পেট-ঘৰ
স্বপ্নালী কলিতা
গোলাঘাট
হাজাৰ আমন্ত্ৰণেও হৰিণাক নিব নোৱাৰে
বাঘৰ ঘৰলৈ।
নীল গাইবোৰক নোৱাৰে নিব হায়েনাৰ ঘৰলৈ।
কুমলীয়া কেঁচা ঘাঁহৰ পাহাৰেও লেলাউটিত সানিব নোৱাৰে লালসা।
অৱশ্যে যোৱাকেইটাও ঘূৰি আহি
কোৱাহি নাই
অপ্যায়নৰ অদ্যোপান্ত।
জীৱন...
ঘূৰি ঘূৰি জীৱন।
ঘৰ এটা থকা হ'লে বাহিৰত!
'অতিথিদেৱো ভৱঃ'
বিধি মনাৰ কথাটো মনকৰিহেঁতেন সিহঁতে।
নেজৰ আগত জীৱটো বান্ধি কিমানযে
তুফান পাৰ কৰিছে !
কিমান গোটা বৰষুণে পিঠিত বজাইছে দবা!
অতিথিৰ আয়োজননো কৰেনে
অকাৰণে নস্যাৎ!
ভোক আৰু ভোগৰঘৰত
বলি হৈ কোনসতে দিব পাৰে নিজক সমৰ্পি!
হেঁপাহ কাৰ নো নাথাকে!
তোমাৰো
মোৰো
সবৰে ।
সেইবুলি
পেটৰ ভিতৰৰ
ৰাজকীয় ঘৰলৈ যোৱাৰ কথা
পাৰিনে ভাবিব!
No comments:
Post a Comment