লৰ্ড কাৰ্জন আৰু ভাৰতৰ স্বদেশী আন্দোলন
পূৰৱী মৰাং
জৰ্জ নাথানিয়েল কাৰ্জন ( ১৮৫৯-১৯২৫ ), চমুকৈ লৰ্ড কাৰ্জন, ১৮৯৯ চনৰ পৰা ১৯০৫ চনলৈ ভাৰতৰ আটাইতকৈ কম বয়সীয়া ভাইচৰয় আছিল৷ দুবাৰকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ভইচৰয় কাৰ্জনৰ প্ৰথমটো কাৰ্যকাল আছিল ১৮৯৯ চনৰ পৰা ১৯০৪ চনলৈকে৷ এই সময়ছোৱা ব্ৰিটিছ সাম্ৰাজ্যৰ স্বৰ্ণযুগ বোলা হয়৷ কিয়নো এই কাৰ্যকালত তেওঁ কেইবাটাও সংস্কাৰমূলক অধিনিয়ম বলবৎ কৰিছিল৷ আনহাতে দ্বিতীয়টো কাৰ্যকালৰ মাথো এবছৰৰ পাছতেই তেওঁ পদত্যাগ কৰে৷ কাৰ্জনৰ কাৰ্যকালত গৃহীত হোৱা আইন কিছুমানেই এই পদত্যাগৰ কাৰণ৷ অৱশ্যে কাৰ্জনক ব্ৰিটিছৰ এগৰাকী অভিজ্ঞ প্ৰশাসনিক বিষয়া বুলি কোৱা হয়৷
কার্জনৰ গৃহীত প্রথম নীতি আছিল সীমান্ত নীতি (North East Frontier Policy) ৷ এই নীতিৰ উদ্দেশ্য আছিল ব্ৰিটিছশাসিত অঞ্চলবোৰৰ সীমাসমূহৰ সুৰক্ষাৰ সুদৃঢ়কৰণ৷ চিত্রল আদি কিছুমান অঞ্চল ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ উপৰিও ব্রিটিছ শাসিত নোহোৱা খাইবাৰ, খুৰ উপত্যকা আদিৰ পৰা সৈন্য প্রত্যাহাৰ কৰিছিল। য’ত জনজাতীয় লোক সকলৰ হিত সাধনৰ চিন্তা নিহিত হৈছিল৷ এই নীতিৰ ফলতেই উত্তৰ-পশ্চিম সীমান্ত প্রদেশৰ সৃষ্টি হয়৷
ভূমি ব্যৱস্থাত অনা কার্জনৰ নীতি প্রশংসনীয় আছিল। কিয়নো জমিদাৰীৰ পয়োভৰ কমোৱাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছিল৷ ভূমি ব্যৱস্থাত কাৰ্জনৰ উল্লেখযোগ্য অৱদান ‘পাঞ্জাব লেণ্ড এলিয়েনেশন এক্ট’। বিজ্ঞানভিত্তিক কৃষি ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে তেওঁ এটি কৃষি অনুসন্ধান কেন্দ্ৰ সৃষ্টি কৰিছিল৷ সমবায় সমিতি প্রতিষ্ঠা কৰি মহাজনৰ দাসত্বৰ পৰা কৃষক সম্প্ৰদায়ক মুক্ত কৰাৰ চেষ্টা কৰিছিল৷ আনকি তেওঁ আই.চি.এছ. অফিচাৰসকলৰ দাপ্তৰিক কামৰো হিচাপ-নিকাচ কৰিছিল৷ ১৯০৩ চনৰ পুলিচ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তেওঁ ভাৰতীয় পুলিচ বাহিনীক পুনৰ গঠন কৰিছিল। কৃষি, শিল্পৰ উপৰিও যাতায়াত ব্যৱস্থাৰ দিশত সমান মনোযোগ দি ৰে’লৱে বৰ্ড স্থাপন কৰিছিল৷ শিল্প ও বাণিজ্যৰ তদাৰকিৰ কাৰণে এটি নতুন শিল্প ও বাণিজ্য দপ্তৰ সৃষ্টি কৰিছিল ৷ তদুপৰি ভাৰতীয় মুদ্ৰা আৰু কাগজ মুদ্ৰা অধিনিয়ম (১৮৯৯), ব্রিটিছ শাসনৰ নিৰ্দেশৰূপে তেওঁ কলকাতাত নির্মাণ কৰা ‘ভিক্টোৰিয়া মেমোৰিয়েল’, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ কাৰণে কৰা পুৰাতত্ত্ব স্মাৰক সংৰক্ষণ অধিনিয়ম(১৯০৪), ভাৰতীয় বিশ্ববিদ্যালয় অধিনিয়ম(১৯০৪), বংগ বিভাজন(১৬ অক্টোবৰ,১৯০৫) ইত্যাদি কাৰ্জনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল৷এনে ধৰণৰ অধিনিয়মেৰে কাৰ্জনে সুশাসনৰ যত্ন কৰিছিল। সেইদৰে প্ৰশাসনৰ সকলো বিষয়তে লৰ্ড কাৰ্জন পাৰ্গত আছিল৷ এনে কোনো বিষয় নাই য’ত তেওঁ সংস্কাৰ সাধন কৰা নাছিল৷
ভাৰতৰ ইতিহাসত প্ৰধানকৈ কাৰ্জনক জনা যায় তেওঁৰ দুটা বিতৰ্কিত কাৰ্যৰ দ্বাৰা৷ ইয়াৰ এটা হ’ল- “শিক্ষা-নীতি”। শিক্ষা-নীতিৰ অন্তৰ্গত ১৯০৪ চনৰ “ভাৰতীয় বিশ্ববিদ্যালয় অধিনিয়ম”খনৰ লক্ষ্য আছিল কলিকতা বিশ্ববিদ্যালয় তথা অন্যান্য শিক্ষা প্রতিষ্ঠানৰ সংস্কাৰ সাধন কৰা৷ কার্জনৰ সংস্কাৰৰ ফলত বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ বিভাগৰ সূচনা আদি হয় যদিও স্কুল আৰু কলেজৰ ব্যৱস্থাপনাত থকা অন্যান্য সংস্কাৰসমূহৰ ফলত তেওঁ তীব্র সমালোচনাৰ সন্মুখীন হয়। ‘ইউনিভার্চিটিজ এক্ট’-ৰ অধীনত স্কুল, কলেজৰ পৰিচালনা পৰিষদত চৰকাৰৰ মনোনীত ব্যক্তিসকলৰ প্রাধান্য প্রতিষ্ঠিত হয়। অধিভুক্তি ও অনুদান প্রাপ্তিৰ চৰ্তসমূহ অত্যন্ত কঠিন কৰা হয়। জাতীয়তাবাদীসকল এই ক্ষেত্ৰতেই অভিযোগ উত্থাপন কৰি কৈছিল যে, শিক্ষা প্রতিষ্ঠানসমূহত কঠোৰ সাম্রাজ্যবাদী নিয়ম ৰক্ষা কৰাহে কার্জনৰ শিক্ষানীতিৰ উদ্দেশ্য।
আনহাতে, আনটো বিতৰ্কিত কাৰ্য হ’ল- বংগ বিভাজন৷ বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়৷ এই বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা৷ বিশাল বংগপ্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জন-সংগ্ৰামৰ সূচনা কৰিছিল৷
চিপাহী বিদ্ৰোহৰ (১৮৫৭) পিছত বংগ বিভাজন ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা৷চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই লোৱাৰ সময়ত ব্ৰিটিছসকলে বংগ বিভাজনৰ কথা চিন্তা কৰিছিল৷ ভাৰত চৰকাৰ আৰু ইংলেণ্ডৰ গৃহ চৰকাৰৰ মাজত হোৱা আলোচনা মৰ্মে পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ ( উল্লেখ্য যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ সৈতে খাছীয়া- জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ এখন প্ৰদেশ গঠন কৰা হৈছিল৷ কোনো কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ৷)মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্দ্ৰু ফ্ৰেজাৰ(Andrew Fraser) আৰু অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ( J. Bamfylde Fuller) নামৰ দুগৰাকী ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বংগ বিভাজনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিল৷ ফ্ৰেজাৰে বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগাম আৰু ৰাজশাহী সংমণ্ডলক কাটি আনি চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনি তৈয়াৰ কৰি ১৯০৩ খ্ৰীষ্টাব্দত লৰ্ড কাৰ্জনৰ হাতত জমা দিছিল৷ কাৰ্জনে ভাৰতৰ স্বৰাষ্ট্ৰ সচিব ( Secretary of state) হাবাৰ্ট ৰিজ্লীৰ লগত আলোচনা কৰি এই ঐতিহাসিক কাৰ্যক আগবঢ়াই নিছিল৷ ১৯০৫ চনৰ ১ ছেপ্তেম্বৰত ঘোষণা কৰা বংগ ভংগৰ চাৰিদফীয়া আঁচনিখনত পূৰ্ববংগ আৰু অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হ’ব আৰু সুকীয়া উচ্চ ন্যায়ালয় গঠন কৰা হ’ব; পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ছোটনাগপুৰসহ বংগ প্ৰদেশৰ ৰাজধানী হ’ব কলিকতা ইত্যাদি বিষয় সামৰি লৈছিল৷
বংগদেশৰ দৰে বৃহৎ এলেকাৰ শাসন একেলগে কৰাৰ অসুবিধাৰ অজুহাত দেখুৱাই বংগ বিভাজনৰ সিদ্ধান্ত লোৱা হৈছে বুলি ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যদিও বংগবাসীৰ ইচ্ছাৰ বিপৰীতে কৰা এই বংগ বিভাজনৰ চক্ৰান্তক বুজি পাইছিল বংগৰ মনীষীসকলে৷ অৰ্থাৎ এই বিভাজন প্ৰকৃততে ধৰ্মক আধাৰ কৰি, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাৰ চেষ্টা কৰা হৈছিল বুলি বুজি পাইছিল বংগদেশৰ বিখ্যাত চিন্তানায়ক সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, বিপিনচন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ভগিনী নিবেদিতা আদি সকলে৷ ফলত তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ- ভংগৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ বংগচ্ছেদ কাৰ্যকৰী কৰিলে বাঙালী ঐতিহ্যত আঘাত হোৱাৰ লগতে হিন্দু- মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল জাতীয়তাবাদী নেতাসকলে৷ ফলস্বৰূপেই বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূত্ৰপাত হৈছিল৷ লৰ্ড কাৰ্জনে ইতিমধ্যেই ভাৰতীয় সকলক শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্ত্বশাসন আদিত হস্তক্ষেপ কৰি সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল৷ তদুপৰি কাৰ্জনে ভাৰতীয় মূলৰ মানুহক অশিক্ষিত বুলি এক ৰক্ষণশীল মনোভাৱ ৰাখিছিল৷ গতিকেই এনে মনোভাৱ তথা নীতিৰ ফলতেই বংগ-ভংগ বিৰোধী আন্দোলনে উত্তাল ৰূপ লৈছিল৷ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাসমূহৰ যোগেদি প্ৰবল জন-সংগ্ৰামৰ জোঁৱাৰ উঠিছিল৷ ছাত্ৰসমাজ, নাৰী সমাজ তথা জাতি- বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই এই গণ -সংগ্ৰামত জঁপিয়াই পৰিছিল৷ বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ সৃষ্ট “বন্দে মাতৰম” গীত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত ৰাখী সংগীত “ বাঙালীৰ প্ৰাণ, বাঙালীৰ মন এক হওক হে ভগৱান”, “ যদি তোৰ ডাক সোনে কেও না আসে. . . ”, “ আমাৰ সোনাৰ বাংলা আমি তোমাই ভাল বাসি” আদি গীতেৰে মুখৰিত কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান, কবিতাৰে আকাশ- বতাহ কঁপাই তুলিছিল৷ বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে জাতীয় অনুষ্ঠানৰ নিৰ্মাণ, বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত লোৱা ইত্যাদি সংকল্পৰ পৰিপেক্ষিততেই এই আন্দোলনে “স্বদেশী আন্দোলন ” নামে জনাজাত হয়৷
স্বদেশী আন্দোলনৰ কেন্দ্ৰভুমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় আন্দোলনৰ ৰূপ লৈছিল৷ সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, বাল গংগাধৰ তিলক, গোপালকৃষ্ণ গোখলে, আনন্দমোহন বসু, লালা লাজপট ৰায়, দাদাভাই নৌৰজী আদি সৰ্বভাৰতীয় নেতাসকলৰ জৰিয়তে স্বদেশী আন্দোলনে বংগদেশৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিছিল ৷ ইয়াৰ লগে লগে স্বদেশী আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছে বুজি উঠিছিল যে একমাত্ৰ গণ সংগ্ৰামৰ জৰিয়তেহে স্বাধীনতা সম্ভৱ হ’ব৷ কংগ্ৰেছৰ নেতা সকলেও এই আন্দোলনত জঁপিয়াই পৰিছিল আৰু আন্দোলনটোক প্ৰবল কৰি তুলিছিল৷ ১৮৮৫ চনৰ পৰা ১৯০৫ চনলৈকে ভাৰতবাসীৰ কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্ৰেছে বংগ-ভংগক কেন্দ্ৰ কৰি ভাৰতৰ জাতীয় জীৱনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল৷
স্বৰূপতে এই আন্দোলন ৰাজনৈতিক আছিল যদিও সাত বছৰীয়া ( ১৯০৫-১৯১১) স্বদেশী আন্দোলনে ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল৷ জাতীয় সাহিত্য, জাতীয় শিক্ষাই অধিক গুৰুত্ব পাইছিল তথা স্বদেশী শিল্প উদ্যোগৰ পয়োভৰ বাঢ়িছিল৷তদুপৰি স্বদেশী আন্দোলনৰ পৰিপ্ৰেক্ষিততেই তথা সাম্ৰাজ্যবাদী চিন্তাক অগ্ৰাধিকাৰ দিয়া ব্ৰিটিছ শাসকসকলৰ সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰাৰ ফলস্বৰূপেই ১৯০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে “সৰ্বভাৰতীয় মুছলীম লীগ” নামৰ ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হৈছিল৷
বংগৰ জাতীয়তাবাদী আন্দোলনে ব্ৰিটিছ চৰকাৰৰ ভেটি লৰাবলৈ সক্ষম হৈছিল আৰু এই আন্দোলনে সাফল্যৰ মুখ দেখিছিল ১৯১১ চনত৷ ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত বংগদেশৰ পুনৰ একত্ৰিকৰণৰ ঘোষণা হয়৷ এই সময়ছোৱাতেই ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়৷ সেইদৰে অসম প্ৰদেশৰ ৰাজধানী শ্বিলঙলৈ স্থানান্তৰিত কৰা হয়৷
এইদৰে লৰ্ড কাৰ্জন আৰু তেখেতৰ নীতিসমূহ দীৰ্ঘস্থায়ীৰূপে ভাৰতীয় আৰ্থ সামাজিক দিশ, ৰাজনৈতিক দিশ আৰু স্বদেশী আন্দোলনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল৷ একমাত্ৰ লৰ্ড কাৰ্জনৰ নীতিসমূহৰ কাৰণে ভাৰতবৰ্ষৰ জন সাধাৰণে ব্ৰিটিছৰ বিভেদকামী নীতিসমূহ বুজি পোৱাত সক্ষম হৈছিল ৷ এই নীতিসমূহৰ প্ৰভাৱৰ বাবেই বিভিন্ন গণ সংগ্ৰামৰ ভেটি স্থাপিত হৈছিল আৰু ক্ৰমশঃ ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱাৰ বাট সূচনা হৈছিল৷
No comments:
Post a Comment