ঘড়ী
টম মেদক
মই সময়ৰ ব্যৱসায়ী
বেচা-কিনা কৰোঁ
আৰু যি এপইচা আয়ৰ ঘৰত সােমায়
হয়, তাৰে বেলিক পােহপাল দিওঁ
বেলি মােৰ বাঁওহাতৰ অচল ঘড়ী
পূজাৰ পুতলা ঘড়ী
প্রিয় বন্ধুৱে আলফুলে কলমেৰে আঁকি দিয়া
চিয়াঁহীৰ ঘড়ী
ৰাজ’পুখুৰীত বৰশীৰ টোপ পেলাই দিওঁতে
হঠাৎ দেখা পানীৰ ঘড়ী
আৰু লৰি গৈ থিয়ৈ থিয়ে পেচাবৰ চিনত
জিলিকি উঠিছে
নদীৰ শুকান বালিৰ ঘড়ী...।
No comments:
Post a Comment