মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ: এটি চমু অৱলোকন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, November 8, 2021

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ: এটি চমু অৱলোকন

 মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ:
                      এটি চমু অৱলোকন

                                           পূৰৱী মৰাং

          অসম এখন কৃষিপ্ৰধান ৰাজ্য৷ এই ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত কৃষিৰ লগত জৰিত বিভিন্ন লোক-বিশ্বাস, লোক-উৎসৱ আদি উদ্‌যাপনৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে৷ প্ৰধানতঃ কৃষিৰ সৈতে জৰিত লোক-বিশ্বাস, লোক-উৎসৱ- পৰম্পৰা আদি শস্য বা বীজ সিঁচা আৰু শস্য চপোৱা কাৰ্যৰ লগত জৰিত৷ মাটি চহাই, বীজ সিঁচি আই বসুমতী শস্য-শ্যামলা হ’বলৈ, কৃষিত অপায় অমংগল নহ’বলৈ, প্ৰাকৃতিক দুৰ্যোগৰ পৰা খেতি পথাৰ ৰক্ষা কৰিবলৈ অদৃষ্টজনলৈ প্ৰাৰ্থনা কৰি প্ৰতিটো জনগোষ্ঠীয়ে বিভিন্ন উৎসৱ-অনুষ্ঠান আয়োজন কৰা দেখা যায়৷ এই জনগোষ্ঠীসমূহৰ ভিতৰত মিচিং জনগোষ্ঠীসকলো অন্যতম৷ মিচিং জনগোষ্ঠীৰ মাজতো আন জনগোষ্ঠীৰ দৰে কৃষিৰ লগত জৰিত লোক-উৎসৱ-অনুষ্ঠান অতীজৰে পৰা প্ৰচলন হৈ অহা দেখা যায়৷

          নৃ-তাত্বিক দিশেৰে মিচিংসকল মংগলয়ড বা কিৰাত জনগোষ্ঠী৷ মূল চীন-তিববতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত মিচিংভাষী লোকসকল অসমৰ প্ৰাচীন ভূমিপুত্ৰ৷ এই নৈপৰীয়া মিচিংসকলৰ লগত বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ বাসিন্দা আদী, গাল, আপাতানি, নিচি আদি লোকসকলৰ ভাষা-সংস্কৃতিৰ দিশত কিছু মিল পৰিলক্ষিত হয়৷ ইয়াৰেই গইনা লৈ তথা গৱেষণাৰ দ্বাৰা কিছু গৱেষক আৰু ভাষাবিদে অৰুণাচল প্ৰদেশৰ পৰা প্ৰব্ৰজিত এটা জনগোষ্ঠী বুলি মিচিংসকলক ক’ব খোজে৷ অন্যহাতেদি কিছু গৱেষক/ভাষাবিদে মিচিংসকল দক্ষিণ- পশ্চিম চীন দেশৰ পৰা অহা বুলি ক’ব খোজে৷ সি যি কি নহওক বিভিন্ন কাৰণত যেনে - খাদ্য অন্বেষণ, উৰ্বৰা ভূমিৰ প্ৰতি আকৰ্ষণ, ব্যৱসায়িক আদান-প্ৰদান আদিৰ তাগিদাত প্ৰব্ৰজন কৰা এই জনগোষ্ঠীৰ লোকসকলে ভৈয়ামৰ নৈৰ দাঁতি- কাষৰীয়া অঞ্চলসমূহত বসবাস কৰিবলৈ লয়৷ বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ লক্ষিমপুৰ, মাজুলী, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, গোলাঘাট আদি জিলাত ঘাইকৈ মিচিংসকলৰ বসতি পোৱা যায়৷ 

         মিচিংসকলে নিজকে 'চন্দ্ৰ-সূৰ্য' (দঃঞি-পঃল)ৰ বংশধৰ বুলি পৰিচয় দিয়ে৷ আনহাতে এই জনগোষ্ঠীৰ লোকসকলক 'মিৰি’ বুলিও জনা যায়৷ বিভিন্ন গ্ৰন্থত মিচিং সকলৰ পৰিচয় আৰু উৎপত্তিৰ বিষয়ে উল্লেখ পোৱা যায়৷ যেনে, Assam District Gazetteer ত এই সম্পৰ্কে উল্লেখ কৰিছে এনেদৰেঃ

"The Miris living in the plains are riverian people dwelling on the Brahmaputra and its tributories, and called themselves Missing; Miri being the Assamese word for go between or interpreter."

          কৃষিয়েই মিচিং জনগোষ্ঠীৰ জীৱন- জীবিকাৰ প্ৰধান উপায়৷ জীৱন- পদ্ধতিৰ তালিকাত জনবিশ্বাস, কিংবদন্তি তথা কৃষিৰ লগত জৰিত উৎসৱসমূহ উদ্‌যাপনৰ ক্ষেত্ৰত মিচিংসকলৰ প্ৰধান কৃষ্টিকেন্দ্ৰ 'মুৰংঘৰ 'এ উল্লেখযোগ্য ভূমিকা পালন কৰে৷ ৰাজহুৱাভাৱে 'য়াঃমে- মৗমবৃৰ' (ডেকা-গাভৰু) সকলে উৎসৱৰ দিনত মুৰংঘৰ(ৰাজহুৱা গৃহ) ত আনন্দ কৰে, নাচে, বিহু মাৰে৷ তদুপৰি সমজুৱা বহু সিদ্ধান্ত এই মুৰংঘৰতেই লোৱা হয়৷ উল্লেখ্যযোগ্য যে পূৰ্বতে এই মুৰংঘৰত গাৱঁৰ ডেকাসকলে পাল পাতি গাওঁ প্ৰতিৰক্ষাৰ নিমিত্তে ৰাতি পহৰা দিয়াৰ নিয়মো আছিল বুলি জনা যায়৷ এনেধৰণেৰে মুৰংঘৰে মিচিংসকলৰ জাতীয় জীৱন আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপে বিশেষ স্থান অধিকাৰ কৰি আহিছে৷

          মিচিং লোকজীৱনত কৃষিকৰ্মৰ সৈতে জৰিত প্ৰধানকৈ দুটা উৎসৱ পৰম্পৰাগতভাৱে পালন কৰি অহা দেখা যায়৷ এই দুটা উৎসৱ হ’ল 'আলি-আঃয়ে লৃগাং' আৰু 'পঃৰাগ'৷ সামূহিকভাৱে ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং লোকসকলে আহুখেতিৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে আৰু ইয়াক প্ৰথম কৃষিকৰ্মৰ শুভাৰম্ভন গণ্য কৰি 'আলি-আঃয়ে লৃগাং' উৎসৱ পালন কৰে৷ ঠিক সেইদৰে মিচিং সমাজত খেতি চপোৱাৰ শেষত 'পঃৰাগ' উৎসৱ পালন কৰে৷ 


আলি-আঃয়ে লৃগাং ঃ- আলি-আঃয়ে লৃগাং নামটোৰ শব্দগত অৰ্থ হৈছে - 'আলি' মানে আলু বা শিপা বা মূল, 'আঃয়ে' মানে ফল বা গুটি বা বীজ আৰু 'লৃগাং' মানে সিঁচা বা ৰুবলৈ আৰম্ভ কৰা কাৰ্য৷ অৰ্থাৎ 'শস্য বা গুটি সিঁচাৰ প্ৰথম দিন'৷ অবশ্যে অতীজতে এই উৎসৱ ফাগুন মাহৰ যিকোনো এটা দিনত হৈছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে ইয়াক পালন কৰি আহিছে৷

         মিচিংসকলৰ কৃষিকৰ্ম আৰম্ভ কৰাৰ মূহূৰ্তত আলি-আঃয়ে লৃগাং চমুকৈ লৃগাং উৎসৱ পালন কৰাৰ তাৎপৰ্য অনেক৷ আহুধান সিঁচিবৰ সময়ত এই উৎসৱ পালন কৰা হয় যদিও কেৱল আহুধানেই যে সিঁচে এনে নহয়; কৃষিকেন্দ্ৰিক সমাজ হিচাপে মিচিংসকলৰ মাজত খাদ্য-শস্য সিঁচি বা ৰুই স্বাৱলম্বী হোৱাৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰাই প্ৰচলিত আছে৷ 'লৃগ্‌গদ’ বা বীজ সিঁচাৰ বাবে প্ৰয়োজনীয় উপাদান বোৰ হ’ল--- পুৰাং, পঃৰ আপং, পেঃৰেদ অয়িং( মাটিমাহৰ আঞ্জা), পাতত দিয়া শুকান মাছ বা মাংস, আদা, কপাহ, পিঃৰ (মেগেলা), কেইডালমান আহুধানৰ কঠীয়া আদি৷ এই উপাদান সমূহৰ দ্বাৰা পথাৰৰ এচুকত বা বৰ্তমান মুৰংঘৰৰ আগ চোতালত কোৰেৰে মাটি চহাই গাৱঁৰ মুখিয়ালৰ নেতৃত্বত বীজ ৰোপণৰ মাংগলিক কাৰ্য সম্পন্ন কৰে৷ 

অৰ্থাৎ সেই মাটিডৰাৰ চাৰি চুকত চাৰি ডাল ( ঠাই বিশেষে পাঁচডাল) পিঃৰ গছৰ আগলি ৰুৱে৷ পিঃৰৰ আলিত থকা পাতবোৰ মেৰিয়াই বগা সুতাৰে বান্ধি ৰাখে আৰু পূৱৰ পিনে পিঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ 'পঃৰ আপং' আৰু 'ন’গিন আপং' ঢালি মিচিং ভাষাত 'পেনাম'(বচন) মাতি প্ৰাৰ্থনা জনায় আৰু শস্যৰ সমৃদ্ধি আৰু মংগল কামনা কৰি আই বসুমতী আৰু পূৰ্বপুৰুষসকলক সেৱা যঁচা হয় ৷ ইয়াৰোপৰি লৃগাঙৰ দিনা ঘৰৰ পিছফালে এডোখৰ ঠাই কোৰেৰে পৰিস্কাৰ কৰি তেওঁলোকৰ নিয়মানুসাৰে এটি সৰু ঘৰ সাজি উলিওৱা হয়৷ দুপৰীয়া সময়ত উক্ত স্থানত পূৰ্বপুৰুষ- প্ৰেতাত্মালৈ ' উৰম- আপিন' (জলপিণ্ড) দিয়া হয় আৰু ছাইমদ্‌, বৰাচাউল চটিয়াই দি মৃত উপৰিপুৰুষসকলৰ সোঁৱৰণত পিণ্ড দিয়া হয়৷ আবেলি নিৰ্দিষ্ট নিয়মানুসাৰে গাঁৱৰ মুৰব্বীৰ ঘৰত খোৱা আৰম্ভ কৰে৷ এইক্ষেত্ৰত প্ৰথম আপং আৰু টোপোলাভাত পৰিৱেশন কৰে গাৱঁৰ মুৰব্বীগৰাকীয়ে৷ মুৰব্বীগৰাকীয়ে খোৱা আৰম্ভ কৰাৰ পাছত গাঁৱৰ বয়োজ্যেষ্ঠসকল একগোট হৈ বসুমতী আইক আপংভাত দি প্ৰণাম জনাই খোৱা- বোৱা আৰম্ভ কৰে৷ তাৰ পিচতেই অন্যান্য সকলেও আপং, টোপোলাভাত খাই আনন্দ কৰে৷

          ইয়াৰ পিছতেই আৰম্ভ হয় নৃত্য-গীতৰ৷ য়ামে (ডেকা) সকলে 'দুমদুম'(ঢোল), 'লুঃপি' (তাল) আদি বাদ্যবোৰ বজায় আৰু মৃম্‌বৰ (গাভৰু) সকলে 'ৰিবি-গাছেং', 'এগে-গাছৰ' ইত্যাদি পিন্ধি চাংঘৰৰ চোতালত 'গুমৰাগ - চঃমান' (শাৰী শাৰী ঘূৰণীয়া নৃত্য)ৰ তালে-তালে গীত জুৰি গুম্‌ৰাগ নৃত্য কৰে৷

 সেইদৰে আনসকলেও লৃগাঙৰ দিনা ঘৰে-ঘৰে খোৱা-বোৱা, আনন্দ-উলাহ কৰে৷ এনেদৰেই শেষত নৃত্য-গীত আৰু প্ৰাৰ্থনাৰে লৃগাঙৰ সামৰণি পৰে৷


পঃৰাগ ঃ- পঃৰাগ উৎসৱ খেতি চপোৱাৰ পাছত গাৱঁৰ ৰাইজে সমূহীয়াকৈ পালন কৰে৷ আানহাতে ধান চপোৱাৰ পিছত অথবা ধানৰ নৰাচিগা সময়ত এই উৎসৱ পতা হয় বাবে ইয়াক 'নৰাচিগা' বিহু বুলিও কোৱা হয়। সাধাৰণতে এই উৎসৱ মাঘ মাহত পালন কৰা হয়৷ বুধবাৰে আৰম্ভ হোৱা এই উৎসৱ পাঁচ-ছয়দিনলৈ মুৰংঘৰত উদ্যাপিত হয়৷ 

         সৃষ্টিকৰ্তা, আই বসুমতী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য ডেকা গাভৰু সকলৰ নেতৃত্বত আৰম্ভ কৰা এই উৎসৱৰ প্ৰথম দিনা মিগম বৰা আৰু বৰপুৱাৰী অথবা ডেকা বৰাক তেওঁলোকে যিকোনো এজনৰ ঘৰৰ পৰা 'গুমৰাগ' নাচৰ যোগেদি 'য়ামনাম' (শোভযাত্ৰা) কৰি মুৰংঘৰলৈ আনে৷ সেইদিনা মুৰংঘৰত বিশেষভাৱে ভোজ-ভাতৰ আয়োজন কৰি মাজনিশা ' তাঃচুগ'ত ( পঃৰ আপং চকা সজুলি) আপং ভৰোৱা আৰু 'পঃবৰ কাদ্‌নাম' 

(আপং চকা), এগে মান্‌নাম্‌ (গাহৰি বধ কৰা কাৰ্য) আদি কাৰ্যৰ শুভাৰম্ভ কৰে ৷" ৰাতিলৈ মিবু (পুৰুহিত) আদৰণিৰে ' মিবু- দাগ্‌নাম ' অনুষ্ঠানত মিবুৰে সৈতে ডেকা- গাভৰু সকলে গুম্‌ৰাগ নৃত্য কৰে৷ 'আঃবাঃ' গীত পৰিবেশন কৰি মানৱ সৃষ্টিকৰ্তা দেৱতা 'চেদীবাঃবু' আৰু 'মেঃলং নাঃনী'ক স্মৰণ কৰা হয়৷

         দ্বিতীয় দিনা অতিথি বা মিনম্‌ সকলক ভোজন কৰোৱা পৰ্বৰে আদৰ, আপ্যায়ন কৰা হয়৷ সেইদৰে তৃতীয় দিনাখন গাঁৱলৈ অহা 'জীয়ৰী'সকলক মুৰংঘৰত ভোজন কৰোৱা হয়৷ সেইদৰে চতুৰ্থ আৰু পঞ্চম-ষষ্ঠ দিনা বিভিন্ন নিয়ম নীতি পালন কৰি সমূহীয়া ভাৱে ৰং ধেমালি কৰা হয়৷

         পঃৰাগৰ গোটেইকেইটা দিনত ৰাতি ডেকা-গাভৰু আৰু মিনম্‌সকলে একেলগে মুৰংঘৰত শোৱে৷ এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি৷ ঘাইকৈ গাঁৱৰ ডেকা-গাভৰুসকলৰ উদ্যোগত এই উৎসৱ উদ্‌যাপিত হয় যদিও গাঁৱৰ আন সকলো মানুহেই ইয়াত অংশগ্ৰহণ কৰে৷ এইদৰে পাঁচ/ ছয়দিন ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়।


         বৰ্তমানকালত গুৰুত্বতাৰ অভাৱত অথবা আধুনিকতাৰ পৰশত মাংগলিক ৰীতি-নীতি আৰু সামগ্ৰীৰ ক্ষেত্ৰত আলি-আঃয়ে লৃগাং অথবা পঃৰাগ উৎসৱ উদ্‌যাপনত যথেষ্ট তাৰতম্য দেখা যায়৷ মিচিংসকলৰ নগৰমুখীতা, গ্ৰাম্য অঞ্চলৰ আৰ্থিক অনাটন, প্ৰাকৃতিক দুৰ্যোগ ইত্যাদিৰ ফলত লৃগাং উৎসৱৰ অতীতৰ প্ৰাচুৰ্য্য আৰু গাম্ভীৰ্য কিছু পৰিমানে হ্ৰাস হোৱা দেখা যায়৷ তথাপিও এই উৎসৱৰ জৰিয়তে মিচিং জনগোষ্ঠীৰ খাদ্যাভাস, সাজপাৰ, ধৰ্মীয় পৰম্পৰা আদি বিভিন্ন দিশ পৰিস্ফুট হয়৷ মন কৰিবলগীয়া যে - ঠাইভেদে আৰু অঞ্চলভেদে এই উৎসৱ উদ্‌যাপন প্ৰক্ৰিয়া পৃথক পৃথক হ’লেও সাম্প্ৰতিক সময়ত সাধাৰণতে সমজুৱাকৈ মুৰংঘৰৰ বাকৰিতহে উদ্‌যাপন কৰা দেখা যায়৷ সেয়েহে এই সকলোবোৰৰ উৰ্দ্ধত ক’ব পাৰি যে - মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে লৃগাং আৰু পঃৰাগ উৎসৱে নিজস্ব স্বকীয় বৈশিষ্ট্যৰে জাতীয় সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি আহিছে৷



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages