ৰাজনীতিপ্ৰিয় মিচিং আৰু মিচিং আগম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, November 8, 2021

ৰাজনীতিপ্ৰিয় মিচিং আৰু মিচিং আগম

 ৰাজনীতিপ্ৰিয় মিচিং আৰু মিচিং আগম

জাতিৰাম কামান

গোগামুখ

   শিৰোনামালৈ চালে প্ৰতীয়মান হয় যে মিচিংসকল সাংঘাতিক ধৰণে ৰাজনীতিপ্ৰিয়!কিন্তু দৰাচলতে এয়া নহয়।পৃথিৱীৰ সকলো জাতিৰ মানুহেই ৰাজনীতিপ্ৰিয়।কাৰণ,ৰাজনীতিৰ লগত মানৱ সমাজৰ ওতঃপ্ৰোতঃ সম্বন্ধ আছে।ৰাজনীতি বিহনে দেশ আৰু সমাজ নচলে।ৰাজনীতিৰ প্ৰতি অনিহাই এখন সমাজৰ জাতীয় চেতনাবোধৰ চোক বহুখিনি কমাই দিয়ে।পাৰ্চীসকল প্ৰাচীন কালৰে পৰাই বৰ উন্নত সংষ্কৃতিবান আৰু শান্তিপ্ৰিয় জাতি আছিল কিন্তু তেওঁলোকৰ ৰাজনৈতিক নিৰ্লিপ্ততাই পাৰ্চীসকলৰ জাতীয় অস্তিত্বক বহু পৰিমাণে বিঘ্নিত কৰিলে।মুশ্লিম মৌলবাদীৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ পাৰস্য(ইৰাণ)দেশ এৰি হিন্দুস্থানলৈ প্ৰৱজন কৰিব লগা হল।পাৰ্চীসকল এতিয়াৰ ইৰান, তাহানিৰ পাৰস্য দেশৰ মূল অধিবাসী আছিল যদিও ধৰ্মীয় মৌলবাদীৰ আগ্ৰাসনৰ পৰা জাতিটোক বচাব নোৱাৰিলে আৰু বাধ্যত পৰি স্বভূমি এৰি প্ৰবাসী জাতিগোষ্ঠী হব লগা হল।বিপৰীতে ইহুদীসকল ৰাজনৈতিকভাৱে সাংঘাতিক সচেতন হোৱা বাবে হিটলাৰে নিঃশেষ কৰিব বিচৰা জাতিটো আজি ইজৰাইলত সগৌৰৱে জাতীয় ধব্জা উৰুৱাই আছে।তিব্বতীয় বৌদ্ধ লামাসকলো ৰাজনৈতিক ভাৱে অধিক সচেতন নোহোৱা বাবে আজি আগ্ৰাসী মহাচীনৰ কবলত।

   আচলতে মানুহ জন্মগত ভাৱেই ৰাজনৈতিক হৈ আহে।ৰাজনৈতিকভাৱে অধিক সচেতন পণ্ডিত নেহৰুৰ আজো নাতি ৰাহুল প্ৰিয়ংকাও জন্মগত ভাৱেই ৰাজনৈতিক বুলি ক'ব পাৰি।

    আমিও সৰুৰে পৰা ৰাজনৈতিক পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ।কাজেই,ৰাজনৈতিক ব্যক্তিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলোঁ।আমি নিচেই ওচৰৰ পৰা দেখা আৰু তেওঁলোকৰ ভাষণ শুনা ভাৰতীয় দ্বিগ্গজ ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীত্ৰয় ক্ৰমে প্ৰয়াত ইন্দিৰা গান্ধী,চন্দ্ৰশেখৰ আৰু অটল বিহাৰী বাজপেয়ী।লগতে তদানীন্তন সমতা পাৰ্টীৰ নেতা জৰ্জ ফাৰ্ণাণ্ডেজ আৰু এসময়ৰ কংগ্ৰেছ সাংসদ,হিন্দী বোলছবি উদ্যোগৰ প্ৰখ্যাত অভিনেতা আৰু তাৰকা অমিতাভ বচ্চন।উপৰুক্ত স্মৰণীয় ব্যক্তিসকলৰ সান্নিধ্যই আমাক ৰাজনীতিৰ প্ৰতি অধিক আকৰ্ষিত হোৱাত সহায় কৰে যদিও আজিৰ তাৰিখৰ ৰাজনীতিৰ প্ৰতি আমাৰ মুঠেও ইচ্ছা আৰু অভিপ্সা নাই।

    মিচিং গ্ৰাম্য সমাজত সচৰাচৰ বাকী বিষয়ৰ আলোচনাতকৈ ৰাজনীতিৰ বিষয়ে বেছি কথা বাৰ্তা হোৱা দেখা যায়।শিক্ষা,কলা-সংষ্কৃতি,উদ্যোগ, বাণিজ্য,ক্ৰীড়া আদি বিষয়বোৰতকৈ ৰাজনীতিৰ কথাহে অধিক গুৰুত্ব লাভ কৰে গাওঁবোৰত।চাবলৈ গলে জকাইচুকীয়া কোনােবা মিচিং গাঁৱৰ মানুহ এজনেও আমাতকৈ ৰাজনৈতিক ভাৱে অধিক সিয়ান।সুস্থ ৰাজনীতিত সচেতন হয়নে নহয় আমি নাজানো কিন্তু প্ৰচলিত ৰাজনীতিক লৈ বুজন পৰিমাণেই সক্ৰিয়।গঞা ৰাইজ যে আমাতকৈ বেছি ৰাজনৈতিক ভাৱে সিয়ান সেই কথা অনুমানৰ ভিত্তিত কোৱা কথা নহয়,বৰং আমি বহুবাৰ ইয়াৰ চাক্ষুস প্ৰমাণ পাই থৈছোঁ আৰু সেই বিষয়ত অন্ততঃ আমি কম বেছি পৰিমাণে কিছু অভিজ্ঞ বুলি দাবী কৰিব পাৰোঁ।

মিচিং সকল ৰাজনৈতিকভাৱে সক্ৰিয় কিন্তু দীৰ্ঘম্যাদী ৰাজনীতিত মুঠেও সচেতন নহয়।হ্ৰস্ব্ৰকালীন সা সুবিধা কিছুমান লাভ কৰিবলৈ ৰাজনীতি কৰা দেখা যায়।সৰু সুৰা সা সুবিধা লাভৰ বাবে ৰাজনৈতিক দলৰ অনুগত হোৱা দেখা যায়।যি দলে কিছু আৰ্থিক সা সুবিধা প্ৰদান কৰে সেই দলৰেই অনুগামী হোৱা দেখা যায়।অৱশ্যে ৰাজনীতিৰ প্ৰাথমিক আৰু পূৰ্বচৰ্তই হল সেই সেই ৰাজনৈতিক দলত নিজৰ স্থিতি প্ৰতিপন্ন কৰা আৰু আৰ্থিক সা সুবিধা আদায় কৰা।কিন্তু সেইবুলি ৰাজনীতিক অকল নিজৰ পাৰিবাৰিক স্বচ্ছলতাৰ বাবে কৰিলে,নিজৰ ব্যক্তিগত সা সুবিধাক অগ্ৰাধিকাৰ দি কৰিলে সেয়া প্ৰকৃত ৰাজনীতি নহয় বৰঞ্চ এয়া ব্যৱসায়মুখী সুবিধাবাদী ৰাজনীতিহে।তেনে ৰাজনীতি বৰ বিপদজনক!দেশৰ বাবে,সমাজৰ বাবে কল্যানকাৰী নহয়।আৰু তেনে সুবিধাবাদী ৰাজনীতিৰ আদৰ্শগত স্থায়ীত্বও নাই।

   কিন্তু হলেও আজিৰ তাৰিখৰ ৰাজনীতিবোৰ সুবিধাবাদত পিষ্ট ৰাজনীতিৰ বাদে একো নহয়।সুবিধা পালেই দল বাগৰা ৰাজনীতি আজিৰ তাৰিখৰ সুবিধাবাদী ৰাজনীতিৰ প্ৰকৃষ্ট উদাহৰণ।

     প্ৰকৃত ৰাজনীতি কৰা হয় দেশ সেৱাৰ বাবে, কৰা হয় নিস্বাৰ্থ সমাজ সেৱাৰ বাবে।কিন্তু আজিৰ ৰাজনীতি কৰা হৈছে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে আৰু পৰিয়ালৰ চৈধ্য পুৰুষে খাব পৰাকৈ অৰ্জাৰ বাবে।

    আগৰ গান্ধীবাদী ৰাজনীতিকসকলে নিজৰ বাবে ৰাজনীতি কৰা নাছিল,কৰিছিল নিস্বাৰ্থভাৱে সমাজ সেৱা কৰিবলৈ।তেনে বহু গান্ধীবাদী ৰাজনীতিকক আমি দেখিছোঁ যিসকল মৃত্যু কাল লৈকে ফুটাকঢ়ি এটাও আৰ্জি থৈ যোৱা নাই পৰিয়াল পৰিজনৰ বাবে।আজিকালি তেনে ৰাজনীতি কৰা মানুহ বিৰল!ৰাজনীতি কৰি একেবাৰে লাউলোৱা হবলৈ আমি কোৱা নাই কিন্তু

ৰাইজৰ কামক পিঠি দি নিজে গো-গ্ৰাসে ৰাজহুৱা ধন গিলি ধন সম্পত্তি গোটোৱা ৰাজনীতি কেতিয়াও সমৰ্থনযোগ্য নহয়।

   আজিৰ প্ৰায়ভাগ জনপ্ৰতিনিধি জনতাৰ প্ৰকৃত সেৱক নহয়।তেওঁলোকে আপোনাৰ টকাৰেই আপোনাক খুৱাই,আপোনাক ৰোজগাৰ যোগোৱাৰ কৃতিত্ব এনেয়ে ওপৰুৱাকৈ লয়।

  "তোমাৰ বাৰীৰ বাঁহ গাজ তোমাৰ বাৰীৰ পৰা কাটি আনি তোমাকেই ৰান্ধি বাঢ়ি খুৱালোঁ কথাটো মন কৰিছানে নাই?"__ধৰণৰ কাৰবাৰ আজিৰ ৰাজনীতিকৰ।দুখীয়া ৰাইজৰ কৰ কাটলৰ টকাৰে দুখীয়া ৰাইজক এমুঠি অন্ন যোগান ধৰাটোৱেই বহুত মহান কাম বুলি ভাৱে আজিৰ চৰকাৰবোৰে,যি ৰাজনৈতিক দলৰ চৰকাৰেই নহওঁক লাগে।

  যোৱা কেই দশকত মিচিংসকল আদৰ্শগত ৰাজনীতিৰ পৰা বিচ্যুতি ঘটা পৰিলক্ষিত হৈছে।সকলো নীতিক ভৰিৰে মোহাৰি ধনবল বাহুবলেৰে গাদী দখল কৰাৰ প্ৰৱণতাই গা কৰি উঠিছে।ক্ষমতাত থকা নেতাসকলৰ স্থাৱক শ্ৰেনীৰ দ্বাৰা সৃষ্ট গুণ্ডা বাহিনীৰে বল প্ৰয়োগ কৰি ক্ষমতা দখল কৰা দেখা গৈছে।নীতিনিষ্ট ৰাজনীতিৰ আকাল পৰিল সমাজত।

   যিকোনো ৰাজনৈতিক সভা সমিতিত মানুহ হিলদল ভাঙি আহে।সভামণ্ডপত মানুহ উবুৰি খাই পৰে।কিন্তু আন বিষয়ক সভা সমাৰোহত তেনেদৰে মানুহ অহা পৰিলক্ষিত নহয়।আজি কালি আকৌ বিশেষ দলৰ আশীষপুষ্ট ছাত্ৰ সংগঠন বোৰৰ সমাৰোহতো যুৱক যুৱতীৰে ঠাহ খাই পৰে সভামণ্ডপ।অৱশ্যে ইয়‍াৰ কাৰণো নথকা নহয়।প্ৰথমটো কাৰণ হল তেনেজাতীয় ৰাজনৈতিক সভাবোৰত মানুহক টকা দি ভ‍াড়া দি অনা হয় গাড়ীয়ে গাড়ীয়ে।দলীয় কৰ্মী অথবা ছাত্ৰসকলক মটৰ বাইকৰ তেল ফ্ৰিতে ভৰাই দি মটৰ চাইকেলৰ ৰেলীও উলিওৱা হয়।ফ্ৰিতে খাবলৈ যাবলৈ পালে সকলোৱেই তেনে সভা সমাৰোহত যাবলৈ মন কৰিব;সেইবুলি সেই বিশেষ দল সংগঠনৰ প্ৰতি আনুগত্য থকা নুবুজায় কিন্তু হলেও তেনে সভা সমিতি পাতি বহু ৰাজনৈতিক নেতাই ছলে বলে কৌশলে ক্ষমতা হস্তগত কৰি লোৱাৰ কছৰৎ কৰে।

   ৰাজনীতিৰ প্ৰতি যে আমাৰ মানুহবোৰ বেছি ঢালখোৱা,ইয়াৰ প্ৰমাণ আমি ছাত্ৰ সংগঠন কৰি থাকোঁতেই পাইছিলোঁ।আগৰ অবিভক্ত বৃহত্তৰ অৱনৰি অঞ্চলৰ টি এম পি কে ৰ বাৰ্ষিক অধিৱেশনত তেতিয়াৰ মন্ত্ৰী এগৰাকীক অধিৱেশনৰ প্ৰথমদিনা আলোচনা চক্ৰৰ উদ্ধোধক হিচাপে আৰু দ্বিতীয় দিনা বাকী অৱনৰি অঞ্চলৰ ভিন ভিন দলৰ স্থানীয় ৰাজনৈতিক নেতাসকলক মূকলি অধিৱেশনত আমন্ত্ৰণ কৰা হৈছিল।মন্ত্ৰীৰ প্ৰগ্ৰাম থকা প্ৰথম দিনাখন অধিৱেশনলৈ বহু ৰাইজ আহিছিল কিন্তু খোদ মন্ত্ৰী নাহিল।দ্বিতীয় দিনা সভামণ্ডপ সেৰেঙা আছিল‍ কিন্তু সকলো স্থানীয় ৰাজনৈতিক নেতা উপস্থিত আছিল।ঠিক তেনেকৈ আজিকালিও বিধায়ক মন্ত্ৰী সকলে আয়োজন কৰা মিটিঙত ৰাইজৰ ভিৰ ভাৰ হয় কিন্তু বাকী সভা অনুষ্ঠানবোৰত মানুহৰ উপস্থিতি সেৰেঙা আৰু হতাশজনক।ইয়‍াৰ চাক্ষুষ উদাহৰণ এটা পাইছোঁ যোৱা ১৭ আগষ্টত মিচিং আগম কৗবাঙে কেন্দ্ৰীয়ভাৱে পতা আগম মিগাং টাবু টাইদদেৱৰ দ্বিতীয় বাৰ্ষিক মৃত্যু তিথিত।

   আমি ভাৱিছিলোঁ মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে মিচিং ৰৗঙামৰ বহু সংখ্যক মানুহ উপস্থিত থাকি মৃত্যু তিথিটো উদযাপন কৰিবলৈ ওলাই আহিব মিচিং ভাষাৰ গুৰুত্ব বুজি।সচৰাচৰ তেনে সভাবোৰত মানুহ নহয় বুলি আমি জানো,কিন্তু ইতিমধ্যে ঘোষিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত, প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰে পাঠদান কৰিলে কি সুবিধা অসুবিধা হব?ইত্যাদি কথাবোৰ জানিবলৈ বা সেই বিষয়ে বাৰ্তালাপ কৰিবলৈ ৰাইজ আগ্ৰহী হৈ অন্ততঃ সভাকক্ষ ভিৰ কৰিব বুলি আশা কৰা হৈছিল।কিন্তু সভাত উপস্থিতিৰ সংখ্যা দেখি আশাহত হলোঁ।আশাহত হোৱাই স্বাভাৱিক।

    জীয়াই থাকিবলৈ মানুহক ভাষাই নোখোৱায়।ই. চি.য়ে দিয়া ঠিকা ঠুকলি,মন্ত্ৰীয়ে দিয়া পিএমজিৱাই'ৰ ঘৰ তথা অৰুনোদয়ৰ টকা আৰু ৰেচন কাৰ্ডৰ চাউলকিটা সিজাই মেলি খায়ো হয়তু চলি যাব জীৱনটো।কিন্তু মানুহে অকল মুৰ্গীৰ দৰে দানা খাই,গৰুৰ দৰে ঘাঁহ খাই জীয়াই থাকিব নোৱাৰে।মানুহ সামাজিক প্ৰাণী হোৱাৰ লগতে অন্য ইতৰ প্ৰাণীতকৈ বেছি বুদ্ধিমান আৰু অনুভৱী।মানুহৰ চেতনাবোধ আছে কিন্তু অন্য জীৱ জন্তুৰ নাই।আমাৰ চেতনাবোধ থকা বাবেই আমি অন্য জীৱ জন্তুতকৈ পৃথক।আমি অকল দানা পানী খাই জীয়াই থাকিব নোৱাৰোঁ বাবেই আমাক ভাষা লাগে,আমাক সংষ্কৃতি লাগে আৰু লাগে মানুহ ৰূপে জীয়াই থকাৰ জীৱন ধাৰণ পদ্ধতি।

    সমগ্ৰ মিচিং সমাজক একতাৰ দোলেৰে বান্ধি ৰাখিছে মিচিংসকলৰ জাতীয় পৰম্পৰা,ক'লা-কৃষ্টি আৰু জাতীয় ঐতিহ্যই।আৰু সেই মূল জাতীয় ঐতিহ্যই হল মিচিং ভাষাটো।মিচিং ভাষাটোৱেই মিচিংসকলৰ মূল চালিকা শক্তি বুলি ক'লেও বঢ়াই কোৱা নহব নিশ্চয়।একে জনগোষ্ঠীয় মানুহ হৈ, একেই ভাষা কোৱাৰ বাবেই আমাৰ জনগোষ্ঠীয় আত্মীয়তা বেছি,আন্তৰিকতাও বেছি।ভাষাটো হেৰাই যাওঁকচোন,ভাষাটো ক'বলৈ বাদ দিয়কচোন মিচিং ঐতিহ্য কিমান দিনলৈকে টিকি থাকে চাওঁ!

  ভাষাটো হেৰালেই শেষ।ভাষাটো যিমানেই আমাৰ মুখৰ পৰা নাইকিয়া হৈ যাব সিমানেই স্বগোষ্ঠীয় মিচিংসকলৰ পাৰস্পৰিক সৌহাৰ্দ্যতা কমি আহিব,আন্তৰিকতা নাথাকিব আৰু আত্মীয়তা হেৰাই যাব।গতিকে ভাষাটো জীয়াই ৰাখিবলৈ আমি সকলোৱেই চিন্তা কৰিব লাগিব।চিন্তা কৰিলেই নহব,ভাষাটো জীয়াই ৰাখিবলৈ সকলোৱে আহোপুৰুষাৰ্থ কৰিব লাগিব,যত সকলোৰে সদিচ্ছা আৰু আন্তৰিকতাৰ প্ৰয়োজন।কিন্তু সেই সদিচ্ছা আৰু আন্তৰিকতা মিচিং সমাজত সৰ্বাত্মক ৰূপত প্ৰস্ফুটিত হোৱা নাই এতিয়াও!নতুন শিক্ষানীতিৰ আধাৰত অসম চৰকাৰে জনজাতীয় ভাষাত পঞ্চম শ্ৰেনীলৈকে পাঠদানৰ ব্যৱস্থা কৰিলে কিমান গৰাকী মিচিং অভিভাৱকে আগ্ৰহ প্ৰকাশ কৰিব সেয়াহে লক্ষণীয় হব!

    চৰকাৰে শিক্ষাৰ ক্ষেত্ৰতেই হওঁক বা বেলেগ কোনো বিভাগীয় কৰ্মক্ষেত্ৰতেই হওঁক,সকলোৰে দাবী মানি নলয় আৰু যি দুই এটা মানে তাকো সামগ্ৰিক ভাৱে কোনোটোৰেই প্ৰতিশ্ৰুতি পূৰ কৰিব নোৱ‍াৰে ষোল্ল অনাই।আৰু চৰকাৰে পৰাপক্ষত আতঁৰি থাকিব বিচাৰে ভাষা সংষ্কৃতি সম্পৰ্কীয় তেনে গোষ্ঠীগত দাবীসমূহৰ পৰা।সেইবুলি আমি চৰকাৰৰ কথাত মূৰ দুপিয়াই আমাৰ সাংবিধানিক অধিকাৰক বিসৰ্জন দিয়াতো মূৰ্খামিৰ পৰিচায়কহে হব।ভাষাৰ ক্ষেত্ৰত যদি আমাৰ জাতীয় সংগঠনবোৰে সোপা ঢিলা স্থিতি লয় তেন্তে জানিব যে আমাৰ ভাষা সাহিত্য সংকটত!জাতীয় ঐতিহ্য যাতে ৰাজনৈতিক পনবন্দীৰ চিকাৰ নহয়,সেইলৈ দল সংগঠন নিৰ্বিশেষে সজাগ,সচেতন আৰু সক্ৰিয় হোৱাতো বাঞ্চনীয়।

     অসমত বৰাহী জাতিটো নিঃচিহ্ন হল জাতীয় সচেতনতা নোহোৱা বাবে। আজি কছাৰী,

চুতিয়া,মৰান,মটক আদি জনগোষ্ঠীৰ নিজা ভাষা নাই;যদিও তেওঁবিলাক অসমৰ খিলঞ্জীয়া আদিবাসী আছিল।কালৰ গৰ্ভত হেৰাই গল তেওঁলোকৰ ভাষা।জাতীয় চেতনাবোধ থকা বড়োসকল সচেতন হৈ আজি নিজা ভাষাৰ উত্তৰণ ঘটালে।মিচিং সকলে ভোক নিবাৰণ কৰিবলৈ নিজা ভাষাৰ বাবে লিপি লিখি ৰখা পহু ছালকেই খাই পেলোৱাৰ দৰে পেটৰ ভোকত ৰাজনীতি কৰা মিচিংসকলে ভাষাটোও জহি পমি যাব দি যাতে দ্বিতীয় বাৰৰ বাবে ভুল নকৰে তাকেই কামনা কৰোঁ। অদূৰ ভৱিষ্যতে ব্ৰহ্মপুত্ৰ,দিহিং,দিচাং, সোৱনশিৰি,বুৰৈ,জীয়া ভৰলীৰ বালিয়ে বালিয়ে ভাষাটো বিচাৰি ফুৰিব লগীয়া নহয়,সেই লৈ এতিয়াই সজাগ হবৰ হল।ৰঙানৈ ধনশিৰিয়ে এতিয়া ৰিঙিয়াই মাতিলেও অইনিঃতম সুৰীয়া মিঠা ভাষাটো প্ৰতিধব্নিত নহয় ৰঙানদী কিম্বা ধনশিৰিৰ পাৰত।

  ভাষাচাৰ্য্য আগম মিগাং টাবু টাইদে ভাষাটো জীয়াই ৰাখিবলৈ আহোপুৰুষাৰ্থ কৰিলে,ভাষাটো ভাল পাবলৈ শিকালে,ভাষাটো কবলৈ শিকালে।এতিয়া আমাৰ পাল ভাষাটো জীয়াই ৰখাৰ।ইংৰাজী সাহিত্যৰ বিদগ্ধ পণ্ডিত বিলাত ফেৰত টাবু টাইদৰ কি গৰজ পৰিছিলনো জীৱনৰ অধিক কাল মিচিং ভাষাটো চৰ্চা কৰি ভাষাটোক গতি প্ৰদান কৰাৰ?নকৰাকৈও থাকিব পাৰিলেহেঁতেন!কিন্তু কৰি গ'ল।কাৰণ তেওঁ জাতিটোক ভালপোৱা,ভাষা সংষ্কৃতিক ভালপোৱা এগৰাকী পুৰুধা ব্যক্তি আছিল।ভাষাটো পুনৰ্জীৱিত কৰিবলৈ তেওঁ গুৰি বঠা নধৰাহেঁতেন ভাষাটো হেৰাই যোৱাৰ উপক্ৰম হলহেঁতেন!সাহিতাচাৰ্য্য নাহেন্দ্ৰ পাদুনক সাৰথি কৰি তেওঁ মিচিং ভাষাটো এটা দিক্ নিৰ্ণয় কৰি গ'ল মিচিং ভাষাপ্ৰেমী অগ্ৰণী বৰেণ্য ব্যক্তি সমূহক লৈ।তালিকা দীঘলীয়া হব বুলি আমি সকলোৰে নামোল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ।

   নৱ প্ৰজন্মই তেওঁ দেখুৱাই যোৱা পথত আগবাঢ়ি গলেহে ভাষাটো জীয়াই থাকিব অদূৰ ভৱিষ্যতে॥



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages