অচিনাকি কবিজন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, December 1, 2021

অচিনাকি কবিজন

 অচিনাকি কবিজন

ৰুনাল্ডো টাইদ

গোলাঘাট



(The negro speaks of rivers ৰ আঁত ধৰি)


প্ৰথমবাৰ তেওঁক কিতাপৰ পৃষ্ঠাত দেখিছিলো

বগা কামিজ কলা কোট

কলা পেন্ট কলা বেল্ট


দ্বিতীয় দিনা তেওঁক হাৰলেমৰ পদপথত দেখিলো 

ভৰিত বিটলছ জোতা

হাতত এক ডৰ্জন চিলা


বসন্ত কালত লগ পাওঁতে মাটি- মানুহৰ কথা কলে

উৰ্বৰা পৃথিৱী আৰু ঋতুমতি নাৰীৰ কথা কলে


এদিন বৰ্ষা আহিল

এপেলেছিয়ান পৰ্বতমালাৰ ওপৰৰে বৈ আহে মলয়া

মিচিচিপিৰ উভতনি সোঁতত হাত নাৱত উজাই নিগ্ৰো নাৱৰীয়া

শৰৎৰ সন্ধিয়া গীৰ্জাৰ ঘণ্টাধ্বনি 

ঢৌ খেলি বৈ থাকে মিচিচিপি, মৌন হৈ ৰয় ক্ৰুছবিদ্ধ যীশু।


সন্ধিয়া নৈ গড়াৰ শিলত বহি বৰশী বায় বৃদ্ধ মাছমৰীয়া

মিচিচিপিৰ এচলু সৌন্দৰ্য্যত মুগ্ধ অলেখ নাৱৰীয়া


নদী শিল্পময়

নদী ঐশ্বযময়


শীতৰ হাড় কঁপোৱা জাৰ লৈ আহিল ডিচেম্বৰ 

কেৰিবিয়ান ৰামৰ ভেকেটা ভেকেট গোন্ধ

চিগাৰেটৰ নিচাত বনৰীয়া খোজ।


শেষবাৰৰ বাবে তেওঁক মিচিচিপিৰ পাৰে পাৰে সান্ধ্যভ্ৰমণত দেখা পালো 

ক'লা চালৰ মানুহজনে কাণে কাণে এখন ঐশ্বৰ্যময় পৃথিৱীৰ কথা কলে 


অচিনাকি কবিজন লেংষ্টন হিউজ।


( উপসংহাৰ : বিশ্ববিখ্যাত আমেৰিকান কবি লেংষ্টন হিউজৰ এটা বিখ্যাত কবিতা হৈছে " The Negro Speaks of Rivers" হৈছে । আমেৰিকাৰ হাৰলেমৰ বাসিন্দা সোতৰ বছৰীয়া লেংষ্টন হিউজ যেতিয়া তেওঁৰ পিতৃৰ কৰ্মভূমি মেক্সিকোলৈ ৰেলেৰে গৈ আছিল, তেতিয়া তেওঁ মিচিচিপি নদী পাৰ হ'বলগীয়া হৈছিল। ৰেলৰ ওপৰৰ পৰা মিচিচিপিৰ সৌন্দৰ্য্য দেখি হিউজ মিচিচিপিৰ প্ৰেমত পৰিছিল । ১৭ বছৰ বয়সতে ৰেল যাত্ৰাৰ সময়ত তেওঁ লিখিছিল The negro Speaks of Rivers কবিতাটো।) 





No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages