জুহালৰ জোন
যতীন মিলি
ধোঁৱাচাঙৰ ধোঁৱাৰ
এঁৱা উশাহত
এগছা আন্ধাৰ সাৱটি জী থাকে
জুহালৰ জোন ।
সেলেঙীবুলোৱা আইৰ মুখৰ
এমোকোৰা হাঁহি হৈ
পোহৰাই থাকে সেই জোনে
চৌপাশ-চৌদিশ
দিনান্তৰ অৱকাশত
সুখৰ হাঁচটি খুলি আই পিতাইয়ে
নাচে হাঁহে উচুপে
ৰাশি ৰাশি ঢৌৰ সেই পোহৰত ।
জুহালৰ জোনৰ আভাত
আয়ে যতনাই দিয়া মাইহাং বাতিত এজোলোক আপং পি
নিতৌ নামোচ্চাৰণ কৰে পিতাইয়ে
ছেঃদি-মেঃল ,কাৰ্চিন-কাৰ্তাক ,দঃঞি-পঃল আৰু
পুলিন-পুথাউক
প্ৰাৰ্থনাকাতৰ আঙুলি ধিয়াই
হৃদয়ৰ মৌন মন্দিৰত
দুচাকি চকুৰ পোহৰে উদ্ভাসিত কৰি
ডুব যায় ভক্তিৰ ভৱ সাগৰত ।
কেবি-কেবিকৈ লৌহ কুণ্ডাৰ কলিজা
গন্ধি-ভ্ৰমি-চুমি
জীৱনৰ আয়ুসৰেখা আঁকে
মোৰ আই-পিতাইয়ে
গুৱা এখনৰ বাটত
চিনে বুকুৰ তামবৰণীয়া ঘা
লেও দিয়া জোনৰ পাঠ পঢ়ি
জোখে দুখৰ অজস্ৰ বা
চেঁও দিয়া কৰতে
যেতিয়া পিতাইৰ হাতৰ তলুৱাত তোলে
ঢৌ-ফুটা মাত
তেতিয়া এমুঠি ৰামধেনু আহি বহে
ভাতৰ পাতত
পুৱা-গধূলি
আসঃ কি সহজাত কবিতা !
চকুত ৰ'দৰ চকুপানী আৰু
পিঠিত এবোজা কাঞ্চনজংঘা লৈও
নিলিখি নোৱাৰি জীৱনৰ কবিতা
দুখ-সুখ
হাঁহি-কান্দোনৰ
অ' মোৰ জুহালৰ জোন
অভিজাত বেলিয়ে দীঘলকৈ লেং মেলিলেও তুমিয়েই হ'বা
মোৰ মনাকাশৰ জোন
সোণগুটিৰ সোণ...
No comments:
Post a Comment