হেৰুৱাব নোখোজা কথাবোৰ
গুৱাহাটী
সকলো বস্তুৰে সুকীয়া স্থান থাকে
থাকে নিজাকৈ নিয়ম
ঘৰখনৰো
বেৰত আঁউজাই থোৱা অঁহীয়া কথাবোৰে
খোনাই থাকে আঁহ নভঙালৈকে
তথাপিও
ঠাই সলনি কৰি হেৰুৱাব নোখোজে
নিজৰ বিশেষখিনি ৷
গভীৰতাত ডুবি থকা
পঢ়া টেবুলৰ চকীখনে
বাৰাণ্ডাত গৈ গা ঘেলাব নোখোজে
নতুবা
বিচনাখন বৈঠকখানাত গৈ নবহে
এটা ভৰিক এৰি আনটোৱে নাভাবে একোকে
নাযায় ক'লৈকো
ভৰি মানে মাটি ৷
কিন্তু এখন হাতৰ কথা
আনখন হাতে নাজানে সততে
সম্প্ৰতি হাত এৰা অসুখ এটাত মানুহ
ভালকৈ ভূগিছে ৷
চাদৰখন সামৰি থ'ব লগা ঠাইত নথৈ
ক'ব নোৱৰাকৈ
আন এঠাইত থ'লোঁ
হৈ যায় কেতিয়াবা
ক্ৰমশঃ বাঢ়ি থাকে অদল-বদল
খৰখেদাকৈ বস্তু এটা বিচাৰি গৈ
কিমানবাৰ নিজক সুধিছিলোঁ
কি বিচাৰি আহিছোঁ
ক্ষন্তেক ঠাইতে থমকিছোঁ ৷
এনেকৈয়ে এদিন (বহুদিনৰ পাছত)
বজাৰৰ মাজত তেওঁক লগ পালোঁ
চকুত চকু ৰাখি পিছলৈ উভতি গৈ
বহু দেৰি চায়ো তেওঁক নেদেখিলোঁ
আৰু দেখোঁ মানে
ভিৰৰ মাজত চকুহাল হেৰাই গ'ল ৷
অন্যমনস্কতাত
হেৰাই বহুত ৷
:
সেইবাবেই কোনেও এৰিব নোখোজে নিজক
:
নিজৰ পৰা ৷
No comments:
Post a Comment