কৃতিত্ব
লক্ষী প্ৰসাদ ৰেগন
কোনোবাই মোক মনত ৰাখিব এই কথা সপোনৰো অগোচৰ
কথাৰ পাক ছিঙা মানুহতকৈ
জৰিৰ পাক ছিঙা মানুহক খুব সহজতে পাহৰে মানুহে
পৰিপক্ক মন এটা লৈ মানুহৰ মাজলৈ
যোৱা হেঁপাহ আছিল মোৰো
তেনে কোনখন আইনাৰে মই নিজকে প্ৰতিদিনে চাওঁ
কোনখন মুখেৰেনো নিজকে সান্ত্বনা দিওঁ
ভঙা আইনাত মুখখন চাই
দৈনন্দিন লাগ-বান্ধ নথকা প্ৰশ্নৰ মুখামুখি হওঁ
কাৰোবাৰ প্ৰতিমূৰ্তি দেখি ভাবো। মানুহ ক'ৰ পৰা ক'লৈ যায়
সময়ৰ নিখুঁত বিচাৰত থমকি ৰ'লো
য'ৰ পৰা আৰু কেইটামান খোজ দিয়াৰ হাবিয়াস আছিল মোৰ
গছজোপাৰ বয়স হ'ল বাবেই। বুঢ়া ডাঙৰীয়া ভয়তে
মানুহবোৰে হাত নিদিয়া হ'ল
এৰা, মানুহে মানুহকো এইদৰে সমীহ কৰা হ'লে
মই এদিন দিকচৌ বাটৰ পথিক হ'লো
মাজ বাটতে অশনি সংকেত এটাই টুকুৰিয়ালে
মোৰ কৰ্ণকুহৰত
ৰৈ দিলো।
কোনোবাই মোক পিছফালৰ পৰা মাতিছে
ঘূৰি চাই দেখো আধাকটা গছ এজোপা আহি থকা
মনটোক কিহবাই খামুচি ধৰিলে
বিকট চিঞৰ এটাৰ ভিতৰত মই দিগ্বিদিক হেৰুৱালো
খেপিয়াই খেপিয়াই কোনোমতে
চুবুৰি এটাৰ উমান পালোঁ। য'ত মই নিশাটো কটালো
No comments:
Post a Comment