ইতিমধ্যে মোৰ মৃত্যু হৈছে
জয়ন্ত মাধৱ মৰাং
ইতিমধ্যে মোৰ মৃত্যু হৈছে
মোৰ মৃত্যুৰ খবৰটো পাই
আপুনি চাগে বিদ্ৰুপৰ হাঁহি মাৰিছে
মেহনতি জনতাৰ হাঁহিৰ স'তে
মই সহবাস কৰাৰ বাবেই মোক
আপুনি মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে
আপোনাৰ গম্বোজ বাসনা
অথবা আভিজাত্যৰ সীমাহীন অহংকাৰৰ স'তে মই একাত্ম হ'ব নোৱাৰাটো আছিল মোৰ অপৰাধ
মহাশয় ,মত্যুৰ সিপাৰৰ পৰা
দুচকু তিয়াই চাই আছোঁ
ধনৰ গৰ্বৰে মেৰিয়াই ৰখা
মীনাৰৰ বিশাল ছাঁ
আৰু শুনি আছোঁ ৰাতি ভালপোৱা
নখাল হিংস্ৰ বিহঙ্গৰ বিকট চিঞৰ
মহাশয় ,আপুনি ভালপায় চহৰ
ভালপায় পঞ্চতাৰকা হোটেলৰ
কৃত্ৰিম সুস্বাদু খাদ্য
বিজুলী চাকিৰ তলৰ
ৰঙা -নীলা পৃথিৱী
য'ত মানুহবোৰৰ মুখত
প্ৰলেপ লগোৱা থাকে
নিলজ্জ ভাৱে বিক্ৰী হ'য় প্ৰেম
মাথোঁ এটা ৰাতিৰ বাবে ।
মহাশয়, আপোনাৰ দৰে ষ্টেটাচ্ মোৰ নাই
নাই সুউচ্চ মীনাৰ সদৃশ অট্টালিকা
বাটৰ পাক ধৰিব পাৰিলেও
ধৰিব নোৱাৰি আপোনাৰ মনৰ পাক ।
নদী-পথাৰ ভালপোৱা মই গাঁৱলীয়া ল'ৰা
চাপৰিৰ গৰখীয়া ল'ৰাটো মোৰ ভাই
নাৱৰীয়া ঘাটৈজন মোৰ দদাই
কুকুৰাৰ প্ৰথম ডাকত উঠি
চাঙতল-চোতাল হাৰি ডাঙৰ হোৱা ছোৱালীজনী মোৰ ভনী
তৰাজিলিকা কামিজৰ তলৰ
ঘাম ঘাম গোন্ধোৱা শৰীৰটো মোৰ পিতাই
খৰিৰ জুইত গাল-মুখ ৰঙা কৰি
ভাতৰন্ধা মানুহগৰাকী মোৰ মা
টিকা তলযোৱা ভদীয়া বানকো নেওচি ভূঁই ৰোৱাজনী মোৰ আজলী বৌ
যাৰ বাবে মোৰ সপোনে পোখা মেলে
মাটি খামুচি ওখ হ'য় স্বাভিমানৰ গছ
অহংকাৰ বিহীন সেউজীয়া ।
চাংঘৰৰ চোতালত
যেতিয়া জোনে চেতাৰ বজায়
তেতিয়া মোৰ তেজত গজি উঠে
ভালপোৱাৰ ফুলনি এখন
মই আকৌ জী উঠোঁ
আপোন মানুহৰ বাবে ।
মহাশয়, আপুনিয়েই কওকচোন
মানুহৰ সৰলতাক মোহাৰি
কেনেকৈ খোজ দিওঁ কৃত্ৰিম বাটত
আধুনিকতাৰ মিছা ৰহণত ডুব গৈ
কেনেকৈ পাহৰোঁ নদী পথাৰ
আৰু আৰণ্যক প্ৰেমৰ সোণালী অতীত।
বানে ধোৱা মোৰ গাঁও
সহজ-সৰল এমুঠি মানুহ
পাহৰিব নোৱাৰা এবুকু মৰম
মাটিৰ সুগন্ধি আৰু নদীৰ ঠিকনা
ভালপোৱাটোৱেই জানো মোৰ অপৰাধ ?
যাৰবাবে মোক আপুনি মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে !
মহাশয়,ভুল হ'ল আপোনাৰ
ধনৰ তুলাচনিত মানুহৰ ওজন জুখি
ভালপোৱা কংক্ৰীটৰ নগৰীত
কাহানিবাই মোৰ মৃত্যু হৈছে ।
মৃত্যুৰ পাছত মৃত্যুদণ্ড ঘোষণা কৰি আপুনি ভুল কৰিলে মহাশয় ।
উপসংহাৰঃ ডাঙৰ মানুহে ভুল কৰিলেও কওঁতা কোনো নাই । গতিকে আপুনি নিচিন্ত থাকক ।
No comments:
Post a Comment