বৰদৈবাম বিলমুখ পক্ষী উদ্যান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 9, 2021

বৰদৈবাম বিলমুখ পক্ষী উদ্যান

 বৰদৈবাম বিলমুখ পক্ষী উদ্যান

প্ৰগ্ৰেছ মেদক




যোৱা সংখ্যাৰ পৰা

    উদ্যোগখনিক কেন্দ্ৰ কৰি বিতৰ্ক নাছিল। উদ্যোগখনৰ বিৰুদ্ধে গঢ় লৈ উঠা এক সংগঠনৰ ৰাইজৰ মাজত অপ প্ৰচাৰ আৰু ৰাজনৈতিক ব্যক্তিৰ উচতনি, মাছমৰীয়া ব্যক্তি বিশেষৰ উদ্যানখনিৰ প্ৰতি বিৰোধিতা আদি কাৰ্য্যই উদ্যানখনৰ ওপৰত বেয়াকৈ অপ প্ৰচাৰৰ কু প্ৰভাৱ পৰে। উদ্যান ঘোষণাৰ প্ৰাৰম্ভিকতে দাঁতি কাষৰীয়া ৰাইজৰ উদ্যানখনৰ প্ৰতি কোনো কৌতূহল নাছিল। পূৰ্ণ সহযোগিতাহে আছিল।

     উদ্যানখনৰ সজাগতা সভা সমিতিবোৰত সমীপৱৰ্তী গাঁওবোৰত সকলো ৰাইজৰ সহযোগিতা স্থানীয় প্ৰকৃতি সংগঠন সমূহে পূৰ্ণ সমৰ্থন লাভ কৰিছিল আৰু সংবাদ (বাতৰি কাকত) মাধ্যমত প্ৰকাশ পাই আছিল। পৰৱৰ্তী সময়ত উদ্যান বিৰোধী কিছু লোকৰ অপ প্ৰচাৰৰ দ্বাৰা দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকক উচতনি দি বিষাক্ত কীট নাশক দ্ৰব্য প্ৰয়োগ, জাল তৰি, ৰাতি গেছ লাইটৰ পোহৰত ধনু কাঁড়েৰে দেশী বিদেশী পৰিভ্ৰমী চৰাইবোৰ মাৰি পেলোৱাটো শিক্ষিত অশিক্ষিত মাছমৰীয়া লোকৰ বাবে পক্ষীকুলৰ নিধন প্ৰতিযোগিতাহে চলিল।

    অসমৰ অন্যতম পক্ষী উদ্যান হিচাপে পৰিচিত বৰদৈবাম বিলমুখ পক্ষী উদ্যান। শীতৰ আগমনৰ লগে লগে বিল খনলৈ আগমন ঘটে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ। কিন্তু বিলখনত দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰদূষিত পৰিৱেশৰ বাবে শেহতীয়াভাৱে পৰিভ্ৰমী চৰাইৰ আগমন হ্ৰাস পাবলৈ ধৰে আৰু কালক্ৰমত পৰিভ্ৰমী চৰাইৰ আগমনি নাইকীয়া হৈ পৰে। দেশৰ সংৰক্ষিত বনাঞ্চল আৰু জলাশয়বোৰৰ সংৰক্ষনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ আইন নিৰ্দেশনা সত্ত্বেও বৰদৈবাম বিলমুখ উদ্যানৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰাটো দুৰ্ভাগ্যৰ কথা। উদ্যানখনৰ অন্তৰ্ভাগত কৃষি বেদখলকাৰী সকলক উচ্ছেদ কৰি বিলখন সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে যথোচিত ব্যৱস্থা লোৱা উচিত। বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে উদ্যানৰ বে দখলকাৰীৰ সম্পূৰ্ণ উচ্ছেদ কৰি ৰখাৰ ব্যৱস্থা লোৱা উচিত। বিলখনৰ কাষৰীয়া অঞ্চলৰ ইটা ভাটাৰ দৰে কাৰখানা নিৰ্মাণৰ কৰ্তৃত্বশীল অনুমতি বাতিল কৰি দূষিত বায়ুৰ বিষাক্ত হোৱাৰ সম্ভাৱনাৰ পৰা মুক্ত ৰখা উচিত।

     এটা কথা সকলোৱে উপলব্ধি কৰা উচিত যে, পৃথিৱীখন কেৱল মনুষ্য জাতিৰ বাবেই নহয়। বন্য প্ৰাণীৰ লগতে জলজ প্ৰাণীৰো নিৰাপদে বসবাস কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। আধুনিকতা আৰু উন্নয়নৰ নামত আমি ইমানো স্বাৰ্থপৰ হোৱা উচিত নহয় যে প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সংৰক্ষণৰ কথা ৰাখিবলৈ আহৰি নেপাও। প্ৰকৃতিৰ ভাৰসাম্য অবিহনে যে মনুষ্য জাতিও বৰ্তি থকা সম্ভৱ নহয়, সেই কথাও আমি পাহৰি যোৱা অনুচিত।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages