মিচিং ভাষা শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 2, 2021

মিচিং ভাষা শিক্ষা

 মিচিং ভাষা শিক্ষা

                        খগেন পেগু


যোৱা সংখ্যাৰ পৰা… 

অষ্টম খণ্ড

       মি আগতেই কৈছোঁ, মিচিং ভাষা শিক্ষা হ'ল এটা অন্তহীন মেগাট'পিক৷ ইয়াৰ অতখিনি বিষয়ৰ ভিতৰৰ এটা অতি লাগতিয়াল বিষয় হ'ল মিচিং ভাষাৰ বানান পদ্ধতি৷ মিচিং ভাষাৰ বানান পদ্ধতি সম্পৰ্কত লিখিবলৈ বহুকেইজনে মোক বাৰে বাৰে অনুৰোধ জনাই আছে৷ মিচিং ভাষা-শিক্ষাৰ ক্ষেত্ৰত ভাষাটো শুদ্ধকৈ লিখিবৰ বাবে আমি মিচিং ভাষাৰ বানান পদ্ধতি সম্পৰ্কে আলোচনা কৰাটো অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ৷ সেয়ে আজি আলোচনাৰ পাতনি মেলিলোঁ৷

            অৱশ্যে এই ক্ষেত্ৰত ইয়াত এটা কথা কৈ লোৱা ভাল হ'ব৷ সেয়া হ'ল, প্ৰয়াত টাবুৰাম টাইদ প্ৰণিত 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপখন সদ্যহতে এই লেখকৰ হাতত মজুত নাই৷ সঁচা অৰ্থত কিতাপখনৰ কপি আমাৰ হাতত আছিল যদিও সেয়া মোৰ ঘৰৰ পুথিভৰালৰ অটল তলিত সোমাই আছে৷ তাক বিচাৰি উলিওৱাৰ আমাৰ সময় নাই৷

             1983 নে ‘84 চনত 'গমুগ' আলোচনীখন উলিওৱাৰ আগে আগে টাবুৰাম টাইদ ছাৰে আমাক মিচিং ভাষাৰ বানান পদ্ধতি কিতাপখনৰ ক'পি এটা দিছিল৷ তেতিয়াই পঢ়িবলৈ সময় নোপোৱাত 'গমৃগ'ত মিচিং ভাষাৰ বানান পদ্ধতি প্ৰয়োগ কৰিব পৰা নগ'ল৷ ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা পাছ কৰি জেংৰাইমুখ আৰু যোৰহাটত মিচিং ভাষাৰ প্ৰশিক্ষন লোৱা ছাত্ৰ-ছাত্ৰীসকলক মিচিং ভাষাৰ বানান পদ্ধতি পঢ়াবলৈ যাওঁতে আমি যিখিনি পঢ়িছিলোঁ, সেইখিনিৰে বিভিন্ন ঠাইত মিচিং ভাষা-শিক্ষা প্ৰদান কৰিছিলোঁ৷ আজিও সেয়াই মোৰ মূলধন৷ অৱশ্যে সময়ে সময়ে ইয়াৰ ওপৰত কৰা পুনৰীক্ষন তথা পৰ্যালোচনাবিলাকো আমাৰ জ্ঞানৰ ভিতৰত প্ৰায় আৱদ্ধ৷ পিছে কিতাপখন মোৰ হাতত সদ্যহতে নথকা বাবে পিছৰ অধ্যায়টো আগবঢ়াই নিয়াত অলপ হ'লেও কিছু 

জটিলতা আহিব পাৰে৷ সেয়ে সদাশয় কোনোবা ব্যক্তিয়ে কিতাপখন আমাক দি সহায় কৰিলে পৰম কৃতজ্ঞ হ'ম৷


  প্ৰস্তাৱনা

           মিচিং ভাষাত লিখা-মেলা কৰোঁতে প্ৰায় একে উচ্চাৰণৰ বহুখিনি শব্দ বা পদ দেখা যায়৷ পিছে উচ্চাৰণ একে যেন লাগিলেও সেই সম উচ্চাৰণৰ শব্দ বা পদবোৰে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে৷ যেনে—Anné শব্দ বা পদে দুটা বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে৷ এটা হ'ব পাত আৰু আনটো হ'ব লিখক বা লেখক৷

            কথিত মিচিং ভাষাক যিহেতু নতুনকৈ লিখিবলৈ লোৱা হৈছে, গতিকে এনেহেন সন্ধিক্ষনত এনেকুৱা বহুখিনি দ্ব্যৰ্থক সমস্যাৰ উদ্ভৱ হ'ব৷ প্ৰায় গোটেইখিনি বিষয়ত থকা এই সমস্যবোৰ আমি এটা এটাকৈ সমাধান কৰি যাব লাগিব৷ এইক্ষেত্ৰত প্ৰয়াত টাবুৰাম টাইদদেৱে তেওঁৰ 'মিচিং ভাষাৰ বানান পদ্ধতি' নামৰ কিতাপখনত কিছুমান প্ৰণিধানযোগ্য পৰামৰ্শ আগবঢ়াইছে৷         

            'মিচিং ভাষাৰ বানান পদ্ধতি'ত দিয়া পৰামৰ্শ অনুসৰি একে উচ্চাৰণৰ দ্ব্যৰ্থক শব্দ আৰু পদসমূহ শব্দ আৰু ধাতুৰ পৃথকীকৰণৰ সহায়ত অৰ্থ স্পষ্ট কৰি লিখিব পাৰি৷ যথা—

Adné—লিখক; লেখক

Anné—পাত; গছৰ ডালৰ পৰা খিলা খিলাকৈ বা চিৰিলি চিৰিলিকৈ ওলোৱা অংশ

Anné—অনুসন্ধান কৰোঁতা৷

তেনেকৈ আৰু দেখুৱাবলৈ গ'লে—

Gubnam—উমনি দিয়া কাৰ্য

Gumnam—ডলা, কৰাহি আদি কাঠি-কামিৰে বন্ধা কাৰ্য৷

Gamnam—যাক কামোৰা হৈছে৷


Gabmang—নিজকে লুকুৱাই আঁৰ কৰি ৰখা নাই৷

Gammang—অমঙ্গলীয়া৷

Gammang—কামোৰা নাই; (বৰশিত মাছ আদি) ধৰা নাই৷


Sadné—লঘি আদি টানি উলিওৱাজন

Sanné—শুকান৷


Midné—যি (জুই) নুমাইছে

Minné—বুঢ়ীয়ে

Minné—পকা

            এনেকৈ আৰু অজস্ৰ উদাহৰণ আছে যিবোৰ আমি ইয়াত লিখি শেষ কৰিব নোৱাৰোঁ৷ আমাৰ দোমোজা বা মনৰ খেলিমেলি আঁতৰাই ওপৰত উল্লেখ কৰা ধৰণে অৰ্থ স্পষ্ট হোৱাকৈ লিখা-মেলা কৰিব লাগে৷

             দ্বিতীয় অধ্যায়

             আমি লিখোঁতে শব্দৰ শেষত p,t,k নে b,d,g সেয়া নিশ্চয়কৈ ক'বলৈ জটিল হয়৷ শব্দৰ শেষত p,t,k হ'লে যেনে লাগে, b,d,g হ'লেও যেনেকুৱা তেনেকুৱাই লাগে৷ পিছে p,t,k আৰু b,d,g খেলিমেলিকৈ লিখি থাকিলেওতো নহ'ব; সেয়ে আমি যিটো প্ৰয়োগিক দিশত ব্যৱহাৰ কৰোঁ সেইটো অলপ যুক্তি সম্পন্ন হ'ব লাগিব৷ তাৰ বাবে শব্দৰ শেষত অনিৰ্দ্দিষ্টবাচক(Indefinite) প্ৰথমা বিভক্তি é অথবা দ্বিতীয়া বিভক্তি ém যোগ কৰি চোৱা যাওক৷ 


1. শব্দৰ শেষত p,t,kৰে লিখিলে দেখা যায়—

Tabap+é=Tabapé

Tabat+é=Tabaté

Uak+é=Uaké ইত্যাদি৷

   আকৌ শব্দৰ শেষত b,d,gৰে লিখিলে দেখা যায়—

Tabab+é=Tababé

Tabad+é=Tabadé

Uag+é=Uagé ইত্যাদি৷


           এতিয়া যিহেতু আমি প্ৰয়োগিক বা ব্যৱহাৰিক দিশত Tabapé, Tagaté, Uaké আদি নকওঁ৷ তাৰ পৰিবৰ্তে Tababé, Tagadé, Uagé আদিহে কওঁ; অৰ্থাৎ Tababém la:tok(ফণিডাল লোৱা), Tabadém dotok(কুঁহিয়াৰ খোৱা), Uagé porogém rékpéddag(হেপাই কুকুৰা কামুৰি মাৰে) ইত্যাদি বুলি কওঁ; সেয়ে আমি লিখোঁতে শব্দৰ শেষত p,t,k নিলিখি b,d,g লিখাহে বেছি ভাল হ'ব৷ 

              সেয়ে মিচিং ভাষাৰ বানান পদ্ধতিয়ে কৈছে, শব্দৰ শেষত p,t,k নহৈ b,d,g হ'ব৷ গতিকে শব্দবিলাক নিম্নোক্তধৰণে লিখিব লাগিবঃ


(a) -b অন্ত


           Tabab

           Kuyab

           Tu:yab

           Péjab ইত্যাদি৷


(b) -d অন্ত


          Tabad

          Tagad

          Rébad

          Lígad ইত্যাদি৷


(d) -g অন্ত


          Uag

          Píag

          Pogag

         Jugag

          Agag ইত্যাদি৷

  

             তেনেকৈ ধাতু বা ক্ৰিয়ামূলৰ শেষতো p,t,k নহৈ b,d,g হ'ব৷ যেনে—Ab, Tad, Bíg, Tubgab, Simad, Luag ইত্যাদি৷ অৰ্থাৎ আমি এই কথাও ক'ব পাৰোঁযে, শব্দ আৰু ধাতুৰ শেষত p,t,k নহৈ b,d,g হ'ব৷


                      তৃতীয় অধ্যায়


            অৱশ্যে শব্দ বা ধাতুৰ শেষত b,d,g হ'লেও কিছুমান শব্দৰ শেষত p,t,k হোৱা দেখা যায়৷ যেনে—Tolop, Taye:t, Ngok আদি৷

           উপৰিউক্ত ক্ষেত্ৰত ভালকৈ লক্ষ্য কৰিলে এটা কথা স্পষ্টকৈ দেখা যায়৷ সেয়া হ'ল, সেইবোৰ Tolopé, Tayé:té, Ngokké আদি শব্দৰ চুটিৰূপ৷ তেনেকুৱা শব্দবোৰ অলপ ভালকৈ লিখি দেখুৱালে নিম্নলিখিত তালিকাত দেখুওৱাধৰণে হ'ব৷ যথা—


মূল শব্দ চুটিৰূপ অৰ্থ

----------- ---------- -----

Tolopé Tolop উজনিলৈ

Bolopé Bolop নামনিলৈ

Olopé Olop সৌ তালৈ


Tayé:té Tayé:t ওপৰত

Ísí:to Ísí:t গছজোপাত

Talé:to Talé:t ওপৰত

Ngokké Ngok মোৰ

Nokké Nok আপোনাৰ

                           তোমাৰ

                            তোৰ

Bíkké Bík তেখেতৰ 

                            তেওঁৰ

                          তাৰ ইত্যাদি৷


          সেয়ে আমি ক'ব পাৰোঁ, কিছুমান শব্দৰ শেষত b,d,g নহৈ p,t,k হ'ব৷।               


আগলৈ.....



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages