মিচিং সমাজত প্ৰচলিত হোৱা পূজা - পাতল এক চমু আলোকপাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 2, 2021

মিচিং সমাজত প্ৰচলিত হোৱা পূজা - পাতল এক চমু আলোকপাত

 মিচিং সমাজত প্ৰচলিত হোৱা পূজা - পাতল এক চমু আলোকপাত 

                                 মন্টুৰাম টাইদ

লখিমপুৰ

           


                  

      মিচিংসকল যদিও হিন্দু ধৰ্মাৱলম্বী তথাপি তেওঁলোক বিভিন্ন পৰম্পৰানুসৰি বিভিন্ন দেৱ - দেৱীক পূজা উপাসনা কৰে । তেওঁলোকৰ ধৰ্মীয় বিশ্বাসত প্ৰকৃতিৰৰ স্হান অত্যন্ত গভীৰ । প্ৰকৃতিৰ বিভিন্ন উপাদানক বিভিন্ন দেৱ- দেৱীৰূপে কল্পনা কৰা দেখা যায় ।তেওঁলোকৰ বিশ্বাসত এই দেৱ-দেৱীৰ ধাৰণাত কল্যাণকামিতা আৰু অকল্যাকামিতা উভয় বৈশিষ্ট্যই বৰ্তমান । সেই দেৱ-দেৱীসকল সন্তষ্ট হ'লে কোনো ধৰণৰ অপায়-অমংগল নহয় । ইয়াৰ বিপৰীতে এই দেৱ-দেৱীসকল ৰুষ্ট হ'লে নানা অমংগলে দেখা দিব পাৰে । সেইবাবে দেৱ-দেৱীসকলক সন্তষ্ট কৰিবলৈ বছৰৰ বিভিন্ন সময়ত বিভিন্নভাৱে পূজা-উপাসনা অনুষ্ঠিত হোৱাৰ ঐতিহ্য মিচিং সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত ।

        মিচিং সকলৰ ধৰ্মীয় বিশ্বাসত স্হান পোৱা দেৱ-দেৱীসকল হ'ল - ' তালৌং উয়ু,( ta:léng uyu ) দু-মুৰ্গ , দঃবাং মুগলিং , তাকাৰ , দঃঞি- পঃল ' ইত্যাদি । ইয়াৰ 'অচাগ ' আৰু 'গিয়াতি ' ৰ বাবে ন-পুৰণি সকাম পাতে ।

     পৃথিৱীত অধিক শস্য উৎপাদন হ'বৰ বাবে বছৰি বছৰি 'দবুৰ ' পূজা অনুষ্ঠিত হয় । উক্ত পূজা নাপাতিলে গাঁৱত গৰু-মহ, খেতি-পথাৰ , মানুহৰ বেমাৰ-আজাৰ হ'ব পাৰে । মিচিং সমাজত প্ৰচলিত পূজা -পাতলৰ ভিতৰত 'দবুৰ পূজা'ৰ ভুমিকা অত্যন্ত বেছি । ইয়াৰ বাহিৰেও বছৰৰ বিভিন্ন সময়ত 'উৰম্ পঃচুম , কঃচাগ, গুঃমৃগ- চঃয়িন্' আদি পূজাও অনুষ্ঠিত হয় । 

(ক) দবুৰ উয়ু -

' দবুৰ উয়ু 'ৰ বিভিন্ন ভাগ লক্ষ্য কৰিব পাৰি । এইবোৰৰ ভিতৰত - ' বৃৰতৌ - দবুৰ, আৰৃগ - দবুৰ আৰু দঃলুং দবুৰ' উল্লেখযোগ্য । ' বৃৰতৌ - দবুৰ '( Burta Dobur ) কেৱল ৰক্তপাত দোষৰ নিৰাময়ৰ বাবে অনুষ্ঠিত হয় । এই পূজা ব্যক্তিগত বা সামূহিকভাৱেও কৰিব পাৰে । 'আৰৃগ-দবুৰ ' বা 'মপুন্ - দবুৰ' ব্যক্তিগতভাৱে অনুষ্ঠিত হয় । মহামাৰী আৰু খেতি- পথাৰত পোক-পৰুৱা নিবাৰণৰ অৰ্থে ।

        সামূহিকভাৱে কৰা 'দঃলুং- দবুৰ ' পূজাৰ নিৰ্দিষ্ট দিনত ৰাতিপুৱা গাঁৱৰ পুৰুষসকলে চাং কোবাই 'আজৌং '( A:jéng ) বিচাৰি প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যায় । প্ৰতিটো পৰিয়ালে পাৰ্যমানে আপং , কুকুৰা , কণী , চাউল , নিমখ, জলকীয়া আদি ' আজৌং' হিচাপে দি আগন্তক বছৰটোত তেওঁলোকৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰে । এইদৰে সংগ্ৰহ কৰা 'আজৌং ' ( A:jéng )বা সামগ্ৰী সমুহ ওচৰতে থকা নদীৰ পাৰত চিকুণাই থোৱা এডোখৰ ঘূৰণীয়া ঠাইলৈ অনা হয় । 'ৰুকতক' ( Ruktok )নামৰ এবিধ ঢেকীয়া আৰু সুন্দৰকৈ ফলা বাঁহেৰে সাপে কণী ভক্ষণ কৰি থকা ঘটনাৰ অনুকৰণত দুটা মূৰ্তি নিৰ্মাণ কৰা হয় আৰু উদিত সূৰ্যৰ ফালে মুখ কৰি সেই মূৰ্তিটো বেদিত স্হাপন কৰা হয় । এচাৰি এডালেৰে সৰ্প মূৰ্তিকেইটা স্পৰ্শ কৰি থকা অৱস্হাত গাহৰি আৰু কুকুৰা বলি দি এইদৰে প্ৰাৰ্থনা কৰা হয়- ' হে মাতৃ সূৰ্য , পিতৃ চন্দ্ৰ , হে ঈশ্বৰ আমি আগবঢ়োৱা দ্ৰব্যৰে সন্তষ্ট হ'বা , আৰু আমাৰ সু - স্বাস্হ্য আৰু আনন্দ প্ৰদান কৰিবা । '

( খ) উৰম্ পঃচুম্ -  

খেতি চপোৱাৰ পিছত পূৰ্বপুৰুষৰ পূজা পতাটো মিচিংসকলৰ সাধাৰণ বৈশিষ্ট্য । কোনো এটা পৰিয়ালৰ সামগ্ৰিক কল্যাণ নিৰ্ভৰ কৰে সেই পৰিয়ালৰ মৃত পূৰ্ব পুৰুষসকলৰ অনুগ্ৰহৰ ওপৰত । মিচিংসকল বিশ্বাস কৰে যে মৃত আত্মাসকল দীৰ্ঘকাল ধৰি অৰ্থাৎ পাঁচ পুৰুষলৈকে উয়ুঁ আমাঙত ( Land of Spirit ) থাকে আৰু তাৰে পৰাই মাজে -সময়ে আত্মীয় স্বজনৰ ঘৰলৈ আহে ।তেওঁলোকৰ আগমণৰ সংকেত পোৱা যায় কিছুমান অস্বাভাৱিক ঘটনাৰ জৰিয়তে । ইয়াৰ প্ৰতি বিধানৰ ব্যৱস্হা নকৰিলে নানান বিপদ ঘটিব পাৰে । এই প্ৰেতাত্মাসকলৰ ভিতৰত আটাইতকৈ দুষ্ট হ'ল হিংসাৰ বলি হৈ মৃত্যু হোৱা 'লুতবৰি ' আৰু সন্তান জন্ম নিদিয়াকৈ প্ৰসৱ যন্ত্ৰণাত মৃত্যুবৰণ কৰা য়ৃঃপংসকল । এই অন্যায়কাৰী প্ৰেতাত্মা বা উৰম , পঃচুমসকল মূলতঃ কোনো ব্যক্তিৰ মৃত্যুৰ পিছত দেহ বন্ধনৰ পৰা মুক্ত হৈ চুড়ান্তভাৱে স্বৰ্গ লাভ কৰাৰ আগতে তেওঁৰ আত্মাই পৃথিৱীতে বিচৰণ কৰি থাকে ।

( গ ) কুঃচাগ্ - 

 পূৰ্বপুৰুষ পূজাৰ অংশ হিচাপে পালন কৰা ' কুঃচাগ ' ব্যয়বহুল অনুষ্ঠান আৰু জাক-জমকতাৰ ক্ষেত্ৰত ইয়াত ইয়াৰ স্হান পঃৰাগৰ পিছতে , কিন্তু ই গোষ্ঠী বা পৰিয়াল বিশেষৰ মাজতে সীমিত । কেইবা বছৰৰ ব্যৱধানতহে এই উৎসৱটি পালন কৰা দেখা যায় । পৰিয়ালৰ ভিতৰত বলি- বিধানত আগভাগ লোৱা দম্পতীয়ে বিশেষ ধৰণৰ নিষেধাজ্ঞা পালন কৰিব লগা হয় । এই পূজা কেৱল বিশেষ বিশেষ গোষ্ঠীৰ মাজতহে সীমিত ।

( ঘ ) গুঃমৃন্ -

  মিচিং সমাজত বিশ্বাস প্ৰচলিত আছে যে পাঁচ পুৰুষতকৈ আগৰ পূৰ্বপুৰুষ সকল 'চিনং-মৌব '( Sínong Míbo ) নামে খ্যাত উন্নত অৱস্হাৰ এখন ৰাজ্যলৈ গতি কৰে । তাৰপৰা তেওঁলোক সতি - সন্ততিৰ ওচৰলৈ কাচিৎহে আচে । তেওঁলোক পৰিয়ালৰ কোনো ধৰণৰ অপকাৰ নকৰে । তেওঁলোক পৰিয়ালৰ শুভাকাংক্ষী আৰু তদাৰককাৰী দেৱতা হিচাপে পৰিগণিত । 

    গুঃমৃন অনুসৰি প্ৰত্যেক অপৃন বিশিষ্ট লোকে নিজৰ নিজৰ গুঃমৃন চঃয়িনক পূজা -পাতল দিয়াৰ অধিকাৰ লাভ কৰে । ইয়াৰ উপৰি এনে অপৃন আছে যিবিলাকে নিজৰ আটাইবোৰ অপৃন মিলি পাঁচ বছৰৰ মূৰে মূৰে অপৃন উয়ু পূজা কৰা দেখা যায় । ডুমডুমা অঞ্চলৰ ফিলবাৰী গাঁৱত চুংক্ৰাং আৰু সোৱণশিৰি অঞ্চলৰ চুংক্ৰাং অপৃনৰ লোকে গোট খাই তেওঁলোকৰ অপৃন পূজা কৰে । বৰ্তমান অপৃন পূজাৰ সমাদৰ বাঢ়িছে । সোৱণশিৰি অঞ্চলৰ ওখমাটি আৰু উৰিয়াগুৰি গাঁৱৰ পেগুসকলে ' দৱা ' ৰ পূজাৰ জৰিয়তে অপৃনক উপাসনা কৰে । ধেমাজী অঞ্চলৰ মঃয়িং সকলৰ পায়েং আৰু চিন্তে অপৃনৰ মানুহে ৫ বছৰৰ পৰা ১০ বছৰৰ মূৰে মূৰে ' বৃলক' পূজা কৰা দেখা যায় । আকৌ বেঙেনাগড়া গাঁৱৰ লাগাচুং সকলে 'চাগ্ কুঃচাগ্ ' নামৰ পূজা আগবঢ়ায় অপৃনক উদ্দেশ্য কৰি । 

    ' গুঃমৃন্ চঃয়িন' পূজাৰ উপৰি 'তালৌং উয়ুঁ','( Taléng Uyu ) আৰৃগ ডাঙৰীয়া ' ঘৰদেৱতা , ঘৰ ডাঙৰীয়া , ম'হৰ দেৱতা , ম'হ ডাঙৰীয়া, হাতীৰ দেৱতা , হাতী ডাঙৰীয়া ' আদিকো পূজা দিয়াৰ পৰম্পৰা মিচিং সমাজত প্ৰচলিত । হিন্দু ধৰ্মীয়া বিশ্বাসত স্হান পোৱা গুৰু - ভকতৰ পূজা , গ্ৰহ পূজা , অপেশ্বৰী পুজা , গোপিনী সকাম , গৰখীয়া সকাম , বুঢ়া - বুঢ়ী সকাম অৰ্থাৎ শিৱ আৰু পাৰ্বতীৰ সকাম আদি বিভিন্ন পূজাৰো প্ৰচলন দেখা যায় । এই পূজা - পাৰ্বণবোৰ ব্যক্তিগত আৰু সামূহিকভাৱে অনুষ্ঠিত হ'ব পাৰে । আই সেৱা , ন-জনীয়া সকাম আদি পূজা ব্যক্তি বিশেষৰ দ্বাৰা অনুষ্ঠিত হয় । পৰিয়ালৰ কোনো লোকৰ কঁকাল , হাত , গা-মূৰ আদি বিষালে বা পৰিয়ালৰ অপায় - অমংগলে দেখা দিলে ডাঙৰীয়া সকাম পতা হয় । জলকাই সকাম জলদেৱতাৰ উদ্দেশ্যে পতা দেখা যায় । মাইকী মানুহে বিলত মাছ ধৰোঁতে নদীত গা ধুওঁতে জলদেৱতাৰ লেঠাত পৰিব পাৰে । জলদেৱতাৰ লেঠাৰ পৰা তিৰতাৰ মানুহে বিভিন্ন ৰোগত ভুগিবলগীয়া হয় । তেনে অৱস্হাত পৰিলে জলদেৱতাৰ সকাম পতা হয় । তেনেদৰে গৰু , ম'হ , হাতীৰ মংগলৰ কাৰণে গৰু ডাঙৰীয়া ( শিৱৰ উদ্দেশ্য ভাং চৰোৱা হয় ) , ম'হ কালিকা সকাম , হাতী ডাঙৰীয়া সকাম , গৰকীয়া সকাম আদি অনুষ্ঠিত হয় । 

         কোনো মানুহক প্ৰেতাত্মাই লম্ভিলে ' উৰম্ পাৰনাম্ ' বা উৰম্ পিননাম্' পূজা সম্পাদন কৰা হয় । জল, থল, বতাহ আদি প্ৰাকৃতিক পদাৰ্থবোৰৰো একোজনকৈ ডাঙৰীয়া থকা বুলি বিশ্বাস প্ৰচলিত আছে । মিচিং সমাজত প্ৰচলিত ৰাতি - সেৱা পূজাক গোপনীয় সকাম আখ্যা দিয়া হয় । 

(ঙ) তালৌং উয়ুঁ - ( Taléng Uyu )

মেঘ , বিজুলি , চন্দ্ৰ - সুৰ্য , তৰা , বায়ু , বৰুণ আদি দেৱতাসকলক সন্তুষ্ট কৰিবলৈ 'তালৌং উয়ুঁ ' পূজা অনুষ্ঠিত হয় । এই পূজাক ওপৰ দেৱতাৰ সকামো বোলে । উক্ত পূজাত কমেও বিভিন্ন বৰ্ণ বিশিষ্ট সাতোটা কুকুৰা আৰু চেউৰী গাহৰি এজনী উছৰ্গা কৰে । তালৌং উয়ুঁ পূজাত ' দিঃ তৌনাঃনৌ ' অৰ্থাৎ শস্যদাত্ৰী আই বসুমতীকো পূজা এভাক দিয়া হয় ।


সহায়ক গ্ৰন্থ -

(ক) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মিচিং জনজাতি আৰু তেওঁলোকৰ মৌখিক- সাহিত্যৰ সমীক্ষামূলক অধ্যয়নঃ ড° গনেশ পেগু 

( খ) নাহেন্দ্ৰ পাদুনঃ গোত্ৰ বা গুঃমৃন্ ( মিচিং সংস্কৃতিৰ আলেখ্য )


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages