ভােকৰ স্তৱক
ধন দাস
ভােকৰ বাবেই
পােহৰ সামৰি কবিতা এটা ওলাই যায়
সাজি পাৰি এন্ধাৰ গলিলৈ,
স্পন্দন নথকা উশাহবােৰে নাম থয় - অন্য
ভােকৰ বাবেই
দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰে
জপৰা চুলিৰ শীৰ্ণ কবিতা,
ইতিকিংবােৰে নাম থয় - অন্য
ভােকৰ বাবেই
নগৰবােৰৰ ডাষ্টবিনত বিচাৰি ফুৰে জীৱন
কুমলীয়া কবিতাই,
নাক কোচাই নাম থয় - অন্য
ভােকৰ বাবেই
আমি ঘঁহি থাকোঁ নিজক,
নিজক বিচাৰি ফুৰোঁ নিজৰ অজ্ঞাতেই
অথচ আমি মানুহৰ নাম থওঁ - অন্য
No comments:
Post a Comment