জীৱন
বুলমণি বৰি
এপাহ গোলাপ ফুলিছে
হৃদয়ত প্ৰেমাগ্নীৰ বৰষুণ
তিতিছো মাথো তিতিছো,,,
হৃদয়ে কয় আঁজোৰি আনা
সময়ে কয় নানিবা
মোৰ শূন্য দুহাতত
গোলাপৰ নাই নিৰাপত্তা,,,,
ভাৱনাত বিভোৰ
গভীৰ কোণত গোলাপৰ সুঘ্ৰাণ
দুচকু মুদিলেই দেখোঁ
কাঁইটৰ বিশাল বেৰা
এয়েতো জীৱন
এই যে জ বৰ্ণৰ লগত লাগি থকা
ঈ কাৰডাল
মাজত ৱ বৰ্ণতো যেন জটিল
ন বৰ্ণৰ আকৌ কথাই সুকীয়া
যেনে÷ নাযাওঁ ,নাহিবা ,নিদিওঁ, নাখাওঁ ইত্যাদি
বহু ছাইৰঙী শব্দ
যি বৰ্ণৰ বাবে জীৱন শব্দৰ
পাৰ নোপোৱা সংজ্ঞা,,,,
কোনোবা হাতদীঘলে আঁজোৰি নিব
সৌন্দৰ্য্যৰ ছাঁত জিৰণি লব
আৰু মই
হেঁপাহবোৰ মুঠিয়াই বান্ধিম
সপোনবোৰ কবৰ দিম
এই যে ন বৰ্ণৰে আৰম্ভ হোৱা
ডেউকা ভঙা শব্দবোৰ
মোৰ লগৰী হব
চিৰলগৰী ,চিৰলগৰী ।।
No comments:
Post a Comment