চাবতি শান্তি পুৰ গাঁও খন নতুনকৈ স্হাপন কৰি নিগাজিকৈ থাকিবলৈ ললে। সেই সময়ত উত্তৰ লখিমপুৰ জিলাৰ মহকুমা প্ৰশাসনে বানাক্রান্ত বেদ:লং গাঁৱৰ লোক সকলক বান সাহায্য দিয়াৰ লগতে ঘৰ সাজি থাকিবলৈ লখিমপুৰ নগৰ আশে পাশে মাটি প্ৰদান কৰি জীয়াই থকাৰ পুনৰ সংস্থাপন কৰি দিয়ে। লেখক টাইদৰ উপন্যাস খনত মিচিং জন জীৱনৰ বেদ:লং গাঁও খনৰ মানুহ বোৰৰ সোৱণশিৰি নদীৰ সৈতে থকা নিবিড় সম্পৰ্কৰ এদিন কেনেকৈ বানপানী আৰু গঢ়াখহনীয়াই গৃহহাৰা কৰি থান-বান কৰিলে কেনেকৈ বেলেগ ঠাইত সংস্থাপিত হব লগা হল 'বানৰ সময়ত কিমানজন আত্মীয় কুটুমৰ মৃত্যু মুখত পৰি হেৰুৱাব লগা হল । উপন্যাস খনত বৰ্ণিত কৰিছে। মিচিং সমাজৰ সামাজিক সমাজ ব্যৱস্থা ,মিচিং সমাজৰ বিবাহ প্ৰদ্বতি,সেই সময়ৰ মিচিং ধৰ্মীয় ব্যৱস্থা আদিৰ দৰে বহুতো তেনে সামাজিক ৰীতি-নীতিৰ কথাও উল্লেখ কৰিছে। পৌৰাণিক সময়ত মিচিং মানুহবোৰে পালন কৰা উৎসৱ-পাৰ্বন যেনে- মিচিং আলি আঃযে লৃগাং ,প:ৰাগ,দবুৰ পূঁজা আৰু দদ্ গাং ৰীতিৰ লগতে বাৰে ৰহনীয়া কলা, কৃষ্টি-সংস্কৃতিৰ আভাস সুন্দৰকৈ বৰ্ণনা কৰিছে ।মিচিং লোক নৃত্য-গীত,গুমৰাগ নৃত্য গীত,ক:নি:নাম,মিচিং লেকে ঐনি:তম,কাবান (বিননি)গীত সমূহ যথাযত বাবে উপমা দি উল্লেখ কৰিছে। মিচিং আ-অলংকাৰ মিবুগালুগ,ৰি:বি গাচেং ,পেৰা বাকচ আদিৰ কথাও উপন্যাস খনত স্থান দিছে। উপন্যাসকাৰ পদ্মনাথ টাইদৰ "বগ্ ৰাং" নামৰ উপন্যাস খন লিখন শৈলীত তেখেতৰ নিজস্বতা আমি দেখিবলৈ পাইছোঁ। শব্দ চয়ন আৰু লিখন শৈলী খুউব সহজ- সৰল আৰু কথোপকথন ভংগীৰে আগবঢ়াই লৈ গৈছে। শেষত উপন্যাসৰ চৰিত্ৰ সমূহৰ ভিতৰত- সূৰ্য্য কান্ত,হাৰমতী,ধাতুৰাম,বীৰু কমান,দাতচক,ধনপুৰ,তুলাৰাম,লি:টুম,নামকিৰ,য়াকাচি, নাৰ্থং আৰু ৰংমন আদি। তাৰে সূৰ্য্যকান্ত আৰু হাৰমতী চৰিত্রটো উপন্যাস খনৰ মূখ্য চৰিত্ৰ । পদ্ম চৰিত্ৰটোও উপন্যাস খনৰ মূল এগৰাকী আকৰ্ষণীয় চৰিত্রলৈ লেখকে উন্নীত কৰি উপন্যাস খন সুন্দৰ ৰুপত ফুটাই তুলিছে।

         উপন্যাস খনত 878 পৃষ্ঠা আৰু একচল্লিচটা অধ্যায়েৰে লেখক গৰাকীয়ে তেখেতৰ উপন্যাস খনৰ সমাপ্ত কৰিছে। তেখেতৰ " বগ্ ৰাং " উপন্যাস খন বৃহৎ কলেৱৰ আদি মহাকাব্যৰ লগত ৰিজাব পাৰি। লেখক পদ্মনাথ টাইদৰ "বগ্ ৰাং "উপন্যাস খন এখন সমাজৰ বাবে দলিল স্বৰূপ হব বুলি আমি আশাবাদী। 

শেষত সুহৃদ পাঠক সকলোৱে তেখেতৰ গ্ৰন্থ খন আদৰি লব বুলি আশাঁ কৰিছোঁ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages