ছদ্মবেশ
অতুল চন্দ্ৰ বড়ো
শোণিতপুৰ,মিছামাৰী
(এক)
"বাবা কিবা এটা দি যোৱা,ভগৱানে তুমাৰ মংগল কৰক"--মানুহজনে কিবা এটা পোৱাৰ আশাত বহি থকাৰ পৰাই মন্দিৰ লৈ অহা-যোৱা কৰি থকা মানুহবোৰলৈ চাই দুহাত প্ৰসাৰিত কৰিছে। "বাবা .. বাবা.. " কোনোবাই দি গৈছে। কোনোবাই আগবাঢ়ি গৈছে নেদেখাৰ ভাওজুৰি। কাৰো প্ৰতি তেওঁৰ কোনো আক্ষেপ নাই । ভিক্ষা খোজাতো তেওঁৰ কৰ্ম,ভিক্ষাৰী তেওঁ। ফটা-চিতা মলিয়ন কাপোৰ, বিশৃংখল চুলি-দাড়ি । সন্মুখত ভিক্ষাৰ পাত্ৰ লৈ পুৱাৰ পৰাই বহি থাকে কাৰোবাৰ অকনমান সহানুভুতিৰ অপেক্ষাত।
(দুই)
এইকেইদিন ভিষন গৰম চলি আছে চহৰখনত । কেইটামান ড্ৰাগছ সৰবৰাহকাৰী, মাফিয়াৰ ওপৰত চোকা নজৰ পুলিচ প্ৰশাসনৰ। সতৰ্ক হৈ আছে অপৰাধীসকলো । নতুনকৈ বদলি হৈ অহা এছ.পি জন ভিষন কাড়া।অপৰাধ আৰু অপৰাধীৰ ওপৰত শূণ্য সহনশীল নীতিক মানি চলা বিষয়া । তেওঁৰ শেন চকুৰ আগত চহৰখনৰ কোনো অপৰাধী সাৰি যাব দিয়া নহ'ব বুলি সকিয়নি দি থৈছে । অভিযানো তীব্ৰতৰ কৰি তুলিছে তেওঁ ।
(তিনি)
"মোৰ কোনো ধৰ্ম নাই,মোৰ কোনো জাত নাই ,মই ভিক্ষাৰী"
" নাম কি আপোনাৰ?"
"ছফিকুল,,,
"আপোনাৰ ঘৰ?"
" মোৰ কোনো নাই , আজি ১১বছৰে ফুটপাথেই মোৰ ঘৰ, এতিয়া মন্দিৰটোৱে মোৰ ভাত ।"
কাব্যয়ে মানুহজনলৈ এখন কম্বল,এটা পানীৰ বটল আৰু খাদ্যৰ টোপোলা এটা দি কৈছিল "এইখিনি লওক, এইখন ৰাতি উড়িব আৰু এইখিনি খাদ্য দিছোঁ খাই লব দেই ।"
" ভগৱানে তোমাৰ মংগল কৰক আই"-বস্তুখিনি হাত পাতি লৈ মানুহজনে আশীৰ্বাদ কৰিছিল তাইক ।
কাব্যয়ে আগবাঢ়ি গৈছিল বাকী কেইজন ভিক্ষাৰীৰ ওচৰলৈ ।
তেনে সময়তে পুলিচৰ জীপ এখন আহি মন্দিৰৰ সন্মুখত ৰৈ। জীপখনৰ ভিতৰৰ পৰাই এচ.পি মহেন্দ্ৰ বৰ্মনে মন্দিৰটোলৈ চাই সেৱা এটা জনাই ।
(চাৰি)
চহৰখন যে ড্ৰাগছে ইমান বেয়াকৈ চানি ধৰিছিল সাধাৰনজনে আজিহে অনুভৱৱ কৰিব পাৰিছে । এচ.পি এম. বৰ্মনৰ বহুকেইটা সফল অভিযানৰ অন্তত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে। জব্দ হৈছে বহু লাখ লাখ টকাৰ অবৈধ ড্ৰাগছ,আফিং, গাঞ্জা । দুজন অপৰাধী পলায়নৰ চেষ্টা কৰাত গুলি কৰি আঘাতপ্ৰাপ্তও কৰিছে তেওঁ । সতৰ্ক হৈছে অপৰাধী । নিতৌ ন ন কৌশল অৱলম্বন কৰিছে সৰবৰাহকাৰীসকলে । কমিছে যদিও ,লুকাই-চুৰকৈ চলি আছে অবৈধ বেহা ।
(পাঁচ)
"মাইনা, এইফালে আহাচোন? চোৱাহি কি দি আছে ?"- মাকৰ মাতত বিছনাখনৰ পৰা উঠি আহিল কাব্য। বাতৰি চাই আছে মাকে ।
" মহন্ত ছাৰৰ সংবাদমেল দেখোন, আকৌ ধৰিলে ছাগে কোনোবা অপৰাধী? কি হৈছেনো ?"
" চাছোন তই নিজেই বুজি পাবি"
কাট্ স্ক্ৰীণত কোনোবা এজন অপৰাধীক কেইজনমান কনিষ্টবলে ধৰি নিছে, আনফালে এম.বৰ্মন ছাৰৰ সংবাদমেল ।
" মানুহজনৰ নাম বলেন ওৰফে ছফিকুল বহুদিনৰ পৰা চকু আছিল তেওঁৰ ওপৰত । আমাৰ চকুত ধূলি দি আমাৰেই আগত ভিক্ষাৰী হৈ ঘূৰি আছিল তেওঁ । দিনত ভিক্ষাৰী আৰু ৰাতি নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ কৰি আছিল । আজি হাতে-লুটে ধৰিবলৈ সক্ষম হওঁ । তেওঁৰ পৰা ইতিমধ্যে ২কে.জি গাঞ্জা, টেবলেত, ১0 পেকেট পাউদাৰ জব্দ কৰা হৈছে । "
" দেখিছা মাজনী, সেইকাৰণে আজিকালি কাকো ইমান বিশ্বাসত লব নালাগে। "
" অ মা, কাকো বিশ্বাস কৰিব নোৱাৰি।"
তেনেতে কাব্যৰ মবাইলত অচিনাকী নম্বৰৰ পৰা এটা এচ.এম.এছ আহিল ।
"আপোনাৰ সহায়ৰ বাবে ধন্যবাদ, এনেদৰে সেৱা কৰি যাওক,মুক্ত মনে ভিক্ষা দান কৰি যাওক । আপোনাৰ ওচৰত ভিক্ষাৰ পাত্ৰ লৈ যিকোনো মূহুৰ্তত আমি হাজিৰ হব পাৰোঁ । এগেইন , থেংকইউ ।"
ৰিপ্লে দিয়াৰ অনুভৱ নকৰিলে কাব্যয়ে । এছ.এম.এছ টো পঢ়ি আপুনা-আপুনি মুখত হাঁহি বিৰিঙি উঠিল ।
No comments:
Post a Comment