অ' মোৰ দুখৰ বাখৰ
তিলেশ্বৰ কামান
মোৰ অনুভূতিৰ পৰা তুমি সৰি আছা
হেৰাই আছা
মোৰ ভিতৰতে তোমাৰ সপক্ষে থিয় কৰা সকলো যুক্তি যুক্তিহীন হৈ পৰে দিনে দিনে
স্মৃতিৰ বৰপেৰাত ধূলিৰ তৰপ বাঢ়ে...
আচলতে তোমাক যে পাহৰিবলৈ ধৰিছো
এই কথা অনুভূত হ'লেই
মই বৰ বিচলিত হৈ পৰো...
মই আকৌ সজাবলৈ তৎপৰ হৈ পৰো
বিচ্ছেদিত ৰাতিৰ তাজমহল
উভতাই পাব খোজো
ফাটি যোৱা কলিজাটো বোকোচাত লৈ
নিচুকাই থকা সেই সময়....
অ' মোৰ দুখৰ বাখৰ
তোমাৰ অবিহনে জীৱনৰ সৌন্দৰ্য্য ক'ত...
No comments:
Post a Comment