মিচিং লােকসাহিত্যত নৈপৰীয়া জীৱনৰ ছবি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 2, 2021

মিচিং লােকসাহিত্যত নৈপৰীয়া জীৱনৰ ছবি

 মিচিং লােকসাহিত্যত নৈপৰীয়া জীৱনৰ ছবি

ড° ৰঘুনাথ কাগয়ুং

মুৰব্বী আৰু সহযােগী অধ্যাপক, অসমীয়া বিভাগ, সােণাৰি কলেজ

সম্পাদক, চৰাইদেউ জিলা সাহিত্য সভা



    মিচিং লােক-জীৱনেই মিচিং লােক-সাহিত্যৰ মূল আধাৰ। মিচিং লােক-জীৱনৰ প্রতিচ্ছবিৰ অংকন অবিহনে মিচিং লােক-সাহিত্যৰ সৃষ্টি অসম্ভৱ। 

    মিচিং লােক-জীৱন গঢ়ি উঠিছে কেতবােৰ উপাদানৰ আধাৰত। এইবােৰ হ’ল নদ-নদী, কৃষি, চাংঘৰ, মুৰংঘৰ, গাম, তাঁতশাল, লােক-উৎসৱ, সমূহীয়া বা সমবায় প্রথা আৰু ধর্ম-দর্শন ইত্যাদি। এই উপাদানসমূহৰ আধাৰত গঢ়ি উঠা মিচিং লােকজীৱনৰ প্রতিচ্ছবিৰ বৰ্ণনা মিচিং লােক-সাহিত্যত অনন্য আৰু অনুপম। মিচিং লােক-সাহিত্যত প্রতিফলিত মিচিং লােকজীৱনক আলােচনাৰ সুবিধার্থে টা ধূলত ভাগ কৰি আলােচনা কৰিবলৈ বিচৰা হৈছে। ভাগসমূহ হ’ল—ক) নদীপৰীয়া জীৱনৰ ছবি, খ) কৃষিভিত্তিক জীৱনৰ ছবি আৰু গ)লােকজীৱনৰ ভিন ভিন ছবি।


     নদী আৰু মিচিং সমাজ-জীৱন এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। ক’বলৈ হ'লে নদীপৰীয়া জীৱনেই সদর্থকমিচিং লােক-জীৱন। ইতিহাসে ঢুকি নােপােৱা কালৰে পৰা মিচিংসকলে নদীৰ পাৰতে বাস কৰি আহিছে। অসম আগমনৰ পূর্বে চীনৰ ইয়াং-চি-কিয়াং নদী বা য়ালুম চিয়াং নদী আৰু অৰুণাচল বা নেফা (North East Frontier Agency)ত বসবাস কৰাৰ সময়তাে তেওঁলােকে পাহাৰৰ সৰু সৰু নৈ-নিজৰাবােৰৰ কাষত বসবাস কৰি ভাল পাইছিল। অসমলৈ প্রব্রজিত হােৱাৰ পিছতাে তেওঁলােকে নদীপৰীয়া জীৱনৰ মােহ এৰিব পৰা নাছিল। তেওঁলােকে অৱনৰি(সােৱণশিৰি), ব্রহ্মপুত্র, দিখৌ, দিচাং, ডিমৌ, দিহিং, জাঁজী, ধনশিৰি, দিবং, লুইত, খাবলু, জীয়াটল, মৰিল, টুনী, নিমাতী, ভৰলী আদি সৰু বৰ নদ-নদীৰ পাৰত বসতি কৰিবলৈ ল'লে। কালক্ৰমত নদীয়েই মিচিং লােক-জীৱনৰ প্ৰাণ হৈ পৰিল। নদীক আধাৰ কৰিয়ে গঢ়ি উঠিল মিচিং সভ্যতা আৰু সংস্কৃতি। নদী হৈ পৰিল মিচিং সভ্যতা-সংস্কৃতিৰ প্রাণশক্তি আৰু মিচিং লােক- জীৱনৰ মূল চালিকা শক্তি।

       নদীকেন্দ্রিক মিচিং লােকজীৱনৰ প্রতিচ্ছবিৰ প্রতিফলন মিচিং লােক-সাহিত্যত অনেক পােৱা যায়। নদীপৰীয়া জীৱনৰ অনুপম বর্ণনাই মিচিং লােক-সাহিত্যক সমৃদ্ধি প্রদান কৰিছে -


               ‘অদিয়া তলককৗ বুৰুলি অই বলপৗ,

               মিচিং অইয়া ৰৗঙামৗ দুঃপিদচুলা দুবনৗ'

অর্থাৎ-

               ‘শদিয়াৰ পৰা ভৰলীলৈকে

               মিচিংসকল বিস্তৃত হৈ আছে।'

      এই অই নিঃতম ফাঁকিয়ে যেন জনাই দিয়ে পূবৰ শদিয়াৰ দিবং নৈৰ পৰা পছিমৰ শােণিতপুৰৰ ভৰলী নৈলৈকে যিমানবােৰ নদী-উপনদী আছে - এই আটাইবােৰ নদী-উপনদীয়েই যেন মিচিং লােকৰ বাসভূমি।

      মিচিং সমাজে নৈকাষৰীয়া জীৱনৰ মােহ আজিও পাহৰিব পৰা নাই। সেয়ে হয়তাে মিচিং লােক-গীতত পানী,

নদীৰ উপমাই বিশেষ স্থান অধিকাৰ কৰি আছে আৰু মিচিং সমাজৰ নদীকেন্দ্রিক জীৱন-যাত্ৰাৰ কাহিনী গীতসমূহে আজিও সুৱৰাই দিয়ে। অই নিঃতমত আছে যে-

               ‘আচচৗ অইয়া তৗদুনৗ দউৱৗ লুঃলৃগ লুংলৃগলা

               আচিনাঙৗ অদুনৗ মিকচি দৃলৃগ দৃলৃগলা ।

অর্থাৎ,

              ‘নৈৰ পানী তৰংগমালাৰে তৰংগায়িত হৈ

                      ফেনে-ফোটোকাৰে বাঢ়িছে,

              আজি অজানিতে তােলৈ মনত পৰি

                      চকুৰ পানী বাগৰি আহিছে।

   স্বতঃস্ফুৰ্ত ভাৱৰ প্ৰকাশ লোক-সাহিত্যৰ অন্যতম স্বৰূপ। পানীৰ ঢৌ দেখাৰ লগে লগে হঠাৎ প্ৰেয়সীলৈ মনত

পৰি গ'ল আৰু মনৰ ভাৱ ধৰি ৰাখিব নােৱাৰি স্বভাৱ কবিয়ে স্বতঃস্ফূর্ত ৰূপত এইদৰে প্ৰকাশ কৰিছে।

      অইনিঃতমৰ এক বিশাল অংশ নৈপৰীয়া মিচিং লােকজীৱনৰ বিষয়বস্তুৰে আৱৰি আছে। চহা কবিয়ে গীতসমূহত নদী আৰু পানীৰ উপমা দি লােকজীৱন আৰু লােকমনক সেইবােৰৰ লগত তুলনা কৰিছে। প্রেমেই অই নিঃতম প্রধান বিষয়বস্তু যদিও দুখ, বিষাদ,সুখ, আনন্দ, স্মৃতি, অভিশাপ, আশীর্বাদ, প্রেৰণা আৰু প্ৰতাৰণা ভৰা লােকমন আৰু লােকজীৱনৰ ছবিও অই নিঃতমত মন পৰশাকৈ অংকন কৰিছে। দুশাৰীযুক্ত অই নিঃতমৰ প্রথম শাৰীত মূলতঃ নদী বা পানীৰ প্রতি লােকমনৰ আকৰ্ষণৰ ভাব প্রকাশ পােৱা দেখা যায়-


              ‘আঃনৗ আচচৗম কাঃবেগয়ৗম পুমচালানা তৃঃলৃদাগ,

              লাক্কে পংকেপ পংকেপদ অইনক য়াল্লম কাঃবেদাগ।'

              'নদীৰ পানী দেখি পিয়াহ লাগিল

                     খাবৰ মন গ'ল

                     এচলু এচলু;

             আঁজলি ভৰাই পানী পিবলৈ লওঁতেই

                     আঙুলিৰ ফাঁকে ফাঁকে

                     পানীৰ চলুত

                    তােমাৰ প্রতিচ্ছবি দেখা পালোঁ।'


       ইয়াত প্রথম শাৰীত পানীখিনি দেখাৰ লগে লগে পিয়াহ লগা লােকমনৰ ভাৱ প্ৰকাশ পাইছে। আন এটা অই

নিঃতমত আছে-

            ‘আঃনৗ আচিদ পৃনয়েপৗ পৃনমৃল চুল্লিপ ইয়েপৗ,

            অইনম মৗঃনান আচিনচৗ মৗঙাঃদান্না চিয়েপৗ।'

            ‘নৈৰ পানী শুকাব শুকালে নৈখন

                     শুকান বালিলৈ ৰূপান্তৰিত হ'ব;

            তােমাৰ কথা ভাবি থকা মােৰ হৃদয়খন চাগে’

                    তােমাৰ কথা ভাবি ভাবিয়ে মৰহি যাব।

     চহা কবিয়ে ভালদৰেই জানে যে নৈৰ পানী শুকালেই ই বালিলৈ ৰূপান্তৰিত হােৱাৰ দৰে মানৱ জীৱন বা মনৰ

সজীৱতা হ্রাস পালে ক্রমে ক্রমে মানুহ মৃত্যুমুখী হয়। ইয়াত লােকজীৱনৰ অভিজ্ঞতাই হৃদয়স্পর্শী ৰূপত প্ৰকাশ পাইছে। জীৱনৰ পৰা উপলব্ধ অভিজ্ঞতাৰ ভাব প্রকাশাে লােক-সাহিত্যৰ অন্যতম স্বৰূপ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages