আদী মিচিং-মিপাগ মিচিং
জাতিৰাম কামান
আজিৰ পৰা কেবাদশক আগতে অৰুনাচলৰ আদীসকলে তাত বসবাস কৰা মিচিং মানুহখিনি আদী হিচাপে পৰিচয় দিয়াটো বিচাৰিছিল আৰু কোনোবা কোনোবা জেগাত মিচিং মানুহখিনি আদী বুলি নিজকে চিনাকী দিবলৈ ইচ্ছা কৰি আহিছিল যদিও অফিচিয়েলী তেওঁলোক আদী জনগোষ্ঠীৰ লোক নহয়।
আজিকালি কিন্তু তেনে মনোভাৱবোৰ কমি আহিছে।আদী আৰু মিচিংসকল শিক্ষিত হোৱাৰে পৰা,জনা বুজা হোৱাৰে পৰা আদী মিচিঙৰ পাৰ্থক্যটো জানি আহিছে। কিন্তু তথাপিও আদী আৰু মিচিংসকল যে একেই আবুতানিৰ সন্তান আৰু বংশধৰ সেই কথাৰ আঁত ধৰি দুই জনগোষ্ঠীৰ পাৰস্পৰিক আন্তৰিকতা যে আছে তাক নুই কৰিব নোৱাৰি।পূৰ্বতে কিছু ভুল বুজাবুজি আছিল যদিও সাম্প্ৰতিক কালত আত্মীয়তা বহুখিনি বাঢ়ি আহিছে দুই জনগোষ্ঠীৰ মাজত।অকল আদী বুলিয়েই নহয় বৰং একেই তানিগোষ্ঠীৰ লোক যেনে________ গাল,তাগিন,নিচি,আপাতানি,লহ্বা তানি আদি সকলো জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক ঐক্য এটা গঢ়ি উঠিছে।পৰ্বত ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰিডাল লাহে লাহে মজবুত হৈ আহিছে।মিচিঙসকল হিমালয়ৰ বুকুৰ পৰা আতঁৰি অহা প্ৰায় হেজাৰ বছৰ অতিক্ৰম কৰিলে যদিও তানিগোষ্ঠীৰ স্বকীয় ঐতিহ্য পৰম্পৰা এতিয়াও এৰি দিয়া নাই।বিগত কেইবছৰ আমি আকৌ এৰি অহা বাটে উভতি বাট বুলিছোঁ এৰি থৈ অহা নিজৰ কুটুমসকলৰ ঠিকনা বিচাৰি।এয়া আমাৰবাবে শুভলক্ষণ।হিমালয়ৰ বুকুত বসবাস কৰি অহা অৰুনাচলৰ তানিসকল যে আমাৰেই বুকুৰ আপোন সেইকথা আজিৰ তাৰিখত দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিল।
আমাৰ মিচিং মানুহখিনি শ শ বছৰ আগতে অন্য তানিসকলৰ পৰা বিছিন্ন হৈ ভৈয়ামবাসী হোৱাৰ পাচতো তানিগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা,কৃষ্টি সংষ্কৃতি অক্ষুন্ন ৰখা কথাটোলৈ ভূয়সী প্ৰশংসা কৰে আদী ভাইসকলে আৰু ইয়াক লৈ তেওঁলোকে গৌৰৱবোধ কৰে।এয়া আমাৰ বাবেও বৰ গৌৰৱৰ কথা।
আমি পৰ্বত পাহাৰ এৰি বহুদূৰ আগবাঢ়ি আহি আহি কালৰ সোঁতত ভৈয়ামৰ ভাষা সংষ্কৃতিৰ লগত সংপৃক্ত হলোঁ।এয়াও আমাৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ দিশ।ইমানদিনে পাহাৰীয়া জীৱন এৰি ভৈয়ামবাসী হোৱাৰ পাছতো পৰ্বতীয়া তানিসকলৰ প্ৰতি আমাৰ টান এৰি যোৱা নাই।ঠিক তেনেদৰে আমাৰেই কুটুম্বৰ একাংশ বহু শতিকাৰ আগতে ভৈয়ামলৈ প্ৰৱজন কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহত্তৰ অসমীয়া সমাজৰ লগত বিলীন হৈ গল যদিও সেইচাম মানুহখিনিও নিজা ঐতিহ্য পৰম্পৰা একেবাৰেই এৰি পেলোৱা নাই।সেইচামো আমাৰ নিজৰেই মানুহ।তেওঁলোক হল ৰঙানদীৰ চামুগুৰীয়া আৰু দক্ষিনপৰীয়া তামাৰ গঞা, বংকোৱাল,বিহিয়া তথা বামচৰীয়া মিচিঙসকল।
অতি সম্প্ৰতি বিভিন্ন সামাজিক মাধ্যম আৰু বাটে ঘাটে সেইসকল মিচিং মানুহক আমাৰেই কিছু চাম ব্যক্তিয়ে অশোভনীয়, অনাকাংক্ষিত মন্তব্য কৰি আহিছে যে তেওঁলোক আচল মিচিং নহয়,নিজৰ ভাষা নজনা কিহৰ মিচিং?অমুক জাতিৰ পৰা অহা তমুকৰ পৰা হোৱা মিচিং বুলি অবাঞ্চিত মতামত দিয়া পৰিলক্ষিত হৈছে, যিটো অতি দুৰ্ভাগ্যজনক।
তামাৰ,বিহিয়া,চামুগুৰীয়া,বংকোৱাল আৰু বামচৰীয়া মিচিংসকল বহু শতিকাৰ আগতে পাহাৰৰ পৰা ভৈয়ামলৈ প্ৰৱজিত হৈ অনামিচিং জাতি গোষ্ঠীৰ লগত বহুবছৰ ধৰি সহাৱস্থান কৰি থাকিব লগা হোৱাত নিজৰ ভাষাটো হয়তু পাহৰি গল!দৈনন্দিন জীৱনত অনবৰতে অসমীয়া সমাজৰ লগত বাৰ্তা বিনিময় কৰিবলগীয়া হোৱাত,অসমীয়াতে কথা বতৰাৰ পৰিৱেশ এটা গঢ়ি উঠাত নিজৰ কথিত ভাষাটো ক্ৰমান্বয়ে এৰিবলগীয়া হল,পৰিৱেশ পৰিস্থিতিৰ দাসত পৰি।সেইবুলি তেওঁলোক মিচিং-মিপাগ হৈ যোৱা নাই।ভাষাটো পৰিস্থিতিৰ দাসত পৰি কবলৈ এৰিলেও খোৱা বোৱা, থকা মেলা,ধৰণ কৰণ সকলো সম্পূৰ্ণ মিচিং।আমি গোলাঘাট যোৰহাট জিলাৰ তেনে বহু দক্ষিনপৰীয়া মিচিঙসকলৰ আলহী হৈছোঁ,কথা বতৰা হৈছোঁ।হয়,তেওঁলোক কিছুপৰিমাণে অসমীয়া সমাজৰ লগত assimilation হৈছে কিন্তু ধৰ্মীয় আচাৰ,ৰীতি নীতি,উপাধি এতিয়াও খাটি মিচিং।
আমি বহু শতিকাৰ আগতে এৰি থৈ অহা হিমালয়ৰ বুকুত থকা তানিসকল যেনেদৰে এতিয়াও আমাৰ আপোন ঠিক তেনেদৰে বহু শতিকাৰ আগতে আমাতকৈ আগেয়ে প্ৰৱজিত হোৱা দক্ষিনপৰীয়া আগম নজনা মিচিঙসকলো একেদৰেই আমাৰ অতিকে আপোন।তেনে পৰিপ্ৰেক্ষিতত আমি নিজকে বৰ-মিচিং বুলি চিনাকী দিয়া সকলে সেই দুই ফৈদৰ মাজত পক্ষপাতিত্ব মূলক আচৰণ কৰাতো একেবাৰেই সমৰ্থনযোগ্য নহয়।আমি উত্তৰলৈ যেনেকৈ আমাৰ মনৰ দুৱাৰবোৰ খুলি দিছোঁ ঠিক তেনেকৈ দক্ষিনলৈও একেই দুৱাৰ খুলিব লাগিব।বৃটিচ চাহেবসকলে আমাৰ মিচিং মানুহক Miris are group of go between, অৰ্থাৎ 'মাজৰ মানুহ' বুলি কোৱাৰ গূঢ়াৰ্থ আছে।আহোম ৰাজতন্ত্ৰ আৰু বৰ-আবৰ সকলৰ মাজত মধ্যস্থতাকাৰী হিচাপে সমন্বয়ৰ বাৰ্তা বোৱাই আনিছিল সেই তাহানিৰ ভৈয়ামৰ মিচিংসকলেই।সেই ঐতিহাসিক চৰিত্ৰ এতিয়াও অক্ষুন্ন ৰাখি আহিছে মিচিঙসকলে।এফালে অসমীয়া মূলসুঁতিৰ লগত সংপৃক্ত হৈ অসমীয়া ভাষা সাহিত্যক আদৰি লোৱাৰ পাছতো পাহাৰীয়া জাতিৰ ভাইসকলৰ প্ৰতি থকা টানো এৰি দিয়া নাই।কাজেই আমাৰ আদীভাই সকল মিচিংসকলৰ প্ৰতি প্ৰশংসাত পঞ্চমুখ যে শ শ বছৰ ধৰি ভৈয়ামত থাকিও তানি কালছাৰ এৰা নাই মিচিঙসকলে।এয়া আমাৰ স্বকীয় ঐতিহ্যৰ প্ৰতি থকা অহৈতুকী প্ৰীতি।ঠিক তেনেকৈ পৰিৱেশ পৰিস্থিতিৰ তাড়নাত পৰি আমাৰ দক্ষিনপৰীয়া মিচিঙসকলে যদিও নিজৰ ভাষাটো পাহৰি গৈছে কিন্তু নিজৰ ঐতিহ্য পৰম্পৰা এৰি দিয়া নাই; সেয়া স্বজাতিৰ প্ৰতি থকা তেওঁলোকৰ একেই জাতীয় অহৈতুকী প্ৰীতি।তেওঁলোকৰ নতুন প্ৰজন্মই যাতে নিজৰ মাতৃভাষাটো শিকিব পাৰে,কব পাৰে,তালৈ লক্ষ ৰাখি আমাৰ জাতীয় সংগঠনবোৰে বিহিত ব্যৱস্থা ললে নিশ্চয় আমাৰ মাজত থকা পাৰস্পৰিক সন্দেহবোৰ আতঁৰিব আৰু বিচাৰগত ব্যৱধানখিনিও অনতি বিলম্বে আতঁৰি যাব।
আকৌ এবাৰ মূলসুঁতিৰ মিচিং(পাগ্ৰ, চাঃয়াং,অয়ান,দাম্বুক,টায়ু টায়ে,দেলু,মঃয়িং)সকলে ঐতিহাসিক ভূমিকা লব লাগিব মধ্যস্থতাকাৰীৰ ৰূপত, সেই তাহানি কৰাৰদৰে...দক্ষিনপৰীয়া মিচিঙসকলৰ নতুন প্ৰজন্মক মিচিং ভাষা শিক্ষা প্ৰদানৰ অৰ্থে গন জাগৰন অনাত আহোপুৰুষাৰ্থ কৰিব লাগিব লগতে পাহাৰীয়া তানিগোষ্ঠীসকলৰ লগতো ভাতৃত্ববোধৰ নতুন প্ৰৱাহ এটা বোৱাই আনিব লাগিব...আদী- নিচি-তাগিন-আপাতানি-গাল তানি,মিচিং তানি,চমুৱা- চামুগুৰীয়া,বিহিয়া তামাৰ গঞা তানি আদি সকলো একত্ৰিত হৈ বৃহত্তৰ তানিগোষ্ঠীৰ পুনৰুত্থান ঘটাই নতুন ইতিহাস ৰচিব লাগিব,যি ইতিহাস এক মাইলৰ খুটি হৈ ৰ'ব অনাগত শতিকাবোৰত চিৰদিন,চিৰকালৰ বাবে॥
No comments:
Post a Comment