চিনাকি
লক্ষী প্ৰসাদ ৰেগন
মাজুলী
ইয়াত মই কাকো লগ পোৱা নাই
চিনাকি বুলি তোমাৰ কথাকে সুধিবলৈ
ব্যস্ত চহৰখনত মাত্ৰ দুজন ব্যক্তি লগ পালো
এজন চকুৰে নেদেখা
আনজনে কাণেৰে নুশুনে
এতিয়া কি বুলিনো সোধো তোমাৰ কথা
ডাৱৰ এজাক আহিছিল
চাৰি-আলিটো অলপ তিয়াই আঁতৰি গ'ল
ৰঙা ছাতিৰ তলত মুখ লুকুৱা অচিনাকি গাভৰুজনী
সাইলাখ তোমাৰ দৰে
বাকী সকলো মানুহ দেখোন মুঠিফোনত ব্যস্ত
কথা এষাৰ সুধিবলৈ
সুৰুঙা এটাকে বিচাৰি নাপালো
সেয়ে পুৰনা পাৰ্কখনলৈকে গ'লো। নিস্তব্ধ, এছাটিও বতাহ বলা নাই
চিনাকি পাৰ্কখনতো কোনেও কাকো
স্পৰ্শ কৰা নাই
এনে লাগিছে যেন সৱ গণ্ডগুলীয়া প্ৰেমিক প্ৰেমিকা
আচলতে ব্যস্ত সৱ, মুঠিফোনত ব্যস্ত
দেখিলো চিনাকি কোনো নাই
য'ত তুমি নাই
No comments:
Post a Comment